• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৎকাল যা-যোগাৰে “অন্ধকাৰ” কৰিলে হস্তীৰ গুজৰাট গমন

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 28, 2019 11:02 pm
Tatkal arrangements make elephants journey to Gujarat “murky”

'বাবুলাল'ৰ সৈতে নন্দেশ্বৰ মৰাণৰ ভাতৃ মনেশ্বৰ মৰাণ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটলৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ মাজত চাৰিটা হাতী পৰিবহণৰ পৰিকল্পনা স্থগিত ৰাখিবলৈ অসমৰ বন বিভাগে লোৱা সিদ্ধান্তত বন্যপ্ৰাণী অধিকাৰ কৰ্মীসকলক উৎফুল্লিত হৈ পৰিছে।

কিন্তু, আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ হাতী চাৰিটা পৰিবহণৰ প্ৰাৰম্ভিক সিদ্ধান্তটো উঠাই ল’বলৈ অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ৰঞ্জনা গুপ্তাক ইমান সময় লাগিল কিয়?

Apply Now

অপ্ৰাপ্তবয়স্ক হাতী চাৰিটাৰ পৰিবহণ প্ৰক্ৰিয়াটো খৰধৰ কৰিবলৈ অসমৰ বন বিভাগৰ ওপৰত কোনো ধৰণৰ এক “চাপ” আছিল নেকি?

গুজৰাটলৈ হাতী চাৰিটাৰ পৰিবহণত অসমৰ বন বিভাগে স্পষ্টকৈ অনুমতি প্ৰদান কৰিছিল।

জয়তাৰা নামৰ হাতীজনীৰ বাবে গুজৰাটৰ বন বিভাগে আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ (Letter no. WLP/26/B/1020/2019-20, dated 12/06/2019) দিয়াৰ দিনাই অসমৰ বন বিভাগেও পৰিবহণৰ অনুমতি (Office order no. 396) প্ৰদান কৰিছিল।

একেদৰে, বাবুলাল নামৰ অপ্ৰাপ্তবয়স্ক মতা হাতীটোক গুজৰাট বন বিভাগে আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল ১২ জুনত, আৰু একেদিনাই অসমৰ বন বিভাগে পৰিবহণৰ অনুমতি (Office order no. 397) প্ৰদান কৰিছিল।

আন দুটা হাতী— ৰূপসিং আৰু ৰাণীৰ কাহিনী আৰু আকৰ্ষণীয়। দুয়োটা হাতীয়েই বন্দী অৱস্থাত জন্ম হোৱা নহয় আৰু বনৰ পৰা ধৰা বুলি সন্দেহ কৰা হৈছে।

ৰূপসিঙৰ ক্ষেত্ৰত গুজৰাটৰ পৰা আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ আহিছিল ১৩ জুনত, আৰু অসমৰ বন বিভাগে পৰিবহণৰ অনুমতি (Office order no. 401) সেইদিনাই প্ৰদান কৰিছিল। ৰূপসিঙক ১৩ জুনৰ দিনাই মাইক্ৰ’চিপ লগোৱা হৈছিল বুলি নিৰ্দেশটোত উল্লেখ আছিল।

ৰূপসিঙৰ বাওঁফালৰ আগঠেঙত উপশম নোহোৱা গুলীৰ আঘাত থকাৰ কথা অসমৰ বন বিভাগে জনা নাছিল নেকি?

ৰাণী নামৰ চতুৰ্থ হাতীজনীৰ পৰিবহণৰ অনুমতি দিয়া হৈছিল ১৪ জুনত, আৰু গুজৰাট বন বিভাগৰ আপত্তিহীনতাৰ প্ৰমাণ পত্ৰও সেইদিনাই জাৰি কৰা হৈছিল। মাইকী অপ্ৰাপ্তবয়স্ক হাতীজনীকো ১৩ জুনতে মাইক্ৰ’চিপ লগোৱা হৈছিল।

হুকুমদাৰ খান নামৰ জনৈক ব্যক্তিৰ ভূমিকাই গুজৰাটৰ জগন্নাথ মন্দিৰলৈ হাতী পৰিবহণৰ সমগ্ৰ বিতৰ্কটোকে “অন্ধকাৰ” কৰি পেলালে, কাৰণ তেওঁ আছিল এগৰাকী “দালাল”।

হাতীকেইটাৰ পৰিবহণৰ অগ্ৰগতি বুজ লোৱাৰ বাবে জগন্নাথ মন্দিৰৰ প্ৰতিনিধি দলৰ গুৱাহাটীলৈ অহাৰ সময়ত বুধবাৰে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন কাৰ্য্যালয়ত হুকুমদাৰ খানো উপস্থিত আছিল।

অৱশেষত বৃহস্পতিবাৰে অসমৰ বন বিভাগে তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ অপ্ৰাপ্তবয়স্ক হাতী চাৰিটা পৰিবহণৰ সিদ্ধান্ত স্থগিত ৰখাৰ সিদ্ধান্ত ল’লে।

ৰঞ্জনা গুপ্তাই নিৰ্দেশটোত কৈছে যে উত্তৰ ভাৰতত চলিত গ্ৰীষ্ম প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত হাতীকেইটাৰ পৰিবহণৰ নিৰ্দেশটো স্থগিত ৰখা হৈছে।

বুধবাৰে সন্ধিয়া পশু বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ সঁহাৰিৰূপে স্থগনাদেশৰ বাহিৰে অসমৰ বন বিভাগৰ হাতত আন উপায় নাছিল।

পশু বিশেষজ্ঞসকলে মত পোষণ কৰিছিল যে খুব কম ঘৰ্মগ্ৰন্থি থকা বাবে হাতীৰ তাপ নিয়ন্ত্ৰণ ব্যৱস্থাটো অত্যন্ত দুৰ্বল, যাত্ৰাকালত হাতীকেইটাৰ হীট ষ্ট্ৰ’ক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল।

আশ্চৰ্য্যজনকভাৱে, ৰূপসিং আৰু ৰাণীৰ বন্দী অৱস্থাত জন্মৰ বিষয়টোত অসমৰ বন বিভাগে “সন্দেহ” “আওকাণ” কৰিলে।

বনৰীয়া জন্তু ধৰাৰ ক্ষেত্ৰত বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অত্যন্ত কঠোৰ বিধি আছে, আইনখনৰ ধাৰা ২(১৬)ত ইয়াক চিকাৰ ৰূপে সংজ্ঞায়িত কৰা হৈছে।

আইনখনৰ ৯নং ধাৰাই ১নং সূচীৰ জন্তু হিচাপে বনৰ পৰা হাতী ধৰা নিষিদ্ধ কৰিছে। ই এক অ-আপোচসাধ্য অপৰাধ, তিনিৰ পৰা সাত বছৰলৈকে কাৰাৱাসযোগ্য, আৰু জৰিমনা ন্যূনতম ১০০০০টকা।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd