DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত ধোঁৱাচাঙত সামাজিক ব্যৱধান

আধাৰ কাৰ্ডৰ কাম, অৰুণোদয় আঁচনিৰ বাবে প্ৰমাণপত্ৰ বিচাৰি ভিৰ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
September 1, 2020 8:48 pm
Social distancing goes for a toss in Nagaon's Samaguri
112
VIEWS
Share on FacebookShare on Twitter

নগাওঁ জিলাৰ চামগুৰিত সামাজিক ব্যৱধানৰ সকলো নিয়ম যেন এতিয়া ধোঁৱাচাঙত উঠিছে৷

‘অৰুণোদয়’ আচঁনিৰ বাবে প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত কভিড১৯ৰ স্বাস্থ্য বিধিৰ সকলো নিয়মক বৃদ্ধাংগুষ্ঠ দেখুৱাইছে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ জনসাধাৰণে৷

চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱা ৰাইজক সামাজিক ব্যৱধান মানি চলিবলৈ পৰামৰ্শ দি ভাগৰি পৰিবলগীয়া হৈছে ৰাজহ চক্ৰটোত কৰ্মৰত দুগৰাকীকৈ ৰাজহ চক্ৰ বিষয়াই।

চামগুৰিৰ এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত ‘অৰুণোদয়’ আচঁনিৰ বাবে প্ৰয়োজনীয় বাৰ্ষিক আয়ৰ প্ৰমান পত্ৰৰ বাবে প্ৰতি দিনেই অভাৱনীয় ভাবে ভিৰ কৰিবলৈ লৈছে অসংখ্য হিতাধিকাৰীয়ে।

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰি থকাৰ সময়তে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নিৰ্দেশনা জাৰি কৰি থকা হৈছে যদিও সকলো নিৰ্দেশনা ভৰিৰে মোহাৰি নিতৌ এক মেলা সদৃশ পৰিবেশৰ সৃষ্টি হৈছে চামগুৰিৰ এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত।

উল্লেখ্য যে, কিছুদিন পূৰ্বে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়া গৰাকীৰ লগতে কেইবাজনো কৰ্মচাৰী কৰ’না ভাইৰাছত আক্ৰান্ত হৈ কাৰ্যালয়টো হটস্পত হিচাবে পৰিণত হৈ পৰিছিল।

ইমানৰ পাছতো কোনো ধৰণৰ শিক্ষা নলৈ চৰকাৰী নীতি নিৰ্দেশনা ভেঙুচালি কৰি এনে ধৰণৰ মেলা সদৃশ পৰিবেশ সৃষ্টি কৰাক লৈ সচেতন লোক সকল বাৰুকৈয়ে চিন্তিত হৈছে।

এখন এখন আয়ৰ প্ৰমান পত্ৰৰ বাবে বৃদ্ধ-বৃদ্ধা, পুৰুষ-মহিলাকে ধৰি ৰাজহ চক্ৰটোৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা বহু লোক নিতৌ আহিব লগা হৈছে।

আজিৰ দিনটোতে পাঁচ শতাধিক আবেদন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে।

বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰৰ বাবে নিতৌ শ শ লোক কাৰ্যালয়টোত উপস্থিত হৈছে যদিও ৰাইজৰ বাবে প্ৰশাসনে যোগান ধৰিব পৰা নাই কোনো চাবোন, পানী আৰু চেনিটাইজাৰৰ ব্যৱস্থা।

আনকি অধিকাংশ লোকে ব্যৱহাৰ কৰা নাই মাস্ক।

এনে ধৰণে যদি নিতৌ অভাৱনীয় ভিৰ হৈ থাকে তেন্তে আগন্তুক দিনত যে চামগুৰিত কৰ’না ভাইৰাছে মাৰাত্মক ভাবে সংক্ৰমণ হৈ ভয়ংকৰ পৰিবেশ সৃষ্টি হ’ব সেইটো নিশ্চিত।

আনহাতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত চলচলি মৌজাদাৰৰ অলপতে মৃত্যু হোৱাত মৌজাটোৰ খাজনা সমূহো এই কাৰ্যালয়তে সংগ্ৰহ কৰাৰ বাবেও ৰাইজৰ সমাগম বৃদ্ধি পাইছে।

ইপিনে আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ নামতো চামগুৰিৰ গড়কাপ্তানী পৰিদৰ্শন ভৱনত অস্থায়ী ভাবে স্থাপন কৰা আধাৰ কেন্দ্ৰতো অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈছে।

কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীয়ে অভাবনীয় ভীৰৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈকে বাৰশ আবেদন সংগ্ৰহ কৰি তিনি দিনৰ বাবে আবেদন সংগ্ৰহ বন্ধ কৰি দিছে বুলি জানিব পৰা গৈছে।

স্থানীয় প্ৰশাসনে চামগুৰিত এনে অভাৱনীয় ভিৰ কেনেদৰে নিয়ন্ত্ৰণ কৰি সামাজিক ব্যৱধান পালন কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd