• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰ অঞ্চলত ব্যাপক হাৰত মাটিৰ খননঃ উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী,বন মন্ত্ৰীৰ হস্তক্ষেপ কামনা

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 18, 2022 4:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত বৈধ তথা অবৈধ ভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠা কিছুসংখ্যক ইটাভাটাই ৰয়েল্টি ফাঁকিৰে বৃহৎ লুণ্ঠনৰাজ চলাই যোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।উল্লেখ্য যে ৰাজহ চক্ৰখনৰ অন্তৰ্গত বহলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অধীনত গঢ়ি উঠা ২০ টা আৰু শালকোচা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত গঢ়ি উঠা ৩৬ টা ইটাভাটাই অঞ্চলটোৰ চৰকাৰী ‘খাছ’ ভূমি, কৃষিভূমি, বনাঞ্চলৰ ভূমি তথা আৰ্দ্ৰভূমি খনন তথা ব্যৱহাৰ কৰি বৃহত্তৰ অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্য ৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে প্ৰতি বছৰে প্ৰতিটো ইটাভাটাই গড়ে ২০ হাজাৰৰো অধিক কিউবিক মিটাৰ( চি এম) মাটি ইটা প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰে ।চ

ৰকাৰী নিৰিখ মতে প্ৰতি ‘চি এম’ মাটিৰ বিপৰীতে ইটাভাটাই বনবিভাগক পঞ্চলিছ টকাকৈ ৰয়েল্টি হিচাপে দিব লাগে । প্ৰকৃততে এই ৫৬ টা ইটাভাটাই প্ৰতি বছৰে মাটিৰ ৰয়েল্টি বাবদ কমেও চাৰে পাঁচ কোটি টকা চৰকাৰক আদায় দিব লাগে যদিও ইটাভাটাকেইটাই নাম মাত্ৰ জৰিমনা হিচাপে আদায় দিয়েই নিজৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি অভিযোগ উঠিছে। ইটাভাটাসমূহে নিজাববীয়াকৈ কিম্বা মাটি খননক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চিণ্ডিকেট চক্ৰ এটাৰ জৰিয়তে কৃষি ভূমি, ৰঙা মাটি , চাপৰিৰ মাটি, নৈ পৰিয়া বালি মাটি ,বনাঞ্চল আদিৰ পৰা অবৈধ ভাৱে মাটি খনন কৰি থকা পৰিলক্ষিত হৈছে। ছিণ্ডিকেট চক্ৰটোৱে ১০০০ চি এম মাটি খননৰ ৰয়েল্টি জমা দিয়াৰ বিপৰীতে উক্ত নিৰ্ধাৰিত স্থানৰ পৰা হেজাৰ হেজাৰ চি এম মাটি খনন কৰি থকাৰো গুৰুতৰ অভিযোগ পোৱা গৈছে।

Apply Now

বনাঞ্চলিক বিষয়াই মাটি খনন কৰা চক্ৰটোক প্ৰতিখন ট্ৰাকৰ বিপৰীতে প্ৰতিদিনে ছয় ঘণ্টাৰ বাবে ৫ চি এম মাটি কঢ়িয়াবলৈ চালান দিয়ে যদিও উক্ত ট্ৰাকসমূহে একেখন চালানেৰে গোটেই দিন ধৰি মাটি কঢ়িওৱা দেখা যায়। আনহাতে উক্ত চালানত মাটিখিনি ক’ত লৈ যাব সেই সংশ্লিষ্ট ইটাভাটাটোৰ নাম থাকে যদিও মাটিখিনি কৰ পৰা খনন কৰা হৈছে সেই নিৰ্ধাৰিত জি পি এছ কৰা স্থানটোৰ নাম কৌশলেৰে উল্লেখ কৰাৰ পৰা বিৰত থাকি সংশ্লিষ্ট ৰাজহ গাওঁখনৰ নামহে উল্লেখ কৰে।

ৰয়েল্টি জমা দিয়া সংশ্লিষ্ট স্থানত জোখ-মাপ কৰিলেই কিমান মাটি খনন কৰা হৈছে সেই কথা ওলাই পৰিব যদিও বন বিভাগে ৰহস্যজনক কাৰণত খনন কৰা মাটিৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ পৰাও বিৰত আছে। জানিব পৰা মতে পুৱতি নিশাৰ পৰা আৰম্ভ কৰি নিশা লৈকে চাপৰৰ ৰাষ্ট্ৰীয় ঘাই পথ , চাপৰ অঞ্চলৰ ভিতৰুৱা পথ , বনাঞ্চলৰ মাজৰ পথ আদিয়ে দি বিয়াগম বিয়াগম ডাম্পাৰে দি অভাৰলোড মাটি বজাই দি কঢ়িয়াই থকাৰ উপৰি ট্ৰেক্টৰ , সৰু বৰ বাহনে দি মাটি কঢ়িযাই থকা দেখি সচেতন মহল আৰু প্ৰকৃতিপ্ৰেমী সকলৰ মাজত নান ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছে।

এই খনন কাৰ্য সমূহ কিমান বৈধ আৰু কিমান অবৈধ ভাবে চলি আছে এই সমগ্ৰ বিষয় সম্পৰ্কে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ প্ৰকৃতি প্ৰেমী সংগঠন তথা সমাজ সচেতন স্থানীয় ৰাইজ আদিয়ে ৰাজ্যৰ বন মন্ত্ৰীৰ হস্তক্ষেপৰ লগতে ধুবুৰীৰ উপায়ুক্তক আহ্বান জনাইছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd