• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিটেনশ্যন কেম্পৰ পৰা স্বগৃহলৈ সোনাউল্লাহ; বকোৰ গাঁৱত আনন্দ-উল্লাসৰ পৰিৱেশ

আদালতৰ চৰ্ত : কামৰূপ জিলাৰ বাহিৰলৈ যাব নোৱাৰিব

by
June 8, 2019 8:55 pm
ডিটেনশ্যন কেম্পৰ পৰা স্বগৃহলৈ ওভতাৰ পিছত সোনাউল্লাহ তেওঁৰ পত্নীৰ সৈতে। ফটো : য়ু বি।

ডিটেনশ্যন কেম্পৰ পৰা স্বগৃহলৈ ওভতাৰ পিছত সোনাউল্লাহ তেওঁৰ পত্নীৰ সৈতে। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১ দিন ডিটেনশ্যন কেম্পত থকাৰ অন্তত শনিবাৰে স্বগৃহলৈ উভতিল প্ৰাক্তন সেনা বিষয়া সোনাউল্লাহ।

আদালতে ৭ জুনত অন্তৰ্ৱৰ্তী জামিন দিয়াৰ পিছত মুকলি আকাশৰ তললৈ অহাৰ সুযোগ পায় আৰক্ষীয়ে “ঘোষিত বিদেশী” হিচাপে বন্দী কৰা কাৰ্গিল যুদ্ধৰ সৈনিক তথা পাছলৈ অসম আৰক্ষীৰ সীমান্ত শাখাৰ উপ-পৰিদৰ্শকজনে।

Apply Now

আজি দিনৰ ভাগত গোৱালপাৰৰ ডিটেনশ্যন কেম্পৰ পৰা তেওঁক আমিনগাঁৱত থকা কামৰূপ জিলাৰ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়লৈ অনা হয়। ইয়াত যাৱতীয় আনুষ্ঠানিকতাৰ পাছতেই তেওঁক বকোৰ ঘৰলৈ যাবলৈ দিয়া হয়।

জামিন লাভ কৰিলেও আদালতে তেওঁৰ ওপৰত চৰ্ত আৰোপ কৰিছে। জামিনত থকা কালছোৱাত আদালতৰ অনুমতি নোহোৱাকৈ তেওঁ কামৰূপ জিলাৰ বাহিৰলৈ যাব নোৱাৰিব।

ইপিনে, সোনাউল্লাহ মুকলি আকাশৰ তললৈ অহাৰ পাছতেই তেওঁৰ বকোৰ কলহীকাষ গাঁৱত আনন্দ-উল্লাসৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। আত্মীয়-স্বজনৰ লগতে বিভিন্ন দল-সংগঠন আৰু গাঁৱৰ ৰাইজে তেওঁক আদৰি লৈ যায়।

ইপিনে, মুক্তি লাভৰ পাছত গোচৰ সম্পৰ্কীয় বিশেষ কোনো কথাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই সোনাউল্লাহে। তেওঁ কেৱল “আইনৰ ওপৰত ভৰসা আছে, আইনে মোক ন্যায় দিব” বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ১৯৬৭ চনত জন্ম গ্ৰহণ কৰা সোনা উল্লাহে ভাৰতীয় সেনাত ৩০ বছৰ ধৰি কাম কৰিছিল আৰু অনাৰেৰি কেপ্টেইন হিচাপে ২০১৭ চনত অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছতো তেওঁ বিদেশী হিচাপে গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে অসম আৰক্ষীৰ সীমান্ত শাখাত উপ-পৰিদৰ্শক হিচাপে কাম কৰি আছিল।

বিদেশী ন্যায়াধিকৰণৰ আদেশ মৰ্মে অসম আৰক্ষীয়ে ২৮ মে’ত কামৰূপ জিলাৰ বকোৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সোনা উল্লাহক। তেওঁৰ গ্ৰেপ্তাৰে সমগ্ৰ ৰাজ্যত এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd