ৰাইজৰ প্ৰাণৰ বিনিময়ত চৰকাৰী ৰাজহ সংগ্ৰহ! সোণাপুৰ আৰু ক্ষেত্ৰীৰ মাজৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ ট্ৰেভেলাৰ দুৰ্ঘটনাই এতিয়া চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চৰম গাফিলতিক উদঙাই দিছে। জনসাধাৰণে চকাটো ঘূৰিলেই টোলগেটত কৰ দিবলগীয়া হয়, কিন্তু তাৰ বিনিময়ত চৰকাৰী কৰ্তৃপক্ষই তেওঁলোকক সুৰক্ষিত পথৰ সলনি মৃত্যুৰ ফান্দহে উপহাৰ দিছে।
সোণাপুৰ আৰু ক্ষেত্ৰীৰ মাজৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু আৰু ৩ জন আহত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। পৰিস্থিতিৰ বুজ লৈ তেওঁ নিহতসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য আৰু আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ অভাৱৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাটো স্পষ্ট হোৱাত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মেৰামতিৰ নিবিদা লাভ কৰা ঠিকাদাৰক বৰ্খাস্ত কৰাৰ লগতে দিছপুৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দুজন বিষয়াক আটক কৰিছে। ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন জৰুৰী বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক পথচোৱা মেৰামতিৰ বাবে ৭ দিনৰ সময়সীমা বান্ধি দিয়া হয়। ইফালে, ক্ষুব্ধ ৰাইজে পথ নিৰ্মাণ নকৰা পৰ্যন্ত টোলগেটত কৰ নিদিয়াৰ সিদ্ধান্ত লোৱাত মুখ্যমন্ত্ৰীয়েও মুকলি সমৰ্থন জনাই কয় যে ৰাইজে সিদ্ধান্ত ল’লে তেওঁ তাক নাকচ কৰিব নোৱাৰে।
নিয়ম অনুসৰি টোল কৰ সংগ্ৰহ কৰাৰ বিনিময়ত কৰ্তৃপক্ষই ২৪ ঘণ্টাই পথৰ নিৰীক্ষণ, তাৎক্ষণিক মেৰামতি আৰু জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়াবলৈ বাধ্য। কিন্তু সোণাপুৰৰ দুৰ্ঘটনাই প্ৰমাণ কৰিলে যে এইবোৰ নিয়ম কেৱল কাগজতে সীমাবদ্ধ। প্ৰশ্ন হয়, ৭ জন নিৰীহ লোকৰ মৃত্যুৰ পূৰ্বে চৰকাৰী যন্ত্ৰটো কিয় শুই আছিল? নিম্নমানৰ পথ আৰু কৰ্তৃপক্ষৰ এনে চূড়ান্ত গাফিলতিৰ বিৰুদ্ধে এতিয়া ৰাইজে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ‘জীৱনৰ অধিকাৰ’ৰ ভিত্তিত, তথা মটৰ বাহন আইন আৰু গ্ৰাহক সুৰক্ষা আইনৰ অধীনত দায়ী চৰকাৰী বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ তৰাৰ সম্পূৰ্ণ অধিকাৰ সাধাৰণ জনতাৰ আছে। এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে চৰকাৰী অৱহেলাৰ ফল সাধাৰণ জনতাই নিজৰ তেজৰ বিনিময়ত ভৰিবলগীয়া হৈছে।



