• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2026 3:20 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষেত্ৰী আৰু সোণাপুৰৰ মাজত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জনকৈ লোকৰ কৰুণ মৃত্যু হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। এই ঘটনাত ক্ষুব্ধ হৈ স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শেহতীয়া খবৰ অনুসৰি ক্ষুব্ধ প্ৰতিবাদী ৰাইজে সোণাপুৰ টোলগেটখন সম্পূৰ্ণৰূপে উচ্ছেদ কৰে।

 

Apply Now

এই ভয়ংকৰ ঘটনাৰ পাছতেই গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এখন জৰুৰী আৰু গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থকা ডিমৰীয়াৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰিং ৰোড কৰ্তৃপক্ষক এই দুৰ্ঘটনাৰ বাবে জবাবদিহি কৰে। মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ এনে চৰম দায়িত্বজ্ঞানহীনতাক লৈ ক্ষোভ প্ৰকাশ কৰে। আনহাতে, উপস্থিত ৰাইজে দুৰ্ঘটনাত নিহত আৰু আহতসকলক উচিত ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত আৰু পথটো পুনৰ নিৰ্মাণ নকৰা পৰ্যন্ত কোনো ধৰণৰ টোল কৰ আদায় নিদিয়াৰ হুংকাৰ দিয়ে।

 

এই গুৰুত্বপূৰ্ণ বৈঠকত সাংসদ বিজুলী কলিতা মেধি, স্থানীয় বিধায়ক ড০ তপন দাস, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল, পৰিবহন বিষয়া হিমাংশু দাস আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দুজন উচ্চপদস্থ বিষয়া উপস্থিত থাকে। বৈঠকত সিদ্ধান্ত মৰ্মে সোণাপুৰৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক আজিৰ পৰা ৭ দিনৰ কঠোৰ সময়সীমা বান্ধি দিয়া হৈছে। মেৰামতিৰ কাম নিৰীক্ষণ কৰিবলৈ জিলা পৰিবহন বিষয়া, সোণাপুৰৰ মহকুমা আৰক্ষী বিষয়া, চক্ৰ বিষয়া, প্ৰকল্প সঞ্চালক আৰু দুজন স্থানীয় লোকক লৈ এখন বিশেষ কমিটী গঠন কৰা হৈছে। এই কমিটীয়ে অহা ৮ ছেপ্টেম্বৰত পথ নিৰ্মাণৰ অগ্ৰগতিৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব লাগিব।

 

আনহাতে, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে স্পষ্ট কৰি দিয়ে যে দুৰ্ঘটনাস্থলীত বৃহৎ গাঁত আছিল আৰু ইয়াত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ফালৰ পৰাও সম্পূৰ্ণ গাফিলতি আছিল। যদিও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথৰ দায়িত্বত থকা ঠিকাদাৰক জগৰীয়া কৰিবলৈ চেষ্টা কৰিছে, জিলা আয়ুক্তগৰাকীয়ে কয় যে ঠিকাদাৰী সংস্থাই ঘনে ঘনে নীতি-নিয়ম আৰু ঠিকাদাৰ সলনি কৰি থকাটোও এটা ডাঙৰ সমস্যা। স্থানীয় ৰাইজে উত্থাপন কৰা অন্যান্য সমস্যাসমূহ অহা ৩ ছেপ্টেম্বৰত জিলা আয়ুক্তৰ নেতৃত্বত থকা পথ সুৰক্ষা সমিতিৰ জৰিয়তে পৰ্যবেক্ষণ আৰু আলোচনা কৰা হ’ব।

 

ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভুলৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু দিছপুৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দুজনকৈ বিষয়াক আটক কৰিছে। জানিব পৰামতে পৰিস্থিতিৰ বুজ ল’বলৈ আজি বিয়লি ২:৩০ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বয়ং সোণাপুৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব।

 

 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd