• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাজা-ইৰাণত ইজৰাইলৰ আক্ৰমণক লৈ ভাৰত চৰকাৰ ‘মৌন’, সৰৱ ছোনিয়া গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2025 12:37 pm
380
VIEWS
Share on FacebookShare on Twitter

গাজা আৰু ইৰাণত ইজৰাইলৰ আক্ৰমণৰ সন্দৰ্ভত ভাৰত চৰকাৰে মৌনতা অৱলম্বন কৰাৰ বাবে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে তীব্ৰ সমালোচনা কৰিছে। তেওঁৰ ভাষাত এয়া কেৱল দেশৰ কণ্ঠ হেৰুৱাই নহয়, মূল্যবোধৰ আত্মসমৰ্পণো।

সৰ্বভাৰতীয় কাকতত প্ৰকাশিত এটা প্ৰবন্ধত ছোনিয়া গান্ধীয়ে লিখিছে, “গাজা আৰু ইৰাণত ইজৰাইলৰ একপক্ষীয় আগ্ৰাসনৰ পিছতো ভাৰতৰ (ভাৰতীয় কেন্দ্ৰীয় চৰকাৰ) মৌনতা অতি চিন্তনীয়। এয়া কেৱল কূটনৈতিক নিষ্ক্ৰিয়তা নহয়, ই আমাৰ নিজৰ কণ্ঠস্বৰ হেৰুৱাৰ সমান।”

তেওঁ আৰু কয় যে এই স্থিতি বাৰে বাৰে শান্তিপূৰ্ণ সহাৱস্থানৰ বাৰ্তা দিয়া ভাৰতৰ দীৰ্ঘদিনীয়া ‘দুখন ৰাষ্ট্ৰৰ সমাধান’ নীতিৰ পৰিপন্থী। ভাৰতৰ পৰম্পৰাগত স্থিতিৰ পৰা নৰেন্দ্ৰ মোডী চৰকাৰ বিচ্যুত হোৱাৰ অভিযোগ উত্থাপন কৰে গান্ধীয়ে।

‘এতিয়াও দেৰি হোৱা নাই’। প্ৰকাশিত প্ৰবন্ধটোত এই কথাই কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁৰ ভাষাত ভাৰতে এটা স্পষ্ট বাৰ্তা দিব লাগিব, দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু কূটনৈতিক পৰ্যায়ত সক্ৰিয় হৈ পশ্চিম এছিয়াত শান্তিপূৰ্ণ আলোচনাৰ পথ প্ৰশস্ত কৰিব লাগিব।

নিজৰ লেখাত ছোনিয়া গান্ধীয়ে ইজৰাইলৰ আক্ৰমণক তীব্ৰ সমালোচনা কৰি কয় যে বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰে সংঘটিত কৰা এই আক্ৰমণ সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰোধী। ই ইৰাণৰ সাৰ্বভৌমত্বক পোনপটীয়াকৈ আক্ৰমণ কৰিছে। ছোনিয়াই অভিযোগ কৰে যে শান্তিৰ পৰিৱৰ্তে নেতানিয়াহুৰ নেতৃত্বত প্ৰৰোচনা দিয়া হৈছে। তেওঁলোকে বাৰে বাৰে উগ্ৰপন্থাৰ পোষকতা কৰিছে।

ছোনিয়াই আমেৰিকাকো লক্ষ্য কৰি লৈছে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কেৱল ভাৰত বা ইজৰাইলকে নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকো কাঠগড়াত তুলিছে। তেওঁ অভিযোগ কৰে যে “এসময়ত আমেৰিকাৰ ‘অন্তহীন যুদ্ধ’ক লৈ প্ৰশ্ন উত্থাপন কৰা ট্ৰাম্পে এতিয়া ইৰাণৰ বিষয়ে ভুল তথ্য বিয়পাইছে। আমেৰিকাৰ চোৰাংচোৱা মুৰব্বীৰ সতৰ্কবাণীকো আওকাণ কৰি তেওঁ কৈছে যে ইৰাণ পাৰমাণৱিক হেনো অস্ত্ৰৰ কাষ চাপিছে।”  এই বক্তব্যক “গভীৰভাৱে হতাশাজনক” বুলি অভিহিত কৰিছে ছোনিয়া গান্ধীয়ে।

Recent News

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd