NORTHEAST NOW (Assamese)

ছ’নি টিভিৰ ৰিয়েলিটি শ্ব’ ‘চুপাৰ ষ্টাৰ চিংগাৰ’ৰ ট’প ১৫ ত প্ৰৱেশ হৰ্ষিত নাথৰ

June 20, 2019 8:36 pm · পাৰ্শ্বজ্যোতি গগৈ
হৰ্ষিত নাথ

ৰাষ্ট্ৰীয় চেনেলযোগে প্ৰচাৰিত ৰিয়েলিটি শ্ব’ত উজলি উঠিছে পুনৰ এগৰাকী অসম সন্তান। শিৱসাগৰৰ ৮ বছৰীয়া শিশু হৰ্ষিত নাথে ছনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘চুপাৰ ষ্টাৰ চিংগাৰ’ৰ শীৰ্ষ ১৫ ত প্ৰৱেশ কৰিছে।

দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা অহা লাখ লাখ প্ৰতিযোগীৰ মাজৰ পৰা অসমক প্ৰতিনিধিত্ব কৰি হৰ্ষিতে নিজৰ সুৰীয়া কণ্ঠেৰে শীৰ্ষ ১৫ গৰাকীৰ মাজত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয়। অহা ২৯ জুনৰ পৰা পৰৱৰ্তী ৰাউণ্ড আৰম্ভ হ’ব।

পৰৱৰ্তী ৰাউণ্ডত অংশ গ্ৰহণৰ বাবে ইতিমধ্যে হৰ্ষিতে বুধবাৰে মুম্বাইলৈ উৰা মাৰিলে। যোৱাৰ পূৰ্বে হৰ্ষিতে সমূহ শিৱসাগৰ তথা অসমবাসী ৰাইজৰ মৰম আৰু আৰ্শীবাদ বিচাৰিছে যাতে তেওঁ শীৰ্ষ স্থান অধিকাৰ কৰিব পাৰে।

শিৱসাগৰৰ ধ্ৰুৱ নাথ আৰু চুজুকী নাথৰ পুত্ৰ হৰ্ষিত নাথে সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী আছিল। হৰ্ষিত বৰ্তমান শিৱসাগৰৰ অডিঅ’ চিটিৰ তত্ত্বাৱধানত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে।

শিৱসাগৰৰ অডিঅ’ চিটিত গীতৰ অনুশীলন কৰা ছাত্ৰ-ছাত্ৰীসকলক নিখুট ট্ৰেকত গীত গাবলৈ শিকোৱা হয়। সংগীতৰ কাৰিকৰী দিশ যেনে পাৰফৰ্মিং আৰ্ট, ড্ৰেচ ক’ড, ষ্টেজত আৰু ষ্টুডিঅ’ত কেনেদৰে গীত গোৱা হয়, গীতৰ জৰিয়তে দৰ্শক তথা বিচাৰকক কেনেদৰে আকৰ্ষিত কৰিব পাৰি সেই বিষয়ে অডিঅ’ চিটিৰ গুৰু অতনু বৰাই শিক্ষা প্ৰদান কৰাৰ লগতে গানৰ শিক্ষা দিয়ে জয়ন্ত দত্তই।

হৰ্ষিতৰ এই সাফল্যত অডিঅ’ চিটিৰ সমূহ পৰিয়ালৰ লগতে সমগ্ৰ শিৱসাগৰবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। লগতে হৰ্ষিতে ফাইনেলত প্ৰৱেশ কৰি বিজয়ী হৈ শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Related News