• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেদাৰলেণ্ডৰ বিৰুদ্ধে ১০৪ ৰানৰ লক্ষ্য খেদি কষ্টকৰ জয় দক্ষিণ আফ্ৰিকাৰ; সেইখন পিটচতে আজি আছে ভাৰত-পাকিস্তানৰ মেচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2024 9:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউয়ৰ্কৰ নাছাউ ষ্টেডিয়ামৰ পিটচখনে টী-২০ বিশ্বকাপত পুনৰবাৰ চকু কপালত তুলিলে। দেওবাৰে এই পিটচতে অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মেচ। ইয়াৰ পূৰ্বে শনিবাৰৰ খেলখনত নেদাৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকা দুয়োখন দেশৰ বেটছমেনে সমস্যাৰ সন্মুখীন হৈছিল। প্ৰতিটো ৰানৰ বাবে যুঁজিবলগীয়া হৈছিল।

প্ৰথমে বেটিং কৰি নেদাৰলেণ্ডে ৯টা উইকেট হেৰুৱাই ২০ অভাৰত ১০৩ ৰান সংগ্ৰহ কৰে। সেই ৰান খেদি দক্ষিণ আফ্ৰিকাও সমস্যাত পৰে। তেওঁলোকে কোনোমতে ৪ উইকেটত জয়ী হ’বলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ নায়ক ডেভিদ মিলাৰ অৰ্ধ শতকৰে অপৰাজিত হৈ থাকে।

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আইডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰত মাৰ্কো জান্সেনে এটা উইকেট দখল কৰে। তেওঁ মাইকেল লেভিটক শূন্য ৰাণত ঘূৰাই পঠিয়ায়। সেইটোৱেই আৰম্ভণি। নিয়মীয়া ব্যৱধানত উইকেট পৰিবলৈ ধৰে। পাৱাৰ প্লে’ত ৩ উইকেট হেৰুৱায় নেদাৰলেণ্ডে।

Apply Now
ফটো সৌজন্যঃ আইচিচি।

নেদাৰলেণ্ডৰ বেটছমেনৰ মাজত চাইব্ৰাণ্ড এংগেলব্ৰেচ্ট আৰু লগান ভান ৱাইকে এই যুটী বান্ধে। তেওঁলোকে দলটোক ৪৮ ৰানত ৬ উইকেটৰ পৰা শতক অতিক্ৰম কৰাবলৈ সক্ষম হয়। ৰান ৰেট কম হ’লেও তেওঁলোকে উইকেট হেৰুওৱা নাছিল। এই পিটচত এংগেলব্ৰেচ্টে ভাল বেটিং কৰে। তেওঁ ৪০ ৰান সংগ্ৰহ কৰি আউট হয়। ভেন বিকে ২৩ ৰান সংগ্ৰহ কৰে। নেদাৰলেণ্ডৰ ইনিংছ ১০৩ ৰানতে সমাপ্ত হয়। দক্ষিণ আফ্ৰিকাৰ বলাৰসকলৰ ভিতৰত অট’নেইল বাৰ্টমেনে ৪টা আৰু জান্সেন আৰু এনৰিচ ন’খিয়ে ২টাকৈ উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ আৰম্ভণি আৰু বেয়া আছিল। প্ৰথম বলত কুইণ্টন ডি’কক ৰান আউট হৈছিল। ৰিজা হেণ্ড্ৰিক্স, মাৰ্কৰাম আৰু হাইনৰিখ ক্লাচেনেও ৰান নাপালে। ১২ ৰানতে ৪ টা উইকেট হেৰুৱায় দক্ষিণ আফ্ৰিকাই। এনে লাগিছিল যেন দক্ষিণ আফ্ৰিকা আকৌ এবাৰ নেদাৰলেণ্ডৰ হাতত পৰাস্ত হ’ব।

ফটো সৌজন্যঃ আইচিচি।

তাৰ পৰাই মিলাৰে ইনিংছটো চম্ভালি লয়। তেওঁ ট্ৰিষ্টান ষ্টাবছৰ সৈতে যুটী বান্ধে। অভিজ্ঞতা কামত লগায় মিলাৰে। বাওঁহতীয়া বেটছমেনজনে দেখুৱাই দিলে যে তেওঁক কিয় এই দলৰ মেৰুদণ্ড বুলি কোৱা হয়। কঠিন পৰিস্থিতিত যুৱ ষ্টাবছেও ভাল খেলে। তেওঁলোকে খৰখেদা কৰা নাছিল। লাহে লাহে দলটোক জয়ৰ দিশে আগবঢ়াই নিয়ে।

Leading his side to an important victory 🫡

David Miller is awarded the @Aramco POTM after his steely half-century guides 🇿🇦 to a win against Netherlands 🙌#T20WorldCup | #NEDvSA pic.twitter.com/6H6t22Akds

— ICC (@ICC) June 8, 2024

কিন্তু যেতিয়া ষ্টাবছ ৩৩ ৰানত আউট হয়, তেতিয়া নেদাৰলেণ্ডে পুনৰ জয়ৰ গোন্ধ পাবলৈ আৰম্ভ কৰে। কিন্তু মিলাৰ তেতিয়াও ক্ৰীজত আছিল। তেওঁ আন কাৰো ওপৰত ভৰসা কৰা নাছিল। শেষত মিলাৰে কেইটামান ডাঙৰ শ্বট মাৰে। মেচখনত এটা অভাৰ বাকী থকা অৱস্থাত তেওঁ ছয় মাৰি দলক জয়ী কৰে। ৫১টা বলত ৫৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে মিলাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd