দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বকাপ অভিযানৰ আৰম্ভণি ঘটাইছে প্ৰটিয়াছ বাহিনীয়ে। প্ৰতিপক্ষ শ্ৰীলংকাৰ বলিং আক্ৰমণক তচনচ কৰি আজি দক্ষিণ আফ্ৰিকাই দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত গঢ়িছে ৰাণৰ পাহাৰ। সমান্তৰালভাৱে দলটোৱে গঢ়ি তুলিছে কেইবাটাও বিশ্বকাপ ৰেকৰ্ড।
টছত জয়ী হৈ শ্ৰীলংকাই প্ৰথমে বেটিঙৰ বাবে জনোৱা আহ্বানৰ সঁহাৰি দি এইডেন মাৰ্ক্ৰাম নেতৃত্বাধীন দলটোৱে দিশহাৰা কৰে শ্ৰীলংকান বাহিনীক। তিনিগৰাকীকৈ বেটাৰৰ দুৰন্ত শতকৰ সহায়েৰে দলটোৱে সংগ্ৰহ কৰে ৪২৮ ৰাণৰ বিশাল স্ক’ৰ।
এই ৰাণ সংখ্যাৰে দক্ষিণ আফ্ৰিকাই আজি বিশ্বকাপৰ ইতিহাসত এটা ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়ে। এই ক্ষেত্ৰত দলটোৱে অতিক্ৰম কৰে ২০১৫ বিশ্বকাপত আফগানিস্তানৰ বিপক্ষে অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰা ৪১৭ ৰাণৰ ৰেকৰ্ড।
একেদৰে বিশ্বকাপৰ এখন মেচৰ এটা ইনিংছত তিনিগৰাকীকৈ বেটাৰে শতক অৰ্জন কৰা আন এক ঈৰ্ষণীয় অভিলেখো গঢ়ি তোলে প্ৰটিয়াছ বাহিনীয়ে। দলটোৰ অপেনাৰ বেটাৰ কুইণ্টন ডি কক (১০০), ৰাছি ভান ডেৰ ডাচেন (১০৮) আৰু অধিনায়ক এইডেন মাৰ্ক্ৰামে (১০৬) ৰাণৰ শতকীয় ইনিংছ খেলে।
ইফালে মাত্ৰ ৪৯টা বলতে শতক সম্পূৰ্ণ কৰি এইডেন মাৰ্ক্ৰামে গঢ়ি তোলে আন এক অভিলেখ। এই বিস্ফোৰক ইনিংছটোৰে তেওঁ বিশ্বকাপৰ আটাইতকৈ দ্ৰুততম শতকৰ অধিকাৰী হয়।
এই ক্ষেত্ৰত মাৰ্ক্ৰামে ভংগ কৰে আয়াৰলেণ্ডৰ কেভিন অ’ব্ৰায়ানৰ নামত থকা অভিলেখ। ২০১১ বিশ্বকাপত ইংলেণ্ডৰ বিপক্ষে অ’ব্ৰায়ানে ৫০ টা বলত শতক সম্পূৰ্ণ কৰি দ্ৰুততম শতকৰ অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছিল।








