• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুৰ্নীতিৰ গোচৰ : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাক দুবছৰ কাৰাদণ্ডৰ দাবী তদন্ত কমিটিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2021 10:04 am

2 min read

_116971578_gettyimages-911385424
147
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিৰ গোচৰত অভিযুক্ত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাই দুবছৰ কাৰাবাস খাটিবলগীয়া হ’ব পাৰে।

দুৰ্নীতিৰ গোচৰত অভিযুক্ত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাই তেওঁৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ বিচাৰাধীন হৈ থকা গোচৰত সাংবিধানিক আদালতৰ নিৰ্দেশ অমান্য কৰি উপস্থিত থাকিবলৈ অস্বীকাৰ কৰাৰ পিছতে এই দাবী কৰিছে তদন্ত কমিটিয়ে।

সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ-এ প্ৰকাশ অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে সাংবিধানিক আদালতে যোৱা সপ্তাহত তদন্ত কমিটিত উপস্থিত হ’বলৈ দিয়া নিৰ্দেশ অস্বীকাৰ কৰা পিছত আদালতক অৱমাননা কৰাৰ দোষত দোষী সাৱ্যস্ত হ’ব পাৰে।

উল্লেখ্য যে জেকব জুমা ২০০৯ চনৰ পৰা ২০১৮ চনলৈ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত সেই দুৰ্নীতিৰ অভিযোগ তদন্ত কৰিবলৈ এখন উচ্চ ক্ষমতাসম্পন্ন তদন্ত কমিটি গঠন কৰা হৈছিল।

জুমাই উক্ত উচ্চ ক্ষমতাসম্পন্ন তদন্ত কমিটিক সহযোগ কৰিবলৈও অস্বীকাৰ কৰি আহিছে।

যোৱা সপ্তাহত তদন্ত কমিটিত উপস্থিত হ’বলৈ কমিটিয়ে জুমালৈ চমন প্ৰেৰণ কৰিছিল আৰু সাংবিধানিক আদালতে জুমাক সেই চমন গ্ৰহণ কৰি তদন্ত কমিটিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। কিন্তু জুমাই এইবাৰো তদন্ত কমিটিক সহযোগ কৰিবলৈ অস্বীকাৰ কৰি উপস্থিত নাথাকিল।

সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ-এ প্ৰকাশ কৰিছে যে এই সম্পৰ্কে মতামত ল’বলৈ জেকব জুমাৰ অধিবক্তা এৰিক মাবুজাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও অধিবক্তাগৰাকীয়ে সংবাদ প্ৰতিষ্ঠানটোক সহাঁৰি নিদিলে।

প্ৰণিধানযোগ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতি জুমাৰ বিৰুদ্ধে তেওঁৰ অতি ঘনিষ্ঠ তিনি বণিয়া ভাতৃ অতুল, অজয় আৰু ৰাজেশ গুপ্তাক দেশৰ সম্পদসমূহ নীতিবহিভূতভাৱে লুটিবলৈ অনুমতি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

Recent News

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd