• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 5, 2021 12:32 pm

2 min read

210303215044-byun-hui-su-file-exlarge-169
316
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেঞ্চজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ হৈছে।

যোৱা বুধবাৰে সৈনিকগৰাকীৰ নিজা বাসগৃহত মৃতদেহটো উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰিছে দেশখনৰ সেনাবাহিনীয়ে।

উল্লেখ্য যে ব্যুন হুই-চ্যু নামৰ ২৩ বছৰীয়া সৈনিকগৰাকীক যোৱা বৰ্ষত লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ বাবে ছুটি প্ৰদান কৰিছিল দেশখনৰ সেনাবাহিনীয়ে।

ইয়াৰ পিছতে থাইলেণ্ডত ব্যুন হুই-চ্যুৱে লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি দক্ষিণ কোৰিয়াৰ দক্ষিণ চিউলৰ গৃহ চহৰ চেইংগজুলৈ ওভতি আহে। চেইংগজুৰ নিজা বাস গৃহতে সেনাবাহিনীৰ জৰুৰীকালীন বিভাগৰ বিষয়াসকলে ব্যুনৰ মৃতদেহটো উদ্ধাৰ কৰে।

তাইৰ মৃত্যুৰ কাৰণ কি সেয়া জানিব পৰা হোৱা নাই যদিও তাৎক্ষণিকভাৱে হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। বিষয়াসকলৰ মতে ব্যুন হুই-চ্যুৰ কিছুদিনৰ পূৰ্বেই মৃত্যু হৈছে।

আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএন-এ দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি যোৱা ২৮ ফেব্ৰুৱাৰিৰ পৰা ব্যুন হুই-চ্যুৱে সেনাবাহিনীৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি দিছিল।

ইয়াৰ পিছতে সেনাবাহিৱীৰ জুৰুৰীকালীন সেৱাৰ বিষয়াসকলে ব্যুন হুই-চুৰ সন্ধানত নামি পৰে।

উল্লেখ্য যে পুৰুষৰ পৰা মহিলালৈ নিজকে ৰূপান্তৰ কৰাৰ পিছত ব্যুন হুই-চ্যুৱে দেশৰ মহিলা সেনাবাহিনীত সেৱা আগবঢ়োৱাৰ কথা আছিল।

ইফালে চেন্টাৰ ফৰ মিলিটাৰি হিউমেন ৰাইটছ কোৰিয়াৰ এগৰাকী মুখপাত্ৰৰ মতে অহা এপ্ৰিল মাহত ব্যুন হুই-চ্যুক সামৰিক বাহিনীৰ পৰা বৰ্খাস্ত কৰাৰ এক গোচৰৰ শুনানি আছিল।

Recent News

index.jpgm

বংগত বিশাল নিৰ্বাচনী ৰেলী কৰি ফুৰা অমিত শ্বাহে ক’লে, ‘কুম্ভমেলা, ৰমজানত কোভিড বিধি উলংঘন হৈছে’

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd