সমগ্ৰ ইউৰোপৰ লগতে স্পেইনতো শেহতীয়া তাপপ্ৰবাহৰ ভয়াৱহ প্ৰভাৱ পৰিছে। যোৱা এমাহৰ ভিতৰত দেশখনত অত্যাধিক গৰমৰ বাবে এহেজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।
বুধবাৰে স্পেইন চৰকাৰৰ ফালৰ পৰা এক বিবৃতিত এই ভয়ংকৰ তথ্য প্ৰকাশ কৰা হৈছে। স্পেইনৰ স্বাস্থ্য বিভাগৰ প্ৰেছ বিবৃতিত জনোৱা অনুসৰি, কেৱল মাত্ৰ জুন মাহতে অত্যাধিক তাপমাত্ৰাৰ বাবে ১০২৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ পূৰ্বে কেৱল ২০১৭ চনৰ জুন মাহতহে স্পেইনত এনেধৰণৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।
চৰকাৰী তথ্য অনুসৰি, তাপপ্ৰবাহৰ ফলত মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১০২২ জনৰেই বয়স ৬৫ বছৰ বা তাতকৈ অধিক আছিল। ইয়াৰে আকৌ ৭২০ জনৰ বয়স ৮৫ বছৰৰ ঊৰ্ধ্বৰ বুলি জানিব পৰা গৈছে।
আনহাতে, স্পেইনৰ স্বাস্থ্য বিভাগৰ বিবৃতি অনুসৰি ১৫ বছৰৰ তলৰ মাত্ৰ এজন লোকৰহে মৃত্যুৰ তথ্য পোৱা গৈছে। আটাইতকৈ বেছি মৃত্যুৰ ঘটনা ভূমধ্যসাগৰীয় আৰু উত্তৰাঞ্চলৰ এলেকাসমূহত সংঘটিত হৈছে, কাৰণ দেশখনৰ এই অঞ্চলৰ বাসিন্দাসকল এনে দীৰ্ঘদিনীয়া গৰমৰ সৈতে একেবাৰেই অভ্যস্ত নহয়।
অঞ্চল হিচাপে চাবলৈ গ‘লে সৰ্বাধিক মৃত্যু হৈছে কাতালোনিয়া অঞ্চলত, য‘ত ২১৮ জন লোকে প্ৰাণ হেৰুৱাইছে।
উল্লেখ্য যে, স্পেইনত ২০১৫ চনৰ পৰাহে তাপমাত্ৰাৰ ফলত হোৱা মৃত্যুৰ আনুষ্ঠানিক তথ্য সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। শেহতীয়া এই পৰিসংখ্যাই এতিয়া সমগ্ৰ বিশ্বৰ লগতে স্পেইনৰ চৰকাৰকো চিন্তাত পেলাইছে।





