NORTHEAST NOW (Assamese)

মৰিগাঁৱত নিৰ্বাচন বিভাগৰ বিশেষ প্ৰচাৰ অভিযান আৰম্ভ

November 28, 2020 8:33 pm · চানু গগৈ

আজিৰে পৰা  কাৰ্যকৰী হোৱাকৈ চাৰিদিনীয়া কাৰ্যসূচী লৈ  মৰিগাঁও জিলা নিৰ্বাচন বিভাগে বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।

সেই অনুসৰি ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সন্দৰ্ভত ভোটাৰ সকলৰ মাজত সজাগতা আনিবলৈ ২৮ আৰু ২৯ নৱেম্বৰ ২০২০, ৫ আৰু ৬ ডিচেম্বৰ ২০২০ ত  এই বিশেষ প্ৰচাৰ অভিযান চলিব বুলি জানিব পৰা গৈছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ সূচী অনুসৰি ২০২১ চনৰ ১ জানুৱাৰী তাৰিখক ভিত্তি বৰ্ষ হিচাপে লৈ মৰিগাঁও জিলাৰ ৭৯ নং জাগীৰোড, ৮০ নং মৰিগাঁও আৰু ৮১ নং লাহৰীঘাট এই তিনিটা  বিধানসভা সমষ্টিৰ ভোটাৰ সকলৰ খচৰা ভোটাৰ তালিকা যোৱা ১৮ নৱেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছে ।

উক্ত তালিকাত নিজৰ নাম পৰীক্ষন কৰিবৰ বাবে ভোটাৰ সকলে www.ceoassam.nic.in ওৱেব চাইটত চাব পাৰিব ।

সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যি সকলৰ নাম বাদ পৰিছে অথবা ভুলকৈ ছপা হৈছে তেওঁলোকে নিৰ্বাচনৰ কাৰ্যালয়ৰ পৰা নিৰ্দিষ্ট প্ৰ-পত্ৰ সংগ্ৰহ কৰি ওজৰ আপত্তি সমূহ উল্লেখ কৰি আবেদন দাখিল কৰিব পাৰিব ।

আনহাতে  ২০২১ চনৰ ১ জানুৱাৰীত  যি সকল লোকৰ  ১৮ বছৰ সম্পূৰ্ণ হব অথবা ইতিমধ্যে ১৮ বছৰ সম্পূৰ্ণ হৈছে তেওঁ লোকে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত সজাগতা আনিবলৈ এই বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে বুলি মৰিগাঁ জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে জানিবলৈ দিয়ে ।

Related News