ভাৰতৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০১৮ ৰ ‘বছৰটোৰ ক্ৰীড়াবিদ বঁটা। অহা ২৬জুনত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া য়ুনাইটেড ব্ৰাদাৰ্ছ ক্লাৱৰ অসম ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।
ৰাজ্যখনৰ বহু খ্যাতিমান ক্ৰীড়াবিদ তথা বিশিষ্ট ব্যক্তিৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব।
অসমৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকাই নিজৰ সোণোৱালী শ্বুটিং কেৰিয়াৰত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পদকৰ সংযোজনেৰে দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
যুৱ শ্বুটাৰ গৰাকীয়ে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
আনহাতে, জাৰ্মানীত অনুষ্ঠিত আই এছ চি এইছ (ইণ্টাৰনেশ্যনেল শ্বুটিং কম্পিটিশ্যন অৱ হেন’ভাৰ)ত প্ৰতিভাৱান শ্বুটাৰ হৃদয়ে ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফলৰ জুনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰাৰ লগতে ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাতো সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।
তদুপৰি, হৃদয়ে ২০১৭ চনত জাপানত অনুষ্ঠিত দশম ‘এছিয়ান এয়াৰ গান চেম্পিয়নশ্বিপ’ ত সোণৰ পদক অৰ্জন কৰাৰ লগতে লগতে ২০১৮ চনত চেক গণৰাজ্যৰ পিলজেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাৰ জুনিয়ৰ দলীয় শাখাত ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হৈছিল।
উল্লেখযোগ্য যে, ভাৰতীয় শ্বুটিঙৰ উজ্জল তাৰকা হৃদয় নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ হাজৰিকা আৰু ইভা শইকীয়া হাজৰিকাৰ একমাত্ৰ সন্তান।
ইপিনে, ৰাজ্যখনৰ আন এগৰাকী উদীয়মান বেডমিন্টন খেলুৱৈ অস্মিতা চলিহাক এই অনুষ্ঠানত বছৰটোৰ উদীয়মান ক্ৰীড়াবিদ হিচাপে সন্মানিত কৰা হ’ব। ইয়াৰোপৰি, বিভিন্ন ক্ৰীড়াত সাফল্য কঢ়িয়াই অনা আন ১১ গৰাকী ক্ৰীড়াবিদকো এই অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হ’ব।
অনুষ্ঠানত সন্মান জনাবলগীয়া ক্ৰীড়াবিদ কেইগৰাকী হ’ল- হেমফু বনজাং (কাৰাটে), কবিতা দেৱী(ফেন্সিং), আস্থা চৌধুৰী(সাঁতোৰ), গোলাপ ৰাভা(বডিবিল্ডিং). বিজয় ডেকা(মাৰাথান), নিশান্ত বৰদলৈ(প্ৰশিক্ষক), ড০ জ্ঞানংকৰ মেধি, ড০ শান্তনু দত্ত, ড০ বিভাস ভাগৱতী, প্ৰকাশ বসুমতাৰী, অমিতাভ দত্ত (আটাইকেইজন আইৰণ মেন)।
তদুপৰি, ক্ৰিকেট প্ৰশিক্ষক নবাব আলী অৰু গণেশ ৰাইক ক্ৰমে শ্ৰেষ্ঠ প্ৰম’টাৰ আৰু শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।