NORTHEAST NOW (Assamese)

শ্ৰীলংকান সাহিত্যিক শ্বেহান কৰুণাতিলকালৈ ২০২২ বৰ্ষৰ বুকাৰ প্ৰাইজ

October 18, 2022 1:21 pm · এন ই নাও নিউজ, গুৱাহাটী

শ্ৰীলংকাৰ প্ৰখ্যাত সাহিত্যিক শ্বেহান কৰুণাতিলকালৈ আগবঢ়োৱা হৈছে সাহিত্য জগতৰ সন্মানীয় বঁটা বুকাৰ প্ৰাইজ।

তেওঁৰ দ্বিতীয়খন গ্ৰন্থ ‘দ্য ছেভেন মুনছ অৱ মালি আলমেইদা’ৰ বাবে তেওঁক সন্মানীয় বুকাৰ প্ৰাইজৰ বিজয়ী হিচাপে মনোনীত কৰা হৈছে।

কৰুণাতিলাকাই সোমবাৰে নিশা লণ্ডনত এক অনুষ্ঠানত ব্ৰিটিছ ৰাণী পদবীৰ উত্তৰাধিকাৰী কেমিলাৰ পৰা বঁটা গ্ৰহণ কৰে।

বঁটাটিৰ সৈতে কৰুণাতিলকাই ৫০,০০০ পাউণ্ড পুৰস্কাৰ লাভ কৰে।

কৰুণাতিলকা হৈছে বুকাৰ বিজয়ী দ্বিতীয়গৰাকী শ্ৰীলংকান সাহিত্যিক।

তেওঁৰ পূৰ্বে ১৯৯২ চনত দ্য ইংলিছ পেচেণ্টৰ বাবে মাইকেল ওন্দাতজেই বুকাৰ সন্মান লাভ কৰিছিল।

কৰুণাতিলকাৰ ‘দ্য ছেভেন মুনছ অৱ মালি আলমেইদা’ শ্ৰীলংকাৰ গৃহযুদ্ধত হত্যাৰ বলি হোৱা এগৰাকী যুদ্ধ ফটোগ্ৰাফাৰৰ ওপৰত আধাৰিত উপন্যাস।

Related News