• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কপিলী ওপৰৰ অৰ্ধনিৰ্মিত দলং নিৰ্মাণৰ দাবীত জাগী ভকত গাঁও যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 21, 2020 2:05 pm

2 min read

index
162
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জাগী ভকত গাঁও আঞ্চলিক সমিতিৰ উদ্যোগত কপিলীৰ ওপৰত অৰ্ধনিৰ্মিত হৈ থকা দলঙখনৰ কাম সম্পূৰ্ণ কৰাৰ দাবী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

পৰিষদৰ আঞ্চলিক সমিতিৰ সভাপতি বিমল হাজৰীকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সমুজ্জ্বল ডেকা, কৃষক নেতা তুলসী ডেকাৰ নেতৃত্বত ৰূপায়ন কৰা কাৰ্যসূচীত মৰিগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতিৰ্ময় গোস্বামী, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পিংকু মহন্ত, উপদেষ্টা উৎপল বৰঠাকুৰ আৰু জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া ৰ লগতে আঞ্চলিক সমিতিৰ অৰ্ধশতাধিক সসদ্যই কাৰ্যসূচীত ভাগ লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী।

মৰিগাঁও গুৱাহাটী সংযোগী মুল গড়কাপ্তানী পথৰ কপিলীৰ ওপৰত এখন দলং ইমান বছৰে চৰকাৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিব নোৱাৰাতো হতাশজনক বুলি অভিহিত কৰিছে প্ৰতিবাদকাৰীসকলে।

২০১১ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দলংখনৰ কাম বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠাত চৰকাৰক ধিক্কাৰ দিয়ে সংগঠনটোৱে।

গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত চৰকাৰ আৰু চৰকাৰৰ বিয়াগোম এটা গড়কাপ্তানি বিভাগ থকাৰ পিছতো এই ধৰণৰ কাৰ্যকলাপ চৰকাৰখনৰ প্ৰতাৰণাৰ ছবি দাঙি ধৰিছে বুলি উল্লেখ কৰে সংগঠনটোৰ নেতৃত্বই।

অসমৰ ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰ মানৰ নিলগতে কেইবাবছৰো অৰ্ধনিৰ্মিত দলংখনে চৰকাৰৰ উন্নয়ন নমুনা বহিঃ প্ৰকাশ কৰিছে বুলি তীৰ্যক মন্তব্য কৰিছে নেতৃত্বই।

স্মৰ্তব্য যে মৰিগাঁও জিলাৰ তিনিটা বিধান সভাৰ সমষ্টিৰ ভিতৰত জাগীৰোড হৈছে উল্লেখনীয় সমষ্টি। এই সমষ্টিৰ পৰা বিধায়ক হৈ পিয়ুষ হাজৰিকাই চৰকাৰখনৰ মন্ত্ৰীত্ব লাভ কৰাৰ পিছতো সমষ্টিবাসীৰ যাতায়াতৰ সমস্যাত ভুগিব লগাতো দুৰ্ভাগ্যজনক।

প্ৰতিবাদকাৰীসকলে সোণোৱাল চৰকাৰ হায়ঃ হায়ঃ, গড়কাপ্তানি মন্ত্ৰী মুৰ্দাবাদ, আমাৰ দলং আমাক দিয়ক আদি শ্লোগানেৰে আকাশ-পাতাল কপায় তোলে।

কাৰ্যসূচীৰ অন্তত মায়ং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ দলংৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবীৰে আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd