• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰন্ধন গেছৰ যোগান অব্যাহত ৰাখিবলৈ চৰকাৰৰ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 13, 2018 7:48 am

2 min read

LPG-bottling-plant-570x320
207
VIEWS
Share on FacebookShare on Twitter

ৰান্ধন গেছৰ চিলিণ্ডাৰৰ যোগান অব্যাহত ৰাখিবলৈ চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।  বিগত ৮ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বীয় ৰন্ধনগেছ পৰিবহণ সংস্থাই তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত ৰন্ধন গেছ পৰিবহণ বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত  অসমৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিবে ভাৰতীয় তেল নিগমৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এখন আলোচনাত মিলিত হৈ সন্থাই উত্থাপন কৰা বিষয়টোৰ ওপৰত আলোচনা কৰে।

এই সন্দৰ্ভত ল’বলগীয়া পদক্ষেপৰ বিষয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক অৱগত কৰি কামৰূপ, তিনিচুকীয়া, কাচাৰ, চিৰাং আৰু ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকসকললৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। নিৰ্দেশনাটোত নিজৰ নিজৰ এক্তিয়াৰৰ অন্তৰ্গত এলেকাসমূহত থকা প্ৰৱেশপথত ৰন্ধন গেছৰ গাড়ী, কৰ্মচাৰী, কৰ্মী আদিয়ে যাতে বাধাহীনভাৱে অহা-যোৱা কৰিব পাৰে তাক নিশ্চিত কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

তাৰোপৰি, ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ গ্ৰাহকক যোগান ধৰাৰ সময়ত আইন-কানুনগত পৰিস্থিতি বাহাল ৰাখিবলৈও তেওঁলোকক অনুৰোধ জনোৱা হৈছে।

ধৰ্মঘটকাৰীসকলে বটলিং কাৰখানাৰ কাম-কাজত আৰু বিতৰণত ব্যাঘাত যাতে বেমেজালি ঘটাব নোৱাৰে,  এই সন্দৰ্ভত, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ সৈতে আলোচনা কৰা হৈছে।

ইতিমধ্যে, ভাৰতীয় তেল নিগম কৰ্তৃপক্ষই জনাইছে যে ছেপ্টেম্বৰৰ ১০ আৰু ১১ তাৰিখে উত্তৰ-পূৰ্বীয় ৰন্ধনগেছ পৰিবহণ সংস্থাৰ সদস্য বিষয়া কৰ্মচাৰীৰ সৈতে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰা হৈছে।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd