• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 6:22 pm
251
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টেট বেংক অব ইণ্ডিয়াত বিগত তিনিটা দশকতকৈও অধিক সময় ধৰি দিনহাজিৰা হিচাপে কাম কৰা দুজন চাফাই কৰ্মীক ৪০ লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিবলৈ ওড়িছা উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক নিৰ্দেশ দিছে। বৰ্তমানৰ এই আধুনিক প্ৰযুক্তি আৰু এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত এই বয়সত তেওঁলোকৰ বাবে নতুন কোনো কাম বিচাৰি পোৱাটো অসম্ভৱ বুলি বিবেচনা কৰি আদালতে এই মানৱীয় ৰায় প্ৰদান কৰে।

আদালতৰ নিৰ্দেশ অনুসৰি বেংক কৰ্তৃপক্ষই তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ পৰিৱৰ্তে দুয়োকে ২০ লাখ টকাকৈ মুঠ ৪০ লাখ টকা এককালীন ক্ষতিপূৰণ দিব লাগিব।

Apply Now

গত ২৩ জুনত ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ চিত্তৰঞ্জন দাসৰ খণ্ড বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়টো ঘোষণা কৰে। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ২০ জুনত উচ্চ ন্যায়ালয়ৰে এজনীয়া বিচাৰপীঠে মায়াধৰ নায়ক আৰু বাইনা নায়ক নামৰ এই কৰ্মী দুজনৰ চাকৰি নিয়মীয়া কৰা, বোনাচ আৰু বাকী থকা পইচাৰ দাবী খাৰিজ কৰিছিল। একক বিচাৰপীঠৰ সেই ৰায়টোক প্ৰত্যাহ্বান জনাই তেওঁলোকে খণ্ড বিচাৰপীঠৰ দ্বাৰস্থ হৈছিল।

এই গোচৰৰ শুনানিৰ সময়ত ষ্টেট বেংক কৰ্তৃপক্ষই এই দুই কৰ্মীক এককালীন নিষ্পত্তি হিচাপে ৫ লাখ টকাকৈ দিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু আদালতে বেংকৰ এই প্ৰস্তাবটোক অতি সামান্য ক্ষতিপূৰণ বুলি অভিহিত কৰি নাকচ কৰে। খণ্ড বিচাৰপীঠে মন্তব্য কৰে যে বেংকে দিব বিচৰা ৫ লাখ টকাৰ ক্ষতিপূৰণৰ প্ৰস্তাৱটো ইমানেই কম যে ই উল্লেখ কৰাৰ যোগ্যই নহয়। বৰ্তমানৰ সময়ত যিহেতু টকাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছে, গতিকে এই সামান্য ধনেৰে একো কৰিব নোৱাৰি।

ন্যায়ালয়ে লগতে কয় যে আবেদনকাৰী দুজনে বেংকৰ বাবে বহু বছৰ ধৰি কষ্ট কৰিছে। এই বয়সত তেওঁলোকে আন কতো ভাল চাকৰিও নাপাব। এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত ইমান দিনে যিটো কামৰ বাবে তেওঁলোকে ইমান সময় দিলে, এতিয়া তেওঁলোকে কেনেকৈ নিজৰ জীৱিকা নিৰ্বাহ কৰিব সেই লৈ আদালত নিশ্চিত নহয়।

উল্লেখ্য যে এই বিবাদৰ আৰম্ভণি হৈছিল নব্বৈৰ दशकৰ মাজভাগত। ১৯৯৪ চনত মায়াধৰ নায়ক আৰু ১৯৯৫ চনত বাইনা নায়ক ভুৱনেশ্বৰত থকা ষ্টেট বেংকৰ চৰকাৰী ট্ৰেজেৰী শাখাত দৈনিক মজুৰিৰ ভিত্তিত চাফাই কৰ্মী হিচাপে নিযুক্ত হৈছিল। দীৰ্ঘ সময় কাম কৰাৰ পিছতেও চাকৰি স্থায়ী নোহোৱাৰ বাবে ১৯৯৯ চনত তেওঁলোকে প্ৰথমবাৰৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত ২০০৭ চনৰ পৰা তেওঁলোকৰ এই দীৰ্ঘদিনীয়া আইনী যুঁজ চলি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd