• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে অস্ত্ৰ সম্বৰণ কৰিলে; ৰিপুণ বৰাৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ল’ : ৰূপম গোস্বামী

‘বিজেপিয়ে পুনৰাই অসমৰ সকলো ৰাইজৰ উন্নতি ঘটাই অসমখনক ন ৰূপত প্ৰতিষ্ঠা কৰিছে’, ৰূপম গোস্বামী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2020 7:01 pm
Rupam Goswami
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অস্ত্ৰ সম্বৰণ কৰিলে। তেওঁৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ল।‘ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এইদৰে কয় বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক জনোৱা প্ৰত্যাহ্বানৰ আগত ৰিপুণ বৰাই সেও মানিলে বুলি দাবী কৰি গোস্বামীয়ে লগতে কয় ‘ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই ৰিপুণ বৰালৈ মুকলি প্ৰত্যাহ্বানৰ জনাই কৈছিল যে, ২০২১ ত বিজেপি দলে অসমত ভবা মতেই আসন লাভ কৰি চৰকাৰ গঠন কৰিব, যদি এয়াই সফল নহয় তেনে হ’লে সভাপতি ডাঙৰীয়াই সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব। আৰু তেখেতে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকো কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে একেই পণ লবলৈ প্ৰত্যাহ্বান জনাইছিল। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিজৰ দুৰ্বলতাৰ দিশটো উদঙাই কয় যে, নিৰ্বাচনত হাৰিলেও কংগ্ৰেছে ৰাইজৰ লগত থাকি কাম কৰি যাব।‘

Apply Now

‘ইয়ে কংগ্ৰেছ সভাপতি ৰিপুণ বৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ আগত যে তেনেই নিশকতীয়া তাকেই প্ৰতিপন্ন কৰে।‘ গোস্বামীয়ে লগতে কয়।

ইপিনে, বিজেপিয়ে বিভিন্ন আঁচনিৰ নামত দুৰ্নীতি কৰা বুলি সততে কংগ্ৰেছে কৰা অভিযোগৰ পাছত উভটি ধৰি গোস্বামীয়ে কয় ‘কংগ্ৰেছৰ দিনত MGNREGA, স্কুল প্ৰাদেশিকীকৰণ আদিৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হৈছিল। আনকি বিজেপিৰ সমালোচনা সদায়েই মুখত থকা ৰিপুণ বৰা শিক্ষামন্ত্ৰী থকা সময়তো ১৯৯১ চনৰ পৰা অসমৰ ৰাইজে দাবী কৰি থকা স্কুল প্ৰাদেশিকীকৰণ কৰিবলৈ সামৰ্থ হোৱা নাছিল, যিটো বিজেপি চৰকাৰে মাত্ৰ ৪ বছৰতে সম্ভৱ কৰি তুলিলে। তদুপৰি কংগ্ৰেছৰ দিনত MGNREGA আঁচনিৰ টকাও সৰ্ব সাধাৰণ ৰাইজৰ বাবে ব্যয় হোৱা নাছিল, ইয়াত ব্যাপক অনিয়ম ঘটিছিল। এই আঁচনিৰ টকা তেওঁলোকে বলেৰ’ গাড়ী কিনি জিলাই জিলাই বিলাইছিল, এই কথা প্ৰকাশ কৰিছিল কংগ্ৰেছৰ সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী স্বয়ং জয়ৰাম ৰমেশে।’

গোস্বামীয়ে লগতে কয় ‘কিন্তু বিজেপি চৰকাৰৰ দিনত MGNREGA আঁচনিৰ অধীনত ৬৫০ লাখ কৰ্ম দিন ধার্য কৰি প্ৰায় ২১৮ লাখ কৰ্ম দিন সম্পূৰ্ণ কৰিছে, ১১ লাখ পৰিয়ালে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকে বেংক একাউণ্ট যোগে ৪৬৬ কোটি টকা পাবলৈ সক্ষম হৈছে। ১৫ বছৰীয়া শাসনত কংগ্ৰেছে কেগৰ প্ৰতিবেদনৰ ৪৭ হাজাৰ কোটি টকাৰ ব্যৱহৃত প্ৰমাণ পত্ৰ দিবলৈ অসমৰ্থ হৈছিল।’

ইপিনে, কংগ্ৰেছে ১৫ বছৰে গোটেই থৈ যোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ব্যাপক অনিয়মৰ বোজাবোৰ বিজেপিয়ে পৰিষ্কাৰ কৰাই নহয় পুনৰাই অসমৰ সকলো ৰাইজৰ উন্নতি ঘটাই অসমখনক ন ৰূপত প্ৰতিষ্ঠা কৰিছে বুলি দাবী কৰি গোস্বামীয়ে লগতে কয় ‘কংগ্ৰেছ দলে ১৫ টা বছৰত অসমৰ যি উন্নতি কৰিলে, তাতকৈ চাৰি গুণ বেছি উন্নতি বিজেপি মিত্ৰজোঁট চৰকাৰে মাত্ৰ চাৰি বছৰতে কৰিলে।’

ৰাজ্যিক বিজেপি মুখ্য মুখপাত্ৰ গৰাকীয়ে আৰু কয় ‘বিজেপিয়ে শক্তি আহৰণ কৰে অসমৰ থুলৱা জাতি-জনগোষ্ঠী, অসমৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শক্তি পীঠ মা কামাখ্যাৰ পৰা আনহাতে, কংগ্ৰেছ দলে শক্তি আহৰণ কৰিছে মিৰ্জাফৰৰ নিচিনা ব্যক্তিৰ পৰা।’

আনহাতে, উক্ত সংবাদমেলতে কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰতাৰ সম্পৰ্কত মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে, ‘তেওঁলোক একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। তেওঁলোকৰ মিত্ৰতা পূৰ্বৰ পৰাই আছে, আগতে পৰোক্ষভাৱে আছিল বৰ্তমানে প্ৰত্যক্ষভাৱে কৰিব বিচাৰিছে। নিৰ্বাচনৰ সন্মুখ সমৰত এই মিত্ৰজোঁটে ইতিমধ্যেই অস্ত্ৰ সম্বৰণ কৰি পলাই পত্ৰঙ দিলে।‘

ইপিনে, অখিল গগৈয়ে কালি আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক ঐক্যবদ্ধ হৈ বিজেপিক উৎখাত কৰিবলৈ জনোৱা আহ্বানৰ পাছত তেওঁক আমাৰ সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় ‘অখিল গগৈৰ আহ্বানৰ ওপৰত জনসাধাৰণে ক’ব, মই কমেন্ট নিদিওঁ।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd