• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য়ত এতিয়াও ৯ হাজাৰ ওঁঠ ফটা লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত

ভৱেশ মেধি by ভৱেশ মেধি
March 25, 2019 11:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদুৰাম হাজং ( নাম সলনি কৰা হৈছে) পেছাত খেত মজুৰ। বিদুৰামৰ দুটা সন্তান। এটা সন্তানৰ সৰুৰে পৰা ওঁঠ ফটা। ঠিক সেইদৰে বিদুৰামৰ ওচৰতে থকা জিংদুং মাৰাকৰ (নাম সলনি কৰা হৈছে) তিনিটা সন্তানৰ এজনৰ ওঁঠ আৰু তালু দুয়োটা ফটা। অসম-মেঘালয় সীমান্তত থকা দক্ষিন গাৰো পাহাৰৰ পশ্চাৎপদ গাঁও এখনত বাস কৰা বিদুৰাম আৰু জিংদুংৰ দৰে কেইবাটাও পৰিয়ালৰ এনেধৰণৰ শিশু আছে।

শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থ্যই ঢুকি নোপোৱা গাঁওখনৰ এই লোকসকলে এয়া ভগৱানৰে দান বুলি হৈ বিশ্বাস কৰি আহিছে। কিন্তু যেতিয়া মিছন স্মাইলৰ গুৱাহাটী কম্প্ৰেহেনছীভ ক্লেপ্ট কেয়াৰ চেন্টাৰৰ স্বেচ্ছাসেৱকসকল গৈ গাওঁখনত উপস্থিত হৈছিল তেতিয়া বিদুৰাম আৰু জিংদুংৰ দৰে গাঁওখনৰ বহুতৰে ওঁঠ আৰু তালু ফটা সৰ্ম্পকে থকা ভুল ধাৰণা আঁতৰ হৈছিল।

Apply Now

কিছুদিন পূৰ্বে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চোধুৰী হাস্পতালত থকা মিছন স্মাইলৰ গুৱাহাটী কম্প্ৰেহেনছীভ ক্লেপ্ট কেয়াৰ চেন্টাৰত বিদুৰাম আৰু জিংদুংৰ ওঁঠ আৰু তালু ফটা শিশু কেইটাৰ লগতে গাঁওখনত থকা কেবাজনো ওঁঠ ফটা শিশুৰ চিকিৎসা কৰা হয়।

উত্তৰ-পূবৰ ভিতৰত এইখনে একমাত্ৰ চিকিৎসা কেন্দ্ৰ য’ত এইধৰণৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হয়। ২০০৯ চনতে অসম চৰকাৰ আৰু স্মাইল ইণ্ডিয়াৰ সৈতে সম্পাদিত হোৱা এক চুক্তিৰ ভিত্তিত ওঁঠ ফটা চিকিৎসাৰ বাবে এটা পুৰ্ণ পৰ্যায়ৰৰ কম্প্ৰেহেনছীভ ক্লেপ্ট কেয়াৰ চেন্টাৰ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চোধুৰী হাস্পতালত স্থাপন কৰা হৈছিল।

এই চিকিৎসা কেন্দ্ৰটোত ২০০৯ চনৰ পৰা ২০১৮ চনলৈ ১৮০০০ জন ওঁঠ ফটালোকৰ চিকিৎসা সম্পন্ন কৰা হৈছে। কিন্তু একবিংশ শতিকাৰ তথ্য প্ৰযুক্তিৰ এই যুগত এতিয়াও ৰাজ্যৰ লগতে উত্তৰ-পূবৰ বহু মানুহে এই চিকিৎসাৰ বিষয়ে নাজানে।

গুৱাহাটী কম্প্ৰেহেনছীভ ক্লেপ্ট কেয়াৰ চেন্টাৰৰ অধ্য়য়ন মতে ৰাজ্য়ত এতিয়া ৯০০০ জন ওঁঠ আৰু তালু ফটা লোক চিকিৎসা সেৱাৰ আওতাৰ বাহিৰত আছে। ভাৰতত বৰ্তমান এক নিযুত ওঁঠ ফটা লোক চিকিৎসাৰ বাহিৰত আছে। উত্তৰ-পূবৰ মেঘালয়ত ১৬০০ জন, মণিপুৰত ৪০০০ জন, ত্ৰিপুৰাত ১০০০ জন, নাগালেণ্ডত ৩০০০ জন, অৰুণাচল প্ৰদেশত ২০০০ জন আৰু চিকিমত ৪০০ জন ওঁঠ আৰু তালু ফটা লোক চিকিৎসা সেৱাৰ আওতাৰ বাহিৰত আছে।

বিশ্ব স্বাস্থ্য় সংস্থাৰ তথ্য় মতে, বিশ্বত প্ৰতি ৭০০ টা শিশুৰ ভিতৰত এটা ওঁঠ ফটা শিশু জন্ম হয়। Indian society of periodontics and preventive dentistry তথ্য় মতে দেশত প্ৰতি ঘন্টাত ৩ টাকৈ ওঁঠ ফটা শিশুৱে জন্ম লাভ কৰে।

বহুতৰ মনত ধাৰণা আছে যে ওঁঠ ফটা এটা বেমাৰ। কিন্তু চিকিৎসকৰ মতে ওঁঠ ফটা এটা শাৰিৰীক বিসংগতি। ই কোনো সংক্ৰামক ৰোগ নহয় যদিও এই শাৰীৰিক বিসংগতিয়ে শৰীৰৰ মূখমণ্ডলত বিশেষকৈ চকু, কাণ, নাক আৰু কপালৰ ক্ষতিসাধন কৰাৰ লগতে ৰোগীৰ কথা পতাত আৰু খাদ্য় গ্ৰহণত অসুবিধা হয়।

ক্লেপ্ট কেয়াৰ চেন্টাৰৰ চিকিৎসা সঞ্চালক ডাঃ হিতেশ্বৰ শৰ্মাৰ মতে, জন্মতে দেখা দিয়া এইধৰণৰ শাৰীৰিক বিসংগতিৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। এই সৰ্ম্পকে এতিয়াও গৱেষণা অব্য়াহত আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, বিশ্বত ১৯৯০ চনত ৭,৬০০ গৰাকী ওঁঠ ফটা লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৩ চনত ৩,৩৩০ গৰাকী ওঁঠ ফটালোকে শাৰীৰিক বিসংগতিৰ বাবে মৃত্যুবৰণ কৰিছে।

আশীৰ দশকৰ পৰা প্ৰণালীবদ্ধভাবে ওঁঠ ফটালোকৰ চিকিৎসা আৰম্ভ হয়। প্ৰথম পৰ্যায়ত এই চিকিৎসা আমেৰিকাত সীমাবদ্ধ আছিল যদিও পিছত অন্য়ান্য় দেশলৈ সম্পসাৰিত হয়। দেশৰ কৰ্ণাটকত ২০০২ চনত অপাৰেচন স্মাইল নামৰ এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাই এই চিকিত্সা আৰম্ভ কৰে। পৰ্যায় ক্ৰমে ২০০৩ চনত দিল্লীত আৰু ২০০৯ চনত অসমত স্মাইল ইণ্ডিয়াই ইয়াৰ সেৱা আৰম্ভ কৰে।

উল্লেখযোগ্য যে ওঁঠ ফটা চিকিৎসাৰ ওপৰত মেগান মিলানে পৰিচালনা কৰা স্মাইল পিংকী নামৰ তথ্য় চিত্ৰখনে ২০০৯ চনত অস্কাৰ সম্মান লাভ কৰাৰ পিছৰে পৰা দেশত এই চিকিৎসাৰ বিষয়ে এক জাগৰণৰ সূচনা হয়।

ক্লেপ্ট কেয়াৰৰ সহকাৰী মহাপ্ৰবন্ধক দীপুল মালাকৰে কয় যে কেন্দ্ৰটোৱে ওঁঠ ফটা লোকৰ বিনামুলীয়াকৈ চিকিৎসা সম্পন্ন কৰি অহাৰ লগতে ৰোগীৰ যাতায়ত, থকা-খোৱা সকলো খৰছ বহন কৰে। এজন ওঁঠ ফটা লোকৰ চিকিৎসাত ৩২০০০ টকা খৰছ হয়। ইয়াৰে ৰাজ্য় চৰকাৰে ১৭৫০০ টকা দিয়ে, বাকী টকা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হয়। আনহাতে পূ্ৰ্বতে ৰাজ্য় চৰকাৰে ২০,০০০ টকা দিছিল।

ডাঃ হিতেশ্বৰ শৰ্মাই কয় যে এই কেন্দ্ৰত ওঁঠ আৰু তালু ফটা দুয়োধৰণৰ চিকিৎসা কৰা হয়। ফটা তালুৰ চিকিৎসাৰ বাবে ৰোগীৰ নূন্য়তম বয়স এবছৰ হ’ব লাগিব। আনহাতে ফটা ওঁঠৰ চিকিৎসাৰ বাবে ৰোগীৰ নূন্য়তম বয়স ছমাহ হ’ব লাগিব।

সহকাৰী মহাপ্ৰবন্ধক দীপুল মালাকৰে জনোৱা অনুসৰি শেহতীয়াভাৱে অইলৰ পৰা পোৱা আৰ্থিক সহায়েৰে অসম আৰু মেঘালয়ৰ একাংশ ওঁঠ আৰু তালু ফটা শিশুৰ চিকিৎসাৰ ব্য়ৱস্থা কৰা হৈছে। যোৱা বৰ্ষৰ ২১ নৱেম্বৰ পৰা আৰম্ভ হোৱা চিকিৎসা কাৰ্যসূচীৰ অধীনত অসমৰ ২০০ আৰু মেঘালয়ৰ ১০০ ৰোগীক চিকিৎসা প্ৰদান কৰা হ’ব।

তেওঁ লগতে কয় যে অইলৰ দৰে অন্য় ৰাজহুৱা খণ্ডৰ উদ্য়োগৰ পৰা সহাৰি পালে অহা পাঁচ বছৰৰ ভিতৰত অসম তথা উত্তৰ-পূবত এতিয়াও চিকিৎসা সেৱাৰ আওতাৰ বাহিৰত থকা ওঁঠ আৰু তালু ফটা লোকৰ চিকিৎসা সম্পূৰ্ণ কৰাৰ চিন্তা কৰা হৈছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd