NORTHEAST NOW (Assamese)

বোকাখাতত প্ৰৱল ধুমুহা-বৰষুণ: কুৰিটাৰো অধিক বাসগৃহৰ বিস্তৰ ক্ষতি

April 21, 2020 7:30 pm · উত্তম শইকীয়া
বোকাখাতত ধুমুহাৰ ক্ষতিৰ ছবি।

মঙলবাৰে বিয়লি অহা এজাক প্ৰবল ধুমুহা-বৰষুণে বোকাখাতৰ পাণবাৰী আৰু সমীপৰ বৰভেটা গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে৷

তীব্ৰ বেগত বোৱা বতাহজাকে অঞ্চলটোৰ বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে৷ উৰুৱাই নিয়ে বহু বাসগৃহৰ ছাল-বেৰ৷

বতাহজাকৰ লগত অহা বৰষুণে নষ্ট কৰে সাঁচতিয়া শস্যৰ ভঁৰাল, খাদ্য সামগ্ৰীৰ লগতে কাপোৰ-কানি৷

বতাহত কোনোমতে প্ৰাণ ৰক্ষা কৰে বহুজনে৷ ধুমুহা-বৰষুণত অৱশ্যে কোনো লোক বা পশুধনৰ ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই৷

পাণবাৰী আৰু বৰভেটা গাঁৱৰ কুৰিটাৰো অধিক লোকৰ বাসগৃহৰ ক্ষতি কৰে ধুমুহাই৷ সপ্তাহটোৰ ভিতৰতে অহা দুজাক ধুমুহাই এতিয়া কোঙা কৰি পেলাইছে অঞ্চলবাসীক৷

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজতে শেহতীয়াকৈ দুটাকৈ ধুমুহাত এতিয়া সৰ্বস্ৰান্ত হৈছে পাণবাৰী আৰু বৰভেটাৰ জনসাধাৰণ৷

দুটা দিন পাৰহৈ যোৱা বাসগৃহবোৰ যেনে তেনে মেৰামতি কৰি লওঁতেই অহা এই জাক ধুমুহাই পুনৰ বিধ্বস্ত কৰিলে সৰ্বসাধাৰণক৷

প্ৰায় এঘন্টা ধৰি চলা এই ধুমুহা-বৰষুণৰ পাচত এতিয়া বতৰ শান্ত যদিও ধুমুহাই গৃহহীন কৰি গ’ল বহু পৰিয়ালক৷

Related News