Street play at Delhi: অসমৰ “বাটৰ নাটে” মন মুহিলে দিল্লীৰ কৃষক আন্দোলনত ভাগ লোৱা হাজাৰ হাজাৰ লোকৰ

Street play at Delhi

শেহতীয়াকৈ দিল্লীত উপস্থিত হৈ কৃষক আন্দোলনৰ প্ৰতি স্পষ্ট সমৰ্থন আগবঢ়োৱা তথা অসমৰ কৃষকৰ সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিব পৰাকৈ দিল্লীৰ কৃষক আন্দোলনৰ নেতৃবৰ্গ আৰু কেইবাখনো ৰাজ্যৰ কৃষক সংগঠনৰ লগত আলোচনাত মিলিত হয় জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিয়ে।

শনিবাৰে জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধি তথা জীপালৰ গণ সাংস্কৃতিক বাহিনীয়ে গাজিপুৰস্থিত অস্থায়ী কৃষক চাউনিৰ মুক্তাঞ্চলত পৰিবেশন কৰে এক শক্তিশালী বাটৰ নাট “অজেয় কৃষক”।

নাটখনিৰ সামগ্রিক পৰিকল্পনা কৰিছে কৃষক নেতা তথা গণ সাংস্কৃতিক কৰ্মী সোণেশ্বৰ নৰহে আৰু নাট্যৰূপ-পৰিচালনা কৰিছে কবি-নাট্যকৰ্মী তথা সাংবাদিক পল্লৱ হাজৰিকাই।ৰচনা “অজেয় কৃষক” শীর্ষক বাটৰ নাটখনি শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ কৃষক বিৰোধী নীতি, চৰম ৰাষ্ট্ৰ সন্ত্ৰাস আৰু ৰাজ্য সমুহত ক্ৰমবৰ্ধমান চৰকাৰী আশীষধন্য গুণ্ডাবাহিনীৰ ব্যাপক অত্যাচাৰৰ এক স্পষ্ট ছবি প্ৰতিফলিত কৰা হয় বাটৰ নাটখনিত।

নাটখনৰ অভিনয়ত আছিল বিজু চাওঁতাল, ভৰত চাহু, দেৱ পেগু, পুতুল নৰহ আৰু পল্লৱ হাজৰিকা।সংগীত- দ্ৰোণ পাটগিৰি আৰু অমিৰ কৰ্মকাৰৰ আৰু পৰিবেশনা সহায়ক হিচাপে আছিল মেহনুৰ নুৰী আৰু নেশ্যনেল এলায়েন্স অৱ পিপুলছ ম’ভমেণ্টৰ গাজিপুৰৰ সমন্বয়ক সুৰেন্দৰ কুমাৰ আৰু জীপালৰ ৰাহুল।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক সংগঠন সমুহৰ প্ৰতিনিধি উপস্থিত থকা গাজিপুৰস্থিত মুকলি মঞ্চৰ চৌহদত পৰিবেশিত হোৱা নাটখনে দিল্লীৰ কৃষক আন্দোলত দেশৰ সমস্যাজৰ্জৰ কৃষক ৰাইজক অধিক শক্তশালী ৰূপত সংগঠিত হোৱাত সহায় কৰিব বুলি মত প্ৰকাশ কৰে উপস্থিত কৃষক সংগঠনৰ প্ৰতিনিধিসকলে।

Latest News: দেশৰ ৭৭ খন চহৰত অনুষ্ঠিত UPSC Prelims 2021 পৰীক্ষা

লগতে অখিল ভাৰতীয় প্ৰগতিশীল মহিলা এচচিয়েশ্যনৰ নেত্ৰী মালা দেৱীয়ে কয়-“অসমৰ নাট্যকৰ্মী সকলে পৰিবেশন কৰা অত্যন্ত বাস্তৱিক নাটকখনে আমাক অভিভূত কৰাৰ লগতে দেশৰ বাবেই এক শক্তশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে, ই কৃষক আন্দোলনৰ শক্তিবৃদ্ধি কৰাত নিশ্চিত ভাৱেই সহায় কৰিব।”

আনহাতেদি সন্ধ্যা কৃষক আন্দোলনৰ ওপৰত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰ্যালোচনা সভাখনতো অংশ লয় অসমৰ জীপালৰ প্ৰতিনিধিবৰ্গই।

অখিল ভাৰতীয় কৃষক ইউনিয়নৰ অধ্যক্ষ ৰাকেশ টিকেট ডাঙৰীয়াৰ সঞ্চালনাত বহা পৰ্যালোচনাত কৃষক আন্দোলনৰ প্ৰসাৰতাৰ সন্দৰ্ভত কৰণীয় দিশসমূহে প্ৰাধান্যতা লাভ কৰে।