নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সমগ্ৰ নগাঁও জিলা সৰৱ হৈ পৰিছে। নগাঁৱত বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই অহা দেখা গ’ল নগাঁও মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক।
বিগত দুটা দিন ধৰি বিজেপি বিৰোধী ধ্বনিৰে বিভিন্ন দল-সংগঠনে উত্তাল কৰি তোলা সময়তে নগাঁৱত বৃহস্পতিবাৰে পুনৰ একাধিক মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে সৱল প্ৰতিবাদত সাৱ্যস্ত কৰে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত কঁপাই তোলে নগাঁৱৰ ৰাজপথ।
ৰাজ্যখনৰ ভিতৰতে অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি হায় হায় আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।
আনহাতে, বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইৰ বিৰুদ্ধে চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কয় যে, চৰকাৰখন ফেচিষ্ট হৈ পৰিছে। তেওঁলোকে দমন নীতিৰে অসমৰ ৰাইজক কণ্ঠৰোধ কৰিব বিচাৰিছে। অসমৰ ৰাইজে কাহানিও দমন নীতিক ভয় কৰা নাই। এতিয়াও ভয় নকৰে। বৰঞ্চ অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত অতি শক্তিশালী ৰূপত আন্দোলনত জপিয়াই পৰিব।
একেদৰে নগাঁও চহৰৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও নগাঁৱৰ মধ্যমণি স্বৰূপ মৰিগাঁও বাছ ছিণ্ডিকেটৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ লগতে অসমবাসীয়ে কোনো কাৰণতে এই বিধেয়কখন মানি নলয় বুলি হুংকাৰ দিয়ে।
একেদৰে জিলাখনৰ কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।
নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলও বিধেয়কখনৰ বিৰুদ্ধে পাঠদান কাৰ্যসূচী স্থগিত ৰাখি ৰাজপথলৈ ওলাই আহে। নগাওঁ আৱৰ্ত ভৱনৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আইনৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা এই প্ৰতিবাদৰ ফলত কিছু সময়ৰ বাবে যান-বাহন চলা-চল বন্ধ হৈ পৰে। জিলাখনৰ ৰহা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও শ্ৰেণী বৰ্জন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে।
ইপিনে, নগাঁও পলিটেকনিকৰ ছাত্র-ছাত্ৰীসকলেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজিৰে পৰা অনিৰ্দ্দিষ্টকালীনভাৱে শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী ঘোষণা কৰিছে।