• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত উন্নয়নৰ নমুনা : নাৱেৰে শিক্ষাৰ্থীক অনা-নিয়া কৰে প্ৰধান শিক্ষক-কৰ্মচাৰীয়ে

মিণ্টু দাস by মিণ্টু দাস
September 29, 2018 7:12 am
a9c10ad0-68a5-4d7d-81c2-83a0e541888b

টুলুঙা নাবেৰে বিদ্যালয়লৈ শিক্ষাৰ্থী। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠানে শিক্ষাক ব্যৱসায়লৈ ৰূপান্তৰ কৰি শিক্ষাব্যৱস্থাটোক পণ্য হিচাপে পৰিগণিত কৰিব বিচৰাৰ বিপৰীতে একাংশ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাব্যৱস্থা একেবাৰে পুতৌ লগা। আনকি একাংশ শিক্ষকৰ পালমৰা মনোভাৱৰ ফলত গ্ৰামাঞ্চলৰ প্ৰতিভাসম্পন্ন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে।

এনে অৱস্থাৰ মাজতো একাংশ-শিক্ষক-কৰ্মচাৰীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ আন্তৰিকতা, হেঁপাহ আৰু সুনাগৰিক কৰাৰ পৰিকল্পনাই সচেতন মহলত আলোড়ন সৃষ্টি কৰিছে। সঁ‌চা অৰ্থত তেওঁলোক মহান। নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ এখন বিদ্যালয়ৰ দুজন শিক্ষক-কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠাই শিক্ষাদানক মহান সেৱা হিচাপে গ্ৰহণ কৰিব বিচৰাসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব।

Apply Now

এই দুই শিক্ষক-কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠাই ৰজাঘৰ আৰু ৰাজনৈতিক নেতাসকলৰ বঞ্চনাকো এক প্ৰকাৰ উন্মোচিত কৰিছে। নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ পলশাবাৰী গাঁ‌ওখনত ১৯৯০ চনত স্থাপন হোৱা পলশাবাৰী ললিত নাথ মধ্য ইংৰাজী বিদ্যালয়ত ১৯৯২ চনত সেইসময়ৰ শিক্ষিত যুৱক তগৰ ডেকাই প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। পলশাবাৰী গাঁ‌ওখনক আকৌ পাহাৰীয়া নৈ নিশাৰীয়ে বিভক্ত কৰিছে।

আনহাতে, যিটো স্থানত বিদ্যালয়খন স্থাপন হৈছে সেইস্থানৰ শিক্ষাৰ্থীতকৈ সিপাৰৰ শিক্ষাৰ্থী অধিক।নদীখনৰ দুয়োটাপাৰ সংযোগ কৰি যাতায়তৰ কোনো সুচল পথ নথকাত আনটো পাৰৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়খনলৈ অহাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। খৰালি কালত এডাল সাঁ‌কোৰে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। কিন্তু বাৰিষা ফেনে ফুটুকাৰে অহা নিশাৰী নদীত সাঁ‌কোৰ জৰিয়তে পাৰ হ’বলৈ অসম্ভৱ হৈ পৰে।

এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ বাবে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিষ্ণু কুমাৰ নাথ আৰু প্ৰধান শিক্ষক তগৰ ডেকাই গুৰুত্বপূৰ্ণ ভূমিকা লয়। তেওঁলোকে স্থানীয় ৰাইজে দান কৰা টুলুঙা নাৱেৰে নৈখনৰ সিপাৰৰ ছাত্ৰ ছাত্ৰীসকলক পুৱা বিদ্যালয়লৈ আনে আৰু শিক্ষাদান শেষ কৰি পুনৰ বিয়লি নাৱেৰে সিপাৰত থৈ আহেগৈ। এনেদৰে ১৯৯২ চনৰ পৰাই বাৰিষাৰ সময়চোৱা টুলুঙা নাৱেৰে বিপদ সংকুলভাৱে হ’লেও বিদ্যালয়লৈ অনা নিয়া কৰি শিক্ষাদান কৰি আহিছে প্ৰধান শিক্ষক তগৰ ডেকা আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বিষ্ণু কুমাৰ নাথে।

এনেদৰে বহু সময়ত টুলুঙা নাৱৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বহুলোকো সৰি পৰাৰ ঘটনা ঘটিছে যদিও ইমানৰ পিছতো কোনো তৎপৰতা নাই স্থানীয় প্ৰশাসন তথা বিধায়কৰ৷ উল্লেখ্য যে, বঢ়মপুৰ সমষ্টিৰ নিশাৰী নৈৰ ওপৰত এই ঠাইত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বহুবাৰ আৱেদন কৰাৰ পিছতো কাণষাৰ নিদিলে বিধায়কগৰাকীয়ে। আনহাতে, ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি স্থানীয় ৰাইজ গভীৰ আশাবাদী।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd