• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে আৰক্ষীৰ জিম্মাত নিৰ্যাতন আৰু ন্যায় বহিৰ্ভূত হত্যাৰ ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 9:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ষ্টেটাছ অফ পলিচিং ইন ইণ্ডিয়া ৰিপোৰ্ট ২০২৫’ত দাবী কৰা হৈছে যে ভাৰতৰ আৰক্ষী বাহিনীৰ এক উল্লেখযোগ্য অংশই কৰ্তব্যৰত সময়ত নিৰ্যাতন আৰু হিংসাক সমৰ্থন কৰে। কমন ক’জ আৰু লোকনীতি-চিএছডিএছ (চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ডেভেলপিং ছ’চাইটিজ)ৰ গৱেষণা প্ৰতিবেদনত আৰক্ষীৰ জিম্মাত নিৰ্যাতন আৰু ন্যায় বহিৰ্ভূত হত্যাকাণ্ডৰ উদ্বেগজনক ইংগিতো পোৱা গৈছে।

যোৱা বুধবাৰে প্ৰকাশিত এই প্ৰতিবেদনত আইনৰ শাসনক অসন্মান কৰা আৰু আৰক্ষী বিষয়াৰ এটা শ্ৰেণীৰ মাজত গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া মানি নচলাৰ অভিযোগ উত্থাপন কৰা হৈছে। অধ্যয়নটোত দেখা গৈছে যে ২৬ শতাংশ আৰক্ষী সদস্যই দৃঢ়ভাৱে বিশ্বাস কৰে যে তেওঁলোকে নিৰ্ভয়ে বল প্ৰয়োগ কৰিব পাৰে আৰু ৪৫ শতাংশই এই মতামতৰ সৈতে আংশিকভাৱে একমত।

Apply Now

কমন ক’জ আৰু লোকনীতি-চিএছডিএছে কয় যে এই অধ্যয়নৰ বাবে ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভিন্ন আৰক্ষী থানাৰ ৮,২৭৬ জন আৰক্ষী জোৱানৰ সাক্ষাৎকাৰ লোৱা হৈছিল। ইয়াৰ ভিতৰত আছিল কনিষ্টবলৰ পৰা আৰম্ভ কৰি আই পি এছ বিষয়ালৈকে সকলো ৰেংকৰ সদস্য।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে নিৰ্যাতনৰ বলি হোৱা অধিকাংশই দৰিদ্ৰ আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ। বিশেষকৈ মুছলমান, দলিত, জনজাতীয়, নিৰক্ষৰ, বস্তিবাসীৰ বিৰুদ্ধে আৰক্ষীৰ হাৰাশাস্তিৰ প্ৰৱণতা দেখা গৈছে। ১৮ শতাংশ আৰক্ষী বিষয়াই বিশ্বাস কৰে যে মুছলমানসকল “স্বাভাৱিকভাৱে অপৰাধপ্ৰৱণ”।

পেনেল আলোচনাত অংশগ্ৰহণ কৰি প্ৰাক্তন আই পি এছ বিষয়া প্ৰকাশ সিঙে কয় যে আৰক্ষীৰ বৰ্বৰতাক লৈ উদ্বেগ থাকিলেও নিৰ্দিষ্ট পৰিস্থিতিত ইয়াক বুজি পোৱাটো প্ৰয়োজন। আনহাতে, বিশিষ্ট অধিবক্তা বৃন্দা গ্ৰ’ভাৰে কয় যে নিৰ্যাতনৰ অপৰাধৰ বাবে ৰাষ্ট্ৰক প্ৰশ্ন কৰা উচিত আৰু আৰক্ষীক জবাবদিহি কৰিব লাগে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ৩০ শতাংশ আৰক্ষী বিষয়াই গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত কোনো ব্যক্তিৰ বিৰুদ্ধে ‘থাৰ্ড ডিগ্ৰী’ পদ্ধতি ব্যৱহাৰ কৰাটো ন্যায্য বুলি বিশ্বাস কৰে। ইয়াৰ উপৰিও আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ সন্দৰ্ভত তথ্যতো অসামঞ্জস্যতা উত্থাপন কৰা হৈছে, যিটো প্ৰশাসনিক দুৰ্বলতাৰ প্ৰমাণ হিচাপে উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd