• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ভাত ঘুমটি’ ভাল লাগেনে? দিনত ‘অলপ টোপনি’ মগজুৰ বাবে বৰ উপকাৰী; প্ৰকাশ পাইছে গৱেষণাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2023 2:39 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিনত এটা অভ্যাস মগজুৰ বাবে অতি উপকাৰী। সেয়া হ’ল ‘ভাত ঘুমটি’ বা প্ৰতিদিনে দিনৰ ভাগত চমু টোপনি, যিটো আধা ঘণ্টাৰ কম হোৱাটো ভাল। ই জীৱনত তুলনামূলকভাৱে দীঘলীয়া সময়ৰ বাবে মগজুৰ আকাৰ ডাঙৰ কৰি ৰখাত সহায় কৰে। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ এক গৱেষণাত বিষয়টো পোহৰলৈ আহিছে।

গৱেষণাৰ মতে দিনটোত চমু টোপনি মৰাসকলৰ মগজুৰ আকাৰ গড়তকৈ ১৫ ঘন চেণ্টিমিটাৰ ডাঙৰ থাকে। এয়া এজন ব্যক্তিৰ বাৰ্ধক্য তিনিৰ পৰা ছয় বছৰ পিছুৱাই দিয়াৰ সমতুল্য।

কিন্তু দিনৰ ভাগত বহু লোকৰ এই টোপনিৰ অভ্যাস গঢ়ি তোলাটো কঠিন হৈ পৰে। কাৰণ বেছিভাগ সময়তে পেছাদাৰী কামৰ ধৰণৰ ওপৰত ভিত্তি কৰি সেয়া সম্ভৱ নহয়।

Apply Now

ডাক্তৰ ভিক্টোৰিয়া গাৰ্ফিল্ডে কয়, ‘আমি পৰামৰ্শ দিওঁ যে সকলোৱে কম টোপনিৰ দ্বাৰা উপকৃত হ’ব পাৰে। এজন ব্যক্তিৰ বাবে ই একেবাৰে অভূতপূৰ্ব আৰু ৰোমাঞ্চকৰ ঘটনা।’

শিশুৰ শৈশৱত টোপনি কম হোৱাৰ প্ৰৱণতা থাকে আৰু ই তেওঁলোকৰ বিকাশত সহায় কৰে। কিন্তু বয়সৰ লগে লগে মানুহৰ এই কম টোপনিৰ প্ৰৱণতা বহুত কমি যায়। কিন্তু জীৱনৰ শেষ পৰ্যায়ত অৰ্থাৎ অৱসৰৰ পিছত পুনৰ কম টোপনিৰ অভ্যাস গঢ় লৈ উঠে। ৬৫ বছৰৰ ওপৰৰ প্ৰায় ২৭ শতাংশ লোকৰ দিনৰ ভাগত টোপনি কম।

এই সন্দৰ্ভত ডাঃ গাৰ্ফিল্ডে কয় যে ওজন কমা বা নিয়মিতভাৱে ব্যায়াম কৰাটো বহুতৰে বাবে অতি কঠিন। তেনে ক্ষেত্ৰত তুলনামূলকভাৱে কম টোপনিৰ অভ্যাসটো যথেষ্ট সহজ।

সাধাৰণতে বয়সৰ লগে লগে সকলোৰে মগজু বহুত সংকুচিত হয়। তেনে ক্ষেত্ৰত কম টোপনিয়ে এলঝেইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰে নেকি সেই সম্পৰ্কে অধিক গৱেষণাৰ প্ৰয়োজন।

সৰ্বোপৰি ডিমেনচিয়া প্ৰতিৰোধৰ বাবে মগজুৰ সুস্বাস্থ্য অতি প্ৰয়োজনীয়। সেই ক্ষেত্ৰত বিঘ্নিত টোপনিয়ে অতি নেতিবাচক প্ৰভাৱ পেলায়।

গৱেষকসকলৰ মতে, পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱাৰ ফলত মগজুত প্ৰদাহ আৰু ইয়াৰ কোষৰ মাজৰ সংযোগৰ ক্ষতি হ’ব পাৰে।

এই সন্দৰ্ভত গৱেষক ভেলেন্টিনা পাজে কয় যে, “দৈনিক দিনৰ চমু টোপনিয়ে এজন ব্যক্তিৰ টোপনিৰ অভাৱ পূৰণ কৰিব। এনে কৰিলে মগজুৰ কোষবোৰো ক্ষতিৰ পৰা ৰক্ষা পৰিব।”

কিন্তু ডাক্তৰ গাৰ্ফিল্ডে নিজেই কৰ্মক্ষেত্ৰত এই চমু টোপনিৰ উপযুক্ত সুযোগ নাপায়। গতিকে মগজুৰ যত্নৰ ক্ষেত্ৰত তেওঁ এক বেলেগ পন্থা গ্ৰহণ কৰে।

এই বিষয়ে চিকিৎসক গাৰ্ফিল্ডে কয়, “সঁচা কথা ক’বলৈ গ’লে মই ৩০ মিনিটৰ ব্যায়াম চমু টোপনিতকৈ বেছি গ্ৰহণযোগ্য বুলি বিবেচনা কৰোঁ।”

বৰ্তমানৰ অধ্যয়নৰ বাবে ব্ৰিটেইনৰ বায়’বেংকৰ পৰা প্ৰায় ৩৫ হাজাৰ ব্যক্তিৰ তথ্য সংগ্ৰহ কৰা হৈছিল। ইয়াৰ পিছত তথ্যসমূহ পৰ্যালোচনা কৰি নিৰ্বাচিত ৪০ৰ পৰা ৬৯ বছৰীয়া লোকসকলক জিনীয় কাৰকৰ ওপৰত ভিত্তি কৰি চমু টোপনিৰ অভ্যাস থকা আৰু নথকা লোকক দুটা ভাগত ভাগ কৰা হয়।

পিছত এই গৱেষণাৰ ফলাফল স্লিপ হেল্থ নামৰ আলোচনীখনত প্ৰকাশ কৰা হয়। ফলাফলত দেখা গৈছে যে দিনৰ ভাগত কম টোপনিত অভ্যস্ত হোৱা লোকৰ মগজুৰ আকাৰ গড়ে স্বাভাৱিকতকৈ ১৫ ঘন চেণ্টিমিটাৰ ডাঙৰ হয়। ই এজন ব্যক্তিৰ বয়স বৃদ্ধি ২.৬ৰ পৰা ৬.৫ বছৰ পিছুৱাই দিয়াৰ সমতুল্য।

এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা ব্ৰিটিছ নিউৰ’ছায়েন্স এছ’চিয়েশ্যনৰ সভানেত্ৰী টাৰা স্পাইন-জোন্সে কয় যে, ‘মই ছুটিৰ দিনত দনৰ ভাগত চমু টোপনি যাবলৈ ভাল পাওঁ। গৱেষণাৰ মতে মোৰ টোপনিৰ এই অভ্যাসৰ ফলত অলস অনুভৱ কৰাৰ কোনো কাৰণ নাই। লগতে এই চমু টোপনি মোৰ মগজুৰ বাবে ইতিবাচক হ’ব পাৰে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd