এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ পিছত এইবাৰ বিজেপিৰ প্ৰাক্তন সাংসদ ড০ সুব্ৰমনিয়ম স্বামীয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী জনায়।
স্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পোনপটীয়াকৈ কটাক্ষ কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে কেৱল মেৰুদণ্ডবিহীন স্তাৱকক মন্ত্ৰী কৰাৰ ফলাফল পাইছে। ৰে’ল মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত।
বালেশ্বৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পিছত ৰে’ল বিভাগৰ গুৰুতৰ গাফিলতি, অসংগঠিত ব্যৱস্থা আৰু সমন্বয়ৰ অভাৱ দুৰ্ঘটনাৰ আঁৰৰ অন্যতম কাৰণ হিচাপে পোহৰলৈ আহিছে।
লগতে পঢ়ক: এতিয়াও চিনাক্ত হোৱা নাই ১৬০টা মৃতদেহ! বালেশ্বৰৰ পৰা আঁতৰাইছে চৰকাৰে; ক’লৈ নিয়া হৈছে?
ইতিহাসত ইয়াৰ পূৰ্বে এনে দুৰ্ঘটনাৰ বাবে মাত্ৰ দুজন ৰে’ল মন্ত্ৰীয়েহে পদত্যাগ কৰিছে। প্ৰথমজন আছিল লালবাহাদুৰ শাস্ত্ৰী। দ্বিতীয়জন হৈছে নীতিশ কুমাৰ। স্বাভাৱিকতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী উত্থাপন হৈছে।
এটা টুইটযোগে সুব্ৰমনিয়াম স্বামীয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল অযোগ্য স্তাৱকক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। আৰু তাৰেই ফল বালেশ্বৰৰ দৰে দুৰ্ঘটনা।
Now we know: The fast train that flew off the tracks to an oncoming train was never to be allowed on those tracks since the tracks were meant for a slower train. Thus Rail Mantri must resign without waiting for a nod from the PM. Of course Modi is world famous for recruiting…
— Subramanian Swamy (@Swamy39) June 4, 2023
স্বামীয়ে কয়, “এই ট্ৰেকবোৰ লেহেমীয়া ৰে’লৰ বাবে। ইমান বেগী ৰে’ল এই ট্ৰেকত চলোৱাই উচিত হোৱা নাই। গতিকে ৰে’ল মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। প্ৰধানমন্ত্ৰীৰ অনুমতিলৈ অপেক্ষা নকৰি ৰে’ল মন্ত্ৰীয়ে নিজেই পদত্যাগ কৰা উচিত। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অযোগ্য আৰু মেৰুদণ্ডহীন স্তাৱকসকলক মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে বিখ্যাত। তাৰ মূল্য তেওঁ দিবলগীয়া হৈছে। মণিপুৰো ইয়াৰ নিদৰ্শন। মোদীয়ে তাতো তেওঁৰ শিষ্যসকলক বহুৱাই ৰাখিছে।”