NORTHEAST NOW (Assamese)

গৃহবন্দীত্বৰ পৰা মুক্ত চুদানৰ প্ৰধান মন্ত্ৰী, সামৰিক শাসকে প্ৰত্যাহাৰ কৰিলে গৃহবন্দীত্বৰ নিৰ্দেশ

November 22, 2021 7:06 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত গৃহবন্দীত্বৰ পৰা মুক্তি পালে চুদানৰ প্ৰধানমন্ত্ৰী আব্দাল্লা হামদাই। সামৰিক অভ্যুত্থানৰ পিছত যোৱা অক্টোবৰ মাহত সেনাই প্ৰধানমন্ত্ৰী জনক আটক কৰিছিল। আন্তৰ্জাতিক ক্ষেত্ৰত হামদকৰ মুক্তিৰ বাবে বাৰে বাৰে দাবী উত্থাপিত হৈছিল।

অৱশেষত দেওবাৰে PFP ৰ সৈতে বাৰ্তালাপত হামদাকৰ এজন সহায়কে তেওঁৰ মুক্তি নিশ্চিত কৰে। তেওঁ জানিবলৈ দিয়ে যে দেওবাৰে প্ৰধানমন্ত্ৰীক জাৰি কৰা গৃহবন্দীৰ আদেশ প্ৰত্যাহাৰ কৰা হৈছে। তেওঁৰ বাসগৃহৰ সন্মুখত পহৰা দিয়া সেনাকো আঁতৰাই পঠোৱা হৈছে।

চুদানৰ সেনা প্ৰধান জেনেৰেল আব্দেল-ফাট্টা বুৰহানে ২৫ অক্টোবৰত সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। তেওঁ দেশৰ ৰাষ্ট্ৰীয় টিভি চেনেলত বৰ্তমানৰ চৰকাৰক উৎখাত কৰা হৈছে বুলি ঘোষণা কৰিছিল।

তেতিয়াৰ পৰা চুদানৰ পৰিস্থিতি অস্থিৰ হৈ পৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে চুদানৰ ৰাজধানী খাৰ্তুম আৰু ওমদুৰমানৰ ৰাজপথলৈ ওলাই আহিছিল। নিৰাপত্তাৰক্ষীৰ গুলীচালনাত তিনিজন লোক নিহত হৈছিল। কমেও ৮০ জন লোক আহত হৈছিল।

সেনাৰ সৈতে আব্দুল্লা হামদকৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি অৱনতি ঘটিছিল আৰু শেষত প্ৰধানমন্ত্ৰী হামদক সেনাই বন্দী কৰিছিল। তেওঁক গৃহবন্দী কৰি ৰখা হৈছিল।

ৰাষ্ট্ৰসংঘ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নে চুদানত সেনাৰ অভ্যুত্থানৰ তীব্ৰ গৰিহণা দিছিল। হোৱাইট হাউচত জো বিডেনৰ মুখপাত্ৰ কেৰিন জিন পিয়েৰে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰ সামৰিক অভ্যুত্থানৰ বিষয়ে অতি চিন্তিত। ব্ৰিটেইন, ফ্ৰান্স, আয়াৰলেণ্ড, নৰৱে আৰু এষ্টোনিয়াৰ দৰে দেশসমূহেও চুদানৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল।

নতুন চুক্তি চূড়ান্ত হোৱাৰ পিছত চুদানৰ প্ৰধানমন্ত্ৰীক গৃহবন্দীৰ পৰা মুক্তি দিয়া হ’ব বুলি খবৰ ওলোৱাৰ পিছতে অৱশেষত দেওবাৰে প্ৰধানমন্ত্ৰীজনক মুক্তি দিয়া হয়।

Related News