• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ড : অভিযুক্তক ফাঁচীৰ দাবী জনজাতীয় সংগঠনৰ লগতে সক্ৰিয় সমাজকৰ্মীৰ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 29, 2021 2:43 pm
Sumila

ফ'টো সৌজন্য- সামাজিক মাধ্যম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য কঁপোৱা ৰহাৰ কাৰ্বি সম্প্ৰদায়ৰ ১২ বছৰীয়া কন্যা শিশুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ ভাৰত জনজাতি ছাত্ৰ সংস্থা, অসম ৰাজ্যিক সমিতি, কুণ্ডীয় মিছন চ’ছাইটি আৰু দেউৰী পিপলছ জাষ্টিছ ফ’ৰাম, অসমৰ লগতে জনজাতীয় সমাজকৰ্মী আৰু আইনী পৰামৰ্শদাতা ৰাজু দেউৰীয়ে।

সংগঠনটোৰ লগতে জনজাতীয় সমাজকৰ্মী আৰু আইনী পৰামৰ্শদাতা ৰাজু দেউৰীয়ে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত প্ৰকাশ বৰঠাকুৰ আৰু তেওঁ পুত্ৰ নয়নমণি বৰঠাকুৰক অনুসূচীত জাতি/জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত গোচৰ ৰুজু কৰি ফাঁচীৰ দাবী তুলিছে।

Apply Now

অনুসূচীত জাতি/জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত জিলা উপায়ুক্ত অথবা জিলা কাৰ্যবাহী দণ্ডাধীশ আৰু জিলা আৰক্ষী অধীক্ষক অথবা উপ আৰক্ষী অধীক্ষকক ঘটনাস্থলীত উপস্থিত হৈ স্বজমিন কৰিবলৈও দাবী জনাইছে সংগঠকেইটাৰ লগতে জনজাতীয় সমাজকৰ্মী ৰাজু দেউৰীয়ে।

অসম চৰকাৰৰ লগতে অন্যান্য পিচপৰা জাতি/জনজাতি কল্যাণ বিভাগে সততে জনজাতীয় এনে নিৰ্যাতিতাৰ পৰিয়ালক উক্ত আইনৰ আধাৰত ন্যায় প্ৰদানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে বুলি অভিযোগ তুলি ৰাজু দেউৰীয়ে নিৰ্যাতিতা পৰিয়ালটোক এই আইনৰ অধীনত উচিত ক্ষতিপূৰণ আৰু পুনঃসংস্থাপন দিয়াৰো দাবী কৰিছে।

নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত, ধনঞ্জয় চেটাৰ্জী আৰু কাপৰ্ড়ী ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তসকলক ফাঁচী দিয়াৰ দৰে চুমিলা ৰংহাংপীৰ লগতে ঢেকীয়াজুলিৰ ১২ বছৰীয়া শিশুকন্যাসহ মাতৃৰ গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তসকলকো ফাঁচী দিব লাগে বুলি দাবী কৰি সংগঠনকেইটাৰ নেতৃত্বৰ লগতে শ্ৰী দেউৰীয়ে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ লগতে চৰকাৰৰ ভূমিকাত ভীষণ অসন্তুষ্ট বুলি ব্যক্ত কৰিছে।

কোনো উচ্চ বৰ্ণৰ মহিলা, কিশোৰী আৰু শিশু কন্যাই ধৰ্ষণ আৰু হত্যা বলি হ’লে অভিযুক্তক ফাঁচী দিয়া হয় যদিও উচ্চবৰ্ণৰ লোকৰ দ্বাৰা জনজাতীয় মহিলা অথবা কিশোৰী ধৰ্ষণ আৰু হত্যাৰ বলি হ’লে আইনে অভিযুক্তসকলক উচিত শাস্তি নিদি সুৰক্ষাহে প্ৰদান কৰা দেখা যায় বুলিও গুৰুতৰ অভিযোগ তুলিছে ৰাজু দেউৰীয়ে।

উল্লেখ্য যে অনুসূচীত জাতি/জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত উপ আৰক্ষী অধীক্ষক বা ইয়াৰ উৰ্ধৰ আৰক্ষী বিষয়াই এনে ধৰণৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰি অতি শীঘ্ৰেই আদালতত অভিযোগনামা দাখিল কৰিব লাগে।

কিন্তু এনে ধৰণৰ হত্যাকাণ্ডসমূহ আৰক্ষীয়ে উক্ত আইনৰ ধাৰাত গোচৰ ৰুজু নকৰাৰ ফলতে অভিযুক্তই দৃষ্টান্তমূলক শাস্তি আৰু নিৰ্যাতিতাৰ পৰিয়ালে ন্যায় লাভ নকৰে বুলি অভিযোগ কৰিছে তেওঁলোকে।

আনকি অসম আৰক্ষীয়ে অনুসূচীত জাতি/জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত গোচৰ ৰুজু নকৰি এইদৰে জনজাতীয় নিৰ্যাতিতা পৰিয়ালসকলক ন্যায় লাভৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আইনী পৰামৰ্শদাতা ৰাজু দেউৰীয়ে।

আনহাতে এই আইনৰ অধীনত ধৰ্ষণ আৰু হত্যাৰ বলি হ’লে জনজাতীয় নিৰ্যাতিতাৰ পৰিয়ালে ন্যূনতম ১৬.৫০ লাখ টকাৰ আৰ্থিক সাহায্য তথা পুনঃসংস্থাপন লাভ কৰে। কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা এই আৰ্থিক সাহায্য নিৰ্যাতিতা পৰিয়ালক অতি শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠকেইটাৰ নেতৃত্বৰ সৈতে জনজাতীয় সমাজকৰ্মী তথা আইনী পৰামৰ্শদাতা ৰাজু দেউৰীয়ে।

উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছু আৰক্ষী থানাৰ অন্তৰ্গত কুদাম ৰংহাং গাঁৱৰ ১২ বছৰীয়া এগৰাকী কাৰ্বি শিশু কন্যাক পুঢ়োৱাম বুলি ভুৱা প্ৰতিশ্ৰুতিৰে আনি ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালে হত্যা কৰি জ্বলাই দিছিল।

নিৰ্যাতিতাৰ পৰিয়ালৰ অভিযোগ অনুসৰি শিশুটিক পাঁচ বছৰৰ বয়সতে পঢ়ুৱাবলৈ আনি যোৱা পাঁচ বছৰে অকথ্য মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই যোৱা ২২ এপ্ৰিলত হত্যা কৰিছিল বৰঠাকুৰ পৰিয়ালে।

আনকি যোৱা পাঁচ বছৰে বৰঠাকুৰ পৰিয়ালে চুমিলা হত্যাৰ বলি হোৱা উক্ত শিশু কন্যাটিক পিতৃ গৃহলৈ যাবলৈও দিয়া নাছিল বুলি অভিযোগ কৰিছে নিৰ্যাতিতাৰ পৰিয়ালে।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd