• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুখৰ নহ’ল অধিনায়ক ধোনীৰ প্ৰত্যাৱৰ্তন; বেটিং আৰু বলিঙত তাণ্ডৱ নাৰিনৰ, CSKক তচনচ KKRৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 8:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ নেতৃত্বলৈ ঘুৰি আহিল মহেন্দ্ৰ সিং ধোনী, কিন্তু তেওঁ পুনৰ জয়ৰ ধাৰালৈ ঘূৰাই আনিব নোৱাৰিলে চেন্নাইক। কেবল জয়লৈ ঘূৰি অহা নাই বুলি ক’লেই হয়তো একোৱেই কোৱা নহ’ব। নাইট ৰাইডাৰ্ছৰ হাতত একেবাৰে বিধ্বস্ত হৈ পৰিল চেন্নাই ছুপাৰ কিংছ। ৰাহানেৰ কেকেআৰৰ হাতত ৮ উইকেটত পৰাস্ত হয় চি এছ কে। তাকো ৯ অভাৰ খেলিবলৈ বাকী থকা অৱস্থাত।

প্ৰথমতে চিপকত আটাইতকৈ কম ৰান সংগ্ৰহ কৰাৰ লজ্জাজনক অভিলেখ গঢ়ি তুলিলে। তাৰ পিছত কেকেআৰে অনায়াসে মেচখন কাঢ়ি লৈ ​​গ’ল। আৰু দুয়োটা ইনিংছতে নায়ক আছিল সুনীল নাৰিন। লক্ষ্ণৌৰ খেলখনত হোৱা বিপৰ্যয় অতিক্ৰম কৰি জয়ৰ পথলৈ ঘূৰি আহিল কলকাতা নাইটছ ৰাইডাৰ। সেয়াই নহয়, লীগ তালিকাত তিনি নম্বৰ স্থানলৈও উন্নীত হয়।

Apply Now

নাইটছৰ অধিনায়ক অজিংক্য ৰাহানেই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। মূল একাদশত মইন আলীক খেলাটো নাইটছৰ বাবে এক মাষ্টাৰষ্ট্ৰ’ক আছিল। মইনে ডেভন কনৱেক (১২) পেভলিয়নলৈ পঠিয়ায়। পৰৱৰ্তী অভাৰৰ আৰম্ভণিতে হৰ্ষিত ৰাণাই ৰচীন ৰবীন্দ্ৰক(৪) আউট কৰে। বৰুণ চক্ৰৱৰ্তীৰ জালত বন্দী হৈ পৰে বিজয় শংকৰ (২৯)।

তাৰপিছতে আৰম্ভ হয় নাৰিনৰ চিকাৰ। প্ৰথমে তেওঁ ৰাহুল ত্ৰিপাঠী (১৬)ক ঘূৰাই আনে। তাৰ পিছত তেওঁ জাদেজাৰ (০) উইকেট লয়। আনহাতে, হৰ্ষিত ৰাণাই অশ্বিনক (১) ঘূৰাই পঠায়। দীপক হুদা একাউণ্ট নোখোলাকৈ উভতিল। অৱশেষত ৯ নম্বৰত নামিল ধোনী। আৰু এইবাৰো ধোনী সেই নাৰিনৰ ঘূৰ্ণীত আউট হয়। তেওঁ ৪টা বলত মাত্ৰ ১ ৰান সংগ্ৰহ কৰিছিল।

চেন্নাই হঠাৎ ৬৫ ৰানত ৪ উইকেটৰ পৰা ৭৫ ৰানত ৮ উইকেটলৈ গতি কৰে। শেষত শিৱম ডুবেৰ ৩১ ৰানৰ সহায়ত চেন্নাইয়ে মাত্ৰ ১০৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। নাইটছৰ হৈ সুনীল নাৰিনে ৩টা উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তী আৰু হৰ্ষিত ৰাণাই দুটাকৈ উইকেট দখল কৰে।

চিপকত নাৰিন আৰু বৰুণে যিদৰে নিজৰ স্পীনৰ যাদু দেখুৱাইছিল, নূৰ, জাদেজা আৰু অশ্বিনৰ বাবেও একেধৰণৰ প্ৰত্যাশাৰ সৃষ্টি হ’ব পাৰিলেহেঁতেন। মেচখন জয়ী নহ’লেও অন্ততঃ প্ৰতিৰোধ দেখা গ’লহেঁতেন। কিন্তু সেয়া আৰু ক’ত? প্ৰথম অভাৰৰ শেষৰ পৰাই আৰম্ভ হ’ল নাৰিনৰ বেটিং বিস্ফোৰণ।

খলিল আহমেদৰ শেষৰ বলত ছয় মাৰি আৰম্ভ হৈছিল। তাৰ পিছত অশ্বিনৰ এটা অভাৰত দুটা ছয় মাৰে। নাৰিনৰ বেটিং তাণ্ডৱ দেখি এই পিটচত কোনো বিপদ হোৱাৰ অনুভৱ নহ’ল। কুইণ্টন ডি ককেও যোগ্য সংগ দিয়ে। তেওঁ  ১৬টা বলত ২৩ ৰান সংগ্ৰহ কৰে। তেওঁ কোনো চাৰি নামৰিলেও তিনিটা ছয় মাৰিলে। আৰু নাৰিনৰ বেটৰ পৰা আহে ৫টা ছয়। ১৮টা বলত ৪৪ ৰান সংগ্ৰহ কৰি ওভতে নাৰিন।

তাৰ পিছত জয়ী হ’বলৈ বাকী আছিল মাত্ৰ ১৯ ৰান। ৰাহানে (২০) আৰু ৰিংকুৱে (১৫) আৰামেৰে সেই কামটো কৰিলে। শেষত ৯ অভাৰ বাকী থকা অৱস্থাত হাতত ৮ টা উইকেট লৈ কেকেআৰে সহজেই মেচখনত জয়ী হয়। ৬খন মেচ খেলাৰ পিছত ৰাহানেৰ দলটোৱে লাভ কৰিছে ৬ পইণ্ট।

সংক্ষিপ্ত স্কোৰঃ

চেন্নাই ছুপাৰ কিংছঃ ১০৩/৯ (শিৱম ৩১, বিজয় ২৯, নাৰিন ১৩/৩)

কলকাতা নাইট ৰাইডাৰ্ছ: ১০৭/২ (নাৰিন ৪৪, ডি কক ২৩, নূৰ ৮/১)

কেকেআৰে ৮ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd