লিঅনেল মেছিক মাত্ৰ এবাৰ চাবলৈ এইখন ভাৰতত কোটি কোটি টকা খৰচ কৰা হয়। কিন্তু সেইখন ভাৰততেই ফুটবলৰ অৱস্থা অতি শোচনীয়। কেইঘণ্টামানৰ পাছতেই আৰম্ভ হ’ব ফুটবল বিশ্বকাপ। এছিয়াৰ কেইবাখনো দেশে খিতাপ জয়ৰ আশাত খেলপথাৰত নামিব। কিন্তু ভাৰত এতিয়াও গভীৰ অন্ধকাৰৰ মাজত। বিশ্বৰ ক্ৰমতালিকাত ভাৰতীয় দলটো ১৩৯ নম্বৰ স্থানলৈ অৱনমিত হৈছে। আনহাতে যুদ্ধবিধ্বস্ত ইৰাণে বিশ্বকাপত অৱতীৰ্ণ হ’ব। এশ এবুৰি প্ৰতিকূলতা নেওচি ইৰাকেও খেলিবলৈ নামিব। পলকতে চাই লও আহক এছিয়ান দেশসমূহৰ শক্তি আৰু দুৰ্বলতা।
এছীয় দেশসমূহৰ ভিতৰত ফিফাৰ ক্ৰমতালিকাত জাপান আটাইতকৈ আগত আছে। ১৮ নম্বৰ স্থানত থকা জাপানী দলটোৰ কেইবাজনো খেলুৱৈয়ে ইউৰোপৰ বিভিন্ন প্ৰতিযোগিতাত খেলে। দলটোৰ ডিফেন্স যথেষ্ট শক্তিশালী, কিয়নো যোগ্যতা অৰ্জন পৰ্বত জাপানে মাত্ৰ তিনিটা গ’ল খাইছে। অৱশ্যে বিশ্বকাপৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈ মিতোমাৰ দৰে ডিফেন্সিভ খেলুৱৈ বাহিৰ হোৱাটোৱে দলটোক বিপদত পেলাব। আক্ৰমণভাগৰ দুৰ্বলতাই জাপানলৈ অসুবিধা কঢ়িয়াই আনিব পাৰে। তথাপিও প্ৰথম পৰ্যায়ৰ বাধা অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা জাপানৰ আছে।
আমেৰিকাৰ সৈতে যুদ্ধৰ দৰে পৰিস্থিতিৰ মাজতো আমেৰিকাৰ মাটিতে বিশ্বকাপ খেলিবলৈ গৈছে ইৰাণ। ভিছাৰ সমস্যা, খেলক লৈ অনিশ্চয়তা আৰু আৰ্থিক সংকটৰ সন্মুখীন হৈছে মেহদি তাৰেমিৰ দলটো। অতিশয় অভিজ্ঞ দল লৈ ইৰাণে এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছে। খেলপথাৰৰ দুয়োকাষৰ পৰা আক্ৰমণ কৰিব পৰা ক্ষমতা তেওঁলোকৰ আছে। কিন্তু যুদ্ধৰ পৰিৱেশৰ বাবে শেহতীয়াভাৱে ইৰাণৰ খেলুৱৈসকলে প্ৰতিযোগিতামূলক খেলৰ পৰা বহু দূৰত আছিল। বিশ্বকাপত কঠিন প্ৰতিপক্ষক চম্ভালি পৰৱৰ্তী পৰ্যায়লৈ যোৱাটোৱেই ইৰাণৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।
দুহেজাৰ দুই চনত চতুৰ্থ স্থান অধিকাৰ কৰাৰ পাছৰে পৰা প্ৰতি বছৰে এছিয়াৰ ফুটবলপ্ৰেমীসকলৰ দৃষ্টি দক্ষিণ কোৰিয়াৰ ওপৰত থাকে। যোৱা বিশ্বকাপতো যথেষ্ট আগবাঢ়ি যোৱা এই দলটোৰ মূল শক্তি হৈছে প্ৰতি-আক্ৰমণ। অধিনায়ক চন হিউং মিনৰ দৰে কেইবাজনো খেলুৱৈয়ে অকলেই খেলৰ গতি সলনি কৰিব পাৰে। অৱশ্যে দক্ষিণ কোৰিয়াৰ অতিৰিক্ত ব্যক্তিনিৰ্ভৰশীলতাই আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিব পাৰে। তুলনামূলকভাৱে সহজ গোটত থকাৰ বাবে পৰৱৰ্তী পৰ্যায়লৈ যোৱাত তেওঁলোকৰ বিশেষ অসুবিধা নহ’ব।
এছিয়া মহাদেশৰ প্ৰতিনিধি হিচাপে বিশ্বকাপত অংশগ্ৰহণ কৰে অষ্ট্ৰেলিয়াই। যোৱাবাৰ যথেষ্ট আগবাঢ়ি গৈ সকলোকে আচৰিত কৰিছিল জেচন কামিংছৰ দলটোৱে। এইবাৰ মুখ্য প্ৰশিক্ষক টনি পপভিচৰ তত্ত্বাৱধানত ডিফেন্স অধিক শক্তিশালী কৰি খেলপথাৰত নামিব অষ্ট্ৰেলিয়া। কিন্তু ৰাইলি মেকগ্ৰিৰ দৰে আক্ৰমণাত্মক মধ্যভাগৰ খেলুৱৈৰ অভাৱ অষ্ট্ৰেলিয়াই অনুভৱ কৰিব। লগতে গ’ল কৰা খেলুৱৈৰ অভাৱৰ সমস্যাও আছে। বিশ্বকাপত এইবাৰ যথেষ্ট সহজ গোটত আছে অষ্ট্ৰেলিয়া, সেয়েহে দ্বিতীয় পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা প্ৰবল।
প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মঞ্চত খেলিবলৈ ওলাইছে উজবেকিস্তান। দলটোৰ আটাইতকৈ ডাঙৰ ভৰসা হৈছে মানচেষ্টাৰ চিটিৰ ডিফেন্সৰ খেলুৱৈ আব্দুকোদিৰ। যোগ্যতা অৰ্জন পৰ্বত তেওঁলোকৰ শক্তিশালী ৰক্ষণভাগে এটাও গ’ল খোৱা নাই। যুৱ পৰ্যায়ত শেহতীয়াকৈ যথেষ্ট সফলতা লাভ কৰিছে উজবেকিস্তানে আৰু সেই খেলুৱৈসকলৰ কেইবাজনো বিশ্বকাপৰ দলটোলৈ নিৰ্বাচিত হৈছে। অৱশ্যে দলটোৰ এটেক সিমান শক্তিশালী নহয়। বিশ্বকাপ খেলাৰ কোনো পূৰ্ব অভিজ্ঞতাও উজবেকিস্তানৰ নাই। প্ৰথম পৰ্যায়ৰ বাধা অতিক্ৰম কৰাটোৱেই তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।
চল্লিছ বছৰৰ মূৰত পুনৰ বিশ্বকাপত খেলিছে ইৰাকে। দলটোত তেনে কোনো তাৰকা খেলুৱৈ নাই, আৰু সেয়াই ইৰাকৰ আটাইতকৈ ডাঙৰ শক্তি। তেওঁলোকে সম্পূৰ্ণ চাপমুক্ত হৈ খেলিব পাৰিব। কিন্তু বিশ্বকাপৰ প্ৰথম পৰ্যায়ত ফ্ৰান্স আৰু নৰৱেৰ দৰে প্ৰতিপক্ষৰ বিৰুদ্ধে ইৰাকৰ সফলতা লাভ কৰাটো অতিশয় কঠিন। ইৰাকৰ ঘৰুৱা প্ৰতিযোগিতাৰ মানদণ্ড ইউৰোপীয় প্ৰতিযোগিতাসমূহতকৈ বহু গুণে কম। ইয়াৰ উপৰিও কাটাৰ, চৌদি আৰৱ আৰু জৰ্ডানে খেলিব এইবাৰৰ বিশ্বকাপত। ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ দায়িত্ব লাভ কৰিছে চৌদি আৰৱে।
বিশ্বকাপৰ এই উজ্জ্বল পোহৰৰ মাজতো ভাৰত অন্ধকাৰতেই ৰৈ গৈছে। শেহতীয়াকৈ এছিয়ান ফুটবল সংস্থাই জনাইছে যে ভাৰতৰ ঘৰুৱা প্ৰতিযোগিতাৰ বিজয়ী দলে তৃতীয় পৰ্যায়ৰ খেলতহে অংশগ্ৰহণ কৰিব পাৰিব। বিশ্বকাপৰ পূৰ্বে প্ৰকাশিত ক্ৰমতালিকাত ভাৰতীয় দলটো আৰু তিনিটা স্থান তললৈ নামি গৈছে। তাজিকিস্তানৰ দৰে প্ৰতিপক্ষকো ভাৰতে ভয় কৰিবলগীয়া অৱস্থা হৈছে। এশ চল্লিছ কোটি জনসংখ্যাৰ দেশখনত ফুটবলক লৈ প্ৰবল উৎসাহ আছে। কিন্তু খেলপথাৰৰ দুৰ্দশা আজিও অব্যাহত আছে। এই অন্ধকাৰ আঁতৰি ভাৰতৰ আকাশত কেতিয়ানো সূৰ্যোদয় হ’ব সেয়াহে এতিয়া এক ডাঙৰ প্ৰশ্ন।





