DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

হৰিদ্বাৰৰ ধৰম সংসদ সাম্প্ৰদায়িক ভাষণৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2022 6:34 pm
Haridwar hate speech
157
VIEWS
Share on FacebookShare on Twitter

যোৱা বৰ্ষৰ শেষৰ ফালে হৰিদ্বাৰৰ ধৰম সংসদ নামৰ এক অনুষ্ঠানত এচাম হিন্দুত্ববাদীৰ বিতৰ্কিত সাম্প্ৰদায়িক ভাষণ প্ৰসঙ্গত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

আজি জ্যেষ্ঠ অধিবক্তা কপিল চিবালে উচ্চতম ন্যায়ালয়ক কয় যে ধৰ্ম সংসদৰ ঘৃণামূলক ভাষণৰ বিষয়টো অতি বিপদজনক।

তেওঁ কয়, “এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা বা গ্ৰেপ্তাৰ কৰা হোৱা নাই। মই উচ্চতম ন্যায়ালয়ক বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ জনাইছো।”

১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত তিনিদিনীয়া “ধৰম সংসদ” বা ধৰ্মীয় সভাৰ সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে উচতনিমূলক আৰু সাম্প্ৰদায়িক ভাষণ দিয়া হৈছিল।

সমবেত লোকসকলক সম্বোধন কৰা কেইবাজনো হিন্দু ধৰ্মীয় নেতাই সম্প্ৰদায়টোক মুছলমানসকলৰ বিৰুদ্ধে অস্ত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।

উক্ত বিতৰ্কিত ধৰ্ম সংসদত উপস্থিত আছিল হিন্দু ৰক্ষা সেনাৰ প্ৰবোধানন্দ গিৰি, বিজেপি মহিলা মৰ্চাৰ নেত্ৰী উদিতা ত্যাগী তথা বিজেপি নেতা অশ্বিনী উপাধ্যায়।

ভাইৰেল এটা ভিডিঅ’ ক্লিপত প্ৰবোধানন্দ গিৰিয়ে কৈছিল যে “ম্যানমাৰৰ দৰে আমাৰ আৰক্ষী, সেনা, ৰাজনীতিক তথা হিন্দু সম্প্ৰদায়ৰ সকলো লোকে হাতত অস্ত্ৰ তুলি ল’ব লাগিব। এইবাৰ ‘চাফাই অভিযান’ চলাব লাগিব।”

সেইদৰে শকুন পাণ্ডে নামৰ আন এগৰাকী বক্তাই কৈছে, “যদি তেওঁলোকক সমূলি ধ্বংস কৰিব বিচাৰে, তেতিয়াহ’লে তেওঁলোকক হত্যা কৰক। আমি এনেকুৱা ১০০জন যোদ্ধা বিচাৰে যিয়ে তেওঁলোকৰ ২০ লাখ লোকক হত্যা কৰিব।”

স্বামী ধৰমদাস মহাৰাজ নামৰ আন এজন হিন্দুত্ববাদীয়ে সুযোগ পালে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক হত্যা কৰিলেহেঁতেন বুলি মন্তব্য কৰিছিল।

এই অনুষ্ঠানটোক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে বিৰোধী দলসমূহে অভিযুক্ত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আৰক্ষীয়ে কেইজনমান অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলেও বৰ্তমানলৈকে এজনকো গ্ৰেপ্তাৰ কৰা নাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ৰ ৭৬ জন অধিবক্তাই বিষয়টোত হস্তক্ষেপ বিচাৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল।বিৰোধী দল কংগ্ৰেছেও এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছিল।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd