NORTHEAST NOW (Assamese)

বিলকিছ বানো গোচৰৰ শুনানিৰ পৰা পুনৰ আঁতৰি আহিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বেলা এম ত্ৰিবেদী

January 4, 2023 9:13 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 4, 2023 8:33 pm

দেশ কঁপোৱা ২০০২ চনৰ গোধৰা কাণ্ডৰ সময়ত বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালৰ সদস্যক হত্যা কৰা ১১ গৰাকী দোষীৰ মুক্তিৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানিৰ পৰা আজি পুনৰ নিজকে আঁতৰাই আনে ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়ে।

ন্যায়াধীশ অজয় ৰাস্তোগী আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে আজি বিষয়টো আন এখন বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়াধীশ ত্ৰিবেদী এই বিচাৰপীঠৰ সৈতে জড়িত নাথাকিব।

ন্যায়াধীশ ত্ৰিবেদীৰ অস্বীকাৰৰ পাছতে ন্যায়াধীশ অজয় ৰাস্তোগীয়ে কয়, “যিহেতু জাষ্টিচ ত্ৰিবেদী গোচৰৰ পৰা আঁতৰিব বিচাৰে, গতিকে আমি টেগিং অৰ্ডাৰ পাছ কৰিব নোৱাৰো। গোচৰটো আন এখন বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰক, এই বিচাৰপীঠত ন্যায়াধীশ ত্ৰিবেদী নাথাকিব।”

ইয়াৰ পূৰ্বে ন্যায়াধীশ ত্ৰিবেদীয়ে দোষীক প্ৰদান কৰা ৰেমিচনৰ বিৰুদ্ধে বিলকিছ বানোৱে দাখিল কৰা আবেদনৰ শুনানিৰ পৰাও নিজকে আঁতৰাই ৰাখিছিল।

উল্লেখ্য যে, দোষীৰ মুক্তিৰ বিৰুদ্ধে আবেদন দাখিল কৰাৰ উপৰিও বানোৱে পূৰ্বৰ আদেশৰ পুনৰীক্ষণ বিচাৰি আবেদন দাখিল কৰিছিল। এই আবেদনৰ দ্বাৰা গুজৰাট চৰকাৰক এগৰাকী দোষীৰ ক্ষমাৰ আবেদন পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল। কিন্তু এই পুনৰীক্ষণ আবেদন খাৰিজ কৰা হয়।

দোষীৰ মুক্তিৰ সিদ্ধান্ত বাতিল কৰাৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত কেইবাগৰাকীয়েও লেখ আবেদন দাখিল কৰিছিল। নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনৰ সাধাৰণ সম্পাদক এনি ৰাজা, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য সুভাষিনী আলী, সাংবাদিক ৰেৱতী লাউল, সমাজ কৰ্মী তথা অধ্যাপিকা ৰূপ ৰেখা বাৰ্মা আৰু টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই দাখিল কৰিছিল আবেদন।

স্মৰ্তব্য যে ২০০২ চনৰ গুজৰাটৰ নৃশংস গোধৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত সেই সময়ৰ ২১ বৰ্ষীয় বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই সময়ত বানো আছিল ৫ মহীয়া গৰ্ভৱতী। তদুপৰি বানোৰ তিনি বছৰীয়া কন্যাকে ধৰি পৰিয়ালৰ ৯ জন সদস্যক হত্যা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে।

২০০৮ চনত আদালতে বিলকিছ বানো ধৰ্ষণ তথা হত্যাৰ এই গোচৰত ১১ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল যদিও ১৫ আগষ্টত গুজৰাট চৰকাৰে আটাইকেইগৰাকী ধৰ্ষণকাৰীকে মুক্তি দিছিল।

যোৱা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে পূৰ্বৰ ৰেমিছন নীতিৰ আধাৰত দোষীক মুকলি কৰি দিয়াৰ পিছত দেশজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। বিশেষকৈ ধৰ্ষণকাৰী অপৰাধীসকলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছত এক হিন্দুত্ববাদী সংগঠনে নায়কৰ দৰে আদৰণি জনোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Related News