NORTHEAST NOW (Assamese)

শলঠেকত চৰকাৰ: ফেচবুকত গোমূত্ৰৰ পোষ্ট দি গ্ৰেপ্তাৰ হোৱা মণিপুৰৰ সমাজকৰ্মী লেইচমবাম ইৰেন্দ্ৰক মুক্তিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 19, 2021 5:15 pm · এন ই নাও নিউজ
Updated: July 19, 2021 5:59 pm

কিছুদিন পূৰ্বে ফেচবুকত গোৱৰ আৰু গোমূত্ৰ সন্দৰ্ভত পোষ্ট দি গ্ৰপ্তোৰ হোৱা মণিপুৰৰ সমজকৰ্মী লেইচমবাম ইৰেন্দ্ৰক শীঘ্ৰে মুক্তি দিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে।

আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড আৰু ন্যায়াধীশ এম আৰ শ্বাহকলৈ গঠিত খণ্ডপীঠে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা লেইচমবাম ইৰেন্দ্ৰক শীঘ্ৰে মুক্তি দিবলৈ কয়।

চৰকাৰৰ হৈ চলিচটিৰ জেনেৰেল তুষাৰ মেহতাই এই সন্দৰ্ভত আদালতৰ পৰা আৰু কিছু সময় বিচাৰি কাইলৈ পৰ্যন্ত গোচৰৰ শুনানি স্থগিত ৰাখিবলৈ আবেদন জনায় যদিও খণ্ডপীঠ খনে কয় যে লেইচমবাম ইৰেন্দ্ৰক গ্ৰেপ্তাৰ কৰি চৰকাৰে তেওঁৰ ব্যক্তিগত স্বাধীনতা খৰ্ব কৰিছে।

সেয়ে শীঘ্ৰে পাৰিলে আজি বিয়লি ৫ বজাৰ ভিতৰতে তেওঁক ১০০০ টকাৰ বণ্ডত মুক্তি দিব লাগে।আদালতে আজি লেইচমবাম ইৰেন্দ্ৰৰ পিতৃয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

২০২০ চনতো লেইচমবাম ইৰেন্দ্ৰ ফেচবুকৰ এটা পোষ্টৰ বাবে অভিযুক্ত হৈছিল।উল্লেখ্য লেইচমবাম ইৰেন্দ্ৰই ফেচবুকত এইবুলি মন্তব্য কৰিছিল যে

গোবৰ আৰু গো-মূত্ৰই কোভিডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে বিজেপিৰ এজন ৰাজ্যিক সভাপতিক। এইদৰে মন্তব্য কৰি চৰকাৰৰ ৰোষত পৰিছিল এগৰাকী সাংবাদিকসহ লেইচমবাম ইৰেন্দ্ৰ।

উল্লেখ্য যে কোভিডত আক্ৰান্ত হৈ মণিপুৰ বিজেপিৰ ৰাজ্যিক সভাপতি টিকেন্দ্ৰ সিংহৰ মৃত্যুৰ হোৱাৰ পিছতে সাংবাদিক কিশোৰচন্দ্ৰ ওৱাংখেম আৰু ৰাজনৈতিক কৰ্মী ইৰেন্দ্ৰো লেইচম্বমকেইৰ বিৰুদ্ধে

সামাজিক মাধ্যমত আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ৰাজ্যিক সভাপতিগৰাকীৰ কোভিডত মৃত্যু হোৱাৰ পিছতে সামাজিক মাধ্যমত এই আপত্তিজনক মন্তব্য কৰা বুলি ৰাজ্যখনৰ বিজেপিৰ উপ সভাপতি উশাম দেবান আৰু সাধাৰণ সম্পাদক পি প্ৰেমানন্দ মেইতেইয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

এই অভিযোগৰ ভিত্তিতে মে’ মাহত আৰক্ষীয়ে সাংবাদিক কিশোৰচন্দ্ৰ ওৱাংখেম আৰু ৰাজনৈতিক কৰ্মী ইৰেন্দ্ৰো লেইচম্বমকেই গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

মণিপুৰৰ বিজেপি চৰকাৰে তেওঁৰ  বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন কৰিছিল।

Related News