বৰ্তমান সময়ত প্ৰেম আৰু সম্পৰ্কৰ ধাৰণা বহুখিনি সলনি হৈছে যদিও বিয়াৰ পূৰ্বে শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এক বিশেষ সতৰ্কবাণী প্ৰদান কৰিছে। এটা ধৰ্ষণৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰপীঠে মৌখিকভাৱে পৰ্যবেক্ষণ কৰি কয় যে বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ ক্ষেত্ৰত ল’ৰা আৰু ছোৱালী উভয়ে অতি সাবধান হোৱা উচিত। ন্যায়াধীশ বিভি নাগাৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে স্পষ্টকৈ জনায় যে বিয়াৰ আগতে ইজনে সিজনক সম্পূৰ্ণৰূপে বিশ্বাস কৰাটো কেতিয়াবা বিপদজনক হৈ পৰিব পাৰে।
এই শুনানিৰ সময়ত ন্যায়াধীশ নাগাৰত্নই মন্তব্য কৰে যে হয়তো তেওঁলোকৰ ধাৰণা কিছু পুৰণি হ’ব পাৰে কিন্তু বিবাহৰ আগতে এজন ল’ৰা আৰু এজনী ছোৱালী দৰাচলতে ইজনে সিজনৰ বাবে অপৰিচিত হৈ থাকে। সম্পৰ্ক যিমানেই গভীৰ নহওক কিয় বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ বিষয়টো তেওঁলোকে সহজভাৱে ল’ব পৰা নাই বুলি উল্লেখ কৰে। বিচাৰপীঠৰ মতে এনেবোৰ বিষয়ত কাৰোবাক বিশ্বাস কৰাৰ আগতে বহুত ভাবি চিন্তি সিদ্ধান্ত লোৱাটো দৰকাৰী।
এই সমগ্ৰ গোচৰটোৰ আৰম্ভণি হৈছিল এজনী যুৱতীৰ অভিযোগৰ ভিত্তিত। ২০২২ চনত এটা মেট্ৰিমোনিয়েল ৱেবছাইটৰ জৰিয়তে অভিযুক্ত যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ পৰিচয় হৈছিল। যুৱতীগৰাকীৰ অভিযোগ আছিল যে বিয়াৰ প্ৰতিশ্ৰুতি দি যুৱকজনে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। তেওঁলোক দুয়োজন ডুবাইলৈ ফুৰিবলৈও গৈছিল। কিন্তু পিছলৈ যুৱতীগৰাকীয়ে জানিব পাৰে যে অভিযুক্ত যুৱকজন আগৰে পৰাই বিবাহিত আছিল আৰু তেওঁ পঞ্জাৱত আন এগৰাকী মহিলাক পুনৰ বিয়া কৰাইছিল। ইয়াৰ উপৰিও যুৱতীগৰাকীৰ সন্মতি অবিহনে তেওঁলোকৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি সেয়া সামাজিক মাধ্যমত বিয়পাই দিয়াৰ ভাবুকিও দিয়া হৈছিল বুলি গোচৰত উল্লেখ কৰা হয়।
শুনানিৰ সময়ত আদালতে এই প্ৰশ্নও উত্থাপন কৰে যে যদি বিয়াৰ বিষয়টো ইমান নিশ্চিত আছিল তেন্তে বিয়াৰ আগতে ডুবাইলৈ যোৱাৰ সিদ্ধান্ত কিয় লোৱা হৈছিল। চৰকাৰী অধিবক্তাই যুক্তি দিয়ে যে তেওঁলোক দুয়োজনে বিয়াৰ পৰিকল্পনা কৰি আছিল বাবেই একেলগে ভ্ৰমণ কৰিছিল। কিন্তু আদালতে কয় যে যদি কোনোবাই বিয়াৰ ক্ষেত্ৰত ৰক্ষণশীল মনোভাব পোষণ কৰে তেন্তে বিবাহৰ পূৰ্বে এনে ভ্ৰমণ বা শাৰীৰিক সম্পৰ্কৰ পৰা বিৰত থকা উচিত। উচ্চতম ন্যায়ালয়ে লগতে জনায় যে পাৰস্পৰিক সন্মতিৰ ভিত্তিত গঢ়ি উঠা সম্পৰ্কৰ ক্ষেত্ৰত সদায় কেৱল ফৌজদাৰী বিচাৰ বা শাস্তি একমাত্ৰ সমাধান নহয়। এনে ধৰণৰ পাৰিবাৰিক বা ব্যক্তিগত বিষয়বোৰ আলোচনা বা মধ্যস্থতাৰ জৰিয়তে সমাধান কৰাৰ ওপৰতো বিচাৰপীঠে গুৰুত্ব আৰোপ কৰে।





