• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানুহৰ বাবে বিপজ্জনক! বলীয়া কুকুৰক হত্যা কৰাৰ অনুমতিকে ধৰি কি কি নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 1:30 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ আৰু ৰাজহুৱা স্থানৰ পৰা অঘৰী কুকুৰ আঁতৰোৱাৰ পূৰ্বৰ নিৰ্দেশ পুনৰীক্ষণৰ বাবে উত্থাপিত সকলো আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। ২০২৫ চনৰ নৱেম্বৰ মাহত আদালতে নিৰ্দেশ দিছিল যে বিদ্যালয়, চিকিৎসালয়, আদালত, চৰকাৰী কাৰ্যালয়, বাছ ষ্টেণ্ড, ৰেল ষ্টেচন আৰু অন্যান্য ৰাজহুৱা স্থান আৰু চৰকাৰী প্ৰতিষ্ঠানৰ পৰা বিপথগামী কুকুৰ আঁতৰাই পেলাব লাগে।

ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে মঙলবাৰে কয় যে সেই নিৰ্দেশৰ কোনো পৰিৱৰ্তন কৰা নহ’ব। একে সময়তে মঙলবাৰে জলাতংক ৰোগত আক্ৰান্ত আৰু গুৰুতৰভাৱে অসুস্থ কুকুৰৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে আদালতে। মানুহৰ বাবে বিপজ্জনক কুকুৰক হত্যাৰ অনুমতি দিছে উচ্চতম ন্যায়ালয়ে।

Apply Now

ৰাস্তাৰ পৰা অঘৰী কুকুৰ আঁতৰোৱাৰ নিৰ্দেশ পুনৰীক্ষণৰ দাবীত কুকুৰপ্ৰেমীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে পূৰ্বৰ নিৰ্দেশ সংশোধন কৰিবলৈ ইচ্ছুক নহয়। একে সময়তে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে জাৰি কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি)ক প্ৰত্যাহ্বান জনাই কৰা আবেদনখনো খাৰিজ কৰা হয়।

আজি উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে কুকুৰপ্ৰেমীৰ আবেদনৰ সৈতে মতানৈক্য প্ৰকাশ কৰে। ৰাজহুৱা স্থানত অঘৰী কুকুৰৰ উপস্থিতিক ‘চিন্তনীয়’ বুলি অভিহিত কৰে ন্যায়াধীশসকলে। তেওঁলোকৰ মতে, কুকুৰৰ আক্ৰমণৰ ঘটনা যি ধৰণে পোহৰলৈ আহিছে, বিশেষকৈ তেওঁলোকে শিশুক আক্ৰমণ কৰাৰ ধৰণক আওকাণ কৰিব নোৱাৰি।

আদালতে কয় যে, ‘আমি ৭ নৱেম্বৰৰ ৰায় প্ৰত্যাহাৰৰ বাবে কৰা আবেদনসমূহ বিতংভাৱে বিবেচনা কৰিছো আৰু সকলো আবেদন খাৰিজ কৰিছো।’

আবেদনকাৰীসকলে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডৰ কাৰ্য্যবিধিত হস্তক্ষেপ কৰাৰ কোনো যুক্তিসংগত কাৰণ দেখুৱাব পৰা নাছিল। শীৰ্ষ আদালতে কয় যে বিপথগামী কুকুৰৰ সমস্যা এতিয়া কেৱল পশু কল্যাণৰ বিষয় নহয়, বৰঞ্চ ই এক ‘গুৰুতৰ জনস্বাস্থ্য আৰু জনসাধাৰণৰ সুৰক্ষাৰ বিষয়’।

যোৱা কিছু বছৰত কুকুৰে কামোৰা আৰু জলাতংক ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ আদালতে উদ্বেগ প্ৰকাশ কৰে। আদালতৰ মতে, ‘এজন ব্যক্তিৰ মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰৰ ভিতৰত কুকুৰৰ আক্ৰমণ বা ভাবুকিৰ ভয় নোহোৱাকৈ স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰো অন্তৰ্ভুক্ত।’

এই প্ৰসংগত উচ্চতম ন্যায়ালয়ে প্ৰয়োজন হ’লে মানৱ জীৱনৰ বাবে বিপদজনক উন্মাদ আৰু গুৰুতৰভাৱে অসুস্থ কুকুৰক হত্যা কৰাৰ অনুমতি প্ৰদান কৰে। আদালতে কয়, ‘পশু জন্ম নিয়ন্ত্ৰণ নিয়ম আৰু অন্যান্য প্ৰযোজ্য বিধিগত প্ৰট’কল অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষই দুৰাৰোগ্য ৰোগত আক্ৰান্ত, জলাতংক ৰোগত আক্ৰান্ত আৰু মানুহৰ বাবে বিপজ্জনক কুকুৰক হত্যা কৰাৰ পদক্ষেপ ল’ব পাৰে।’

শুনানিৰ সময়ত ন্যায়াধীশসকলে বিভিন্ন ৰাজ্য চৰকাৰ আৰু পৌৰসভাৰ ভূমিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে বহু ৰাজ্যই এতিয়াও পৰ্যাপ্ত কুকুৰ আশ্ৰয় শিবিৰ, বন্ধ্যাকৰণ কেন্দ্ৰ বা কুকুৰ ধৰাৰ আন্তঃগাঁথনি সৃষ্টি কৰিব পৰা নাই। ন্যায়াধীশসকলে কয়, ‘এতিয়া এই সমস্যা নিয়ন্ত্ৰণ নকৰিলে প্ৰতি বছৰে আৰু ১০-১৫ শতাংশ বিপথগামী কুকুৰৰ সংখ্যা বৃদ্ধি পাব।’

আদালতক অৱগত কৰা হয় যে দেশৰ বহু ৰাজ্যত পৰ্যাপ্ত অনুজ্ঞাপত্ৰপ্ৰাপ্ত পশু আশ্ৰয় শিবিৰ নাই। এডব্লিউবিআইৰ অধিবক্তাগৰাকীয়ে কয় যে বৰ্তমান মাত্ৰ ৭৬টা স্বীকৃতিপ্ৰাপ্ত কেন্দ্ৰ আছে আৰু ২৫০টাতকৈও অধিক আবেদন এতিয়াও বাকী আছে। তাৰ পিছত আদালতে আৱেদনসমূহৰ শীঘ্ৰে সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে।

২০২৫ চনৰ পৰা আৰম্ভ হৈছিল এই গোচৰ। দিল্লী-এনচিআৰ অঞ্চলত অঘৰী কুকুৰৰ আক্ৰমণ আৰু মৃত্যুৰ ঘটনাৰ আধাৰত উচ্চতম ন্যায়ালয়ে নিজাববীয়া গোচৰ আৰম্ভ কৰিছিল। সেই সময়ত তদানীন্তন ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু তদানীন্তন ন্যায়াধীশ আৰ মহাদেৱনৰ বিভাগীয় বিচাৰপীঠে সমগ্ৰ দিল্লী আৰু এন চি আৰৰ জনবসতিপূৰ্ণ অঞ্চলৰ পৰা বিপথগামী কুকুৰক আঁতৰাই আশ্ৰয় শিবিৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছিল। পিছত সেই গোচৰত পশুপ্ৰেমীসকলে এই নিৰ্দেশত আপত্তি কৰে।

পশুপ্ৰেমী সংগঠন আৰু একাংশ আবেদনকাৰীয়ে আদালতৰ এই নিৰ্দেশৰ বিৰোধিতা কৰি অঘৰী কুকুৰক নিৰ্বিচাৰে আঁতৰাই পেলোৱাটো অমানৱীয় বুলি দাবী কৰে। বন্ধ্যাকৰণ আৰু টিকাকৰণৰ পিছত কুকুৰকেইটাক পুনৰ একে অঞ্চললৈ ঘূৰাই পঠিয়াব লাগে বুলি দাবী জনায়।

অৱশ্যে উচ্চতম ন্যায়ালয়ে কয় যে জনসাধাৰণৰ সুৰক্ষা আৰু পশু কল্যাণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আদালতে নিয়ন্ত্ৰিত বন্ধ্যাকৰণ, আশ্ৰয় শিবিৰৰ ব্যৱস্থা, টিকাকৰণ আৰু প্ৰশাসনিক সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd