ৰঙা ৰঙেৰে ৰাঙলী হৈ পৰিছে উচ্চতম ন্যায়ালয়। অৱশ্যে এই ৰং সাধাৰণ ৰং নহয়, ই গুটখাৰ পিক। গোটেই আদালতৰ চৌহদ গুটখা পিকেৰে ভৰি পৰিছে। ইয়াৰ কাষেৰে খোজ কাঢ়ি গৈ আছে ন্যায়াধীশ, অধিবক্তা আৰু বিচাৰ প্ৰাৰ্থী।
এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এতিয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয় সক্ৰিয় হৈ পৰিছে। গুটখাৰে আদালতৰ চৌহদ লেতেৰা কৰা এই নিচাসক্তসকলৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।
উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, ‘পৰ্যবেক্ষণ কৰা হৈছে যে আদালতলৈ অহা বহু লোকৰ পান মছলা, গুটখা, ধঁপাত চোবাই খোৱাৰ অভ্যাস আছে। আৰু আদালত চৌহদৰ বেৰ, ৱাছবেচিন আৰু খোৱাপানীৰ ঠাইৰ চুকত পিক পেলাইছে। এই বেয়া অভ্যাসৰ বাবে আদালতৰ চৌহদ লেতেৰা হৈ পৰিছে আৰু নিষ্কাশন ব্যৱস্থাও বিঘ্নিত হৈছে।’ কেৱল সেয়াই নহয়, এই ঘটনাৰ লগত জড়িত স্বাস্থ্যজনিত বিপদৰ কথাও সোঁৱৰাই দিছে আদালতে।
নিৰ্দেশনাত উল্লেখ কৰা হৈছে, ‘এই ধৰণে থু পেলোৱাৰ অভ্যাসৰ বাবে সংক্ৰমণৰ আশংকাও থাকে। এই ঘটনা আদালতলৈ অহা আন লোকৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে। গতিকে এনে নিচাত আসক্ত সকলক আদালত চৌহদত পান মছলা, গুটখা বা ধঁপাতজাতীয় সামগ্ৰী সেৱন নকৰিবলৈ আৰু থু নেপেলাবলৈ অনুৰোধ জনালোঁ। আদালতৰ চৌহদ পৰিষ্কাৰ কৰি ৰখাত সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে।’
মন কৰিবলগীয়া যে দেশত গুটখা সমস্যাই জুৰুলা কৰিছে। ৰেল ষ্টেচন, বিমানবন্দৰৰ পৰা আৰম্ভ কৰি দলং আৰু পথলৈকে সকলোতে গুটখা প্ৰেমীৰ প্ৰেমৰ ৰঙা নিচান। ২০২৩ চনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ৰে’লৱেই যাত্ৰীৰ পান-গুটখা পিক চাফা কৰাৰ বাবে প্ৰতি বছৰে প্ৰায় ১২০০ কোটি টকা খৰচ কৰে।
আন এক চাঞ্চল্যকৰ অধ্যয়নত কোৱা হৈছে যে গ্ৰাম্য পৰিয়ালসমূহে তেওঁলোকৰ মুঠ ব্যয়ৰ মাত্ৰ ২.৫%হে শিক্ষাৰ বাবে ব্যয় কৰে, আনহাতে ৪% ধঁপাতজাতীয় সামগ্ৰীৰ বাবে ব্যয় কৰা হয়, যাৰ এক বৃহৎ অংশ গুটখা।
এই পৰিস্থিতি ৰোধ কৰিবলৈ চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা ধঁপাতজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। কিন্তু এতিয়ালৈকে ইয়াৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই।





