কি ক’লে? ইভিএম-ভিভিপিএটি পৰীক্ষণ গোচৰৰ সকলো আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ ইভিএম আৰু ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল অৰ্থাৎ ভিভিপিএটিৰ সৈতে জড়িত গোচৰটোৰ সকলো আবেদন নাকচ কৰে।

উচ্চতম ন্যায়ালয়ে বেলট পেপাৰেৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ভিভিপিএটৰ সৈতে ১০০ শতাংশ মিলাই চোৱাৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আবেদন নাকচ কৰিছে।

ন্যায়াধীশ সঞ্জীৱ খান্নাই কয় যে আমি দুটা নিৰ্দেশনা জাৰি কৰিছো। প্ৰথম নিৰ্দেশনাটো হ’ল যে চিম্বল লোডিং প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ইউনিটটো ছীল কৰি ল’ব লাগে। চিম্বল ষ্ট’ৰ ইউনিটটো কমেও ৪৫ দিনৰ বাবে ৰাখিব লাগে।

লগতে পঢ়কঃ Loksabha Election 2024: কংগ্ৰেছ কৰ্মীসকলক ‘আতংকিত’ কৰি ৰাখিছে অসম আৰক্ষীয়ে; অভিযোগ প্ৰদ্যুত বৰদলৈৰ

আদালতে কয়- গণতন্ত্ৰৰ উদ্দেশ্য হৈছে সমন্বয় বজাই ৰখা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক অন্ধভাৱে বিশ্বাস নকৰাটোৱে কোনো কাৰণ নোহোৱাকৈ সন্দেহৰ সৃষ্টি কৰিব পাৰে।

জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষনে কয় যে আমি ক’ব লগা আছিল যে এই ইভিএমবোৰৰ এটা মেমৰি আছে যাৰ সৈতে অদল-বদল কৰিব পাৰি। সেয়ে VVPAT পৰীক্ষা কৰিব লাগে। যিখন স্লিপ ওলায় সেইখন বেলট বক্সত ভৰাই মিলাই দিব লাগে।

ভূষণে কয়, ‘আমাৰ আৱেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচন আয়োগে তদন্ত কৰিব লাগে যে আমি সকলো বেলট পেপাৰত বাৰ ক’ড লগালে মেচিনৰ জৰিয়তে গণনা কৰিব পাৰি নে নাই।

ইয়াৰ পূৰ্বে বুধবাৰে উচ্চতম ন্যায়ালয়ে ইভিএমৰ জৰিয়তে দিয়া সকলো ভোটৰ ভিভিপিএটিৰ সৈতে মিলাবলৈ অনুৰোধ কৰা আবেদনসমূহৰ ওপৰত ৰায় সংৰক্ষিত কৰি ৰাখিছিল।

লগতে পঢ়কঃ Loksabha Election 2024: আজি দ্বিতীয় পৰ্যায়ত দেশৰ ৮৮টা সমষ্টিত ভোটগ্ৰহণ; বহু তাৰকা প্ৰাৰ্থীৰ ‘অগ্নিপৰীক্ষা’

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে কৈছিল যে ইভিএমৰ সন্দৰ্ভত সঘনাই উত্থাপিত প্ৰশ্নৰ উত্তৰ আয়োগে দিয়া উত্তৰত বিশেষ স্পষ্টতা নাই বাবে কিছুমান বিষয়ত স্পষ্টীকৰণৰ প্ৰয়োজন আছে।

বিচাৰপীঠে নিৰ্বাচন আয়োগৰ বিষয়াগৰাকীক ইভিএমৰ কাম-কাজৰ সৈতে জড়িত পাঁচটা প্ৰশ্ন উত্থাপন কৰিছিল।