• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো নাৰীৰ প্ৰতি পিতৃতান্ত্রিক মনোভাৱ! উচ্চতম ন্যায়ালয়ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:28 am
ফটো সৌজন্যঃ এ আই।

ফটো সৌজন্যঃ এ আই।

147
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰীৰ সাজ-পোছাক, শৰীৰ, জীৱনশৈলী, তেওঁলোকক নিয়ন্ত্ৰণৰ অদম্য প্ৰচেষ্টাৰ উদাহৰণৰ প্ৰতি পিতৃতান্ত্রিক মনোভাৱ সমাজত আগতেও বিদ্যমান আছিল৷ এতিয়াও ইয়াৰ অস্তিত্ব আছে আৰু ভৱিষ্যতেও থাকিব। তেনেদৰে দেখা নাযায় যদিও এই ৰোগে সমাজ ব্যৱস্থাক এতিয়াও কুৰুকি কুৰুকি খাইছে। দেশত যিমানেই উদাৰ আৰু যুগান্তকাৰী আইন প্ৰণয়ন নহওক কিয়, দেশৰ উচ্চতম ন্যায়ালয়ে নিজেই মন্তব্য কৰিছে যে লিংগ বৈষম্য এতিয়াও সমাজত সুপ্ৰতিষ্ঠিত।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কেৰল আৰু এন কোটিশ্বৰ সিঙে কয় যে প্ৰতিষ্ঠানিক পদক্ষেপৰ সাংবিধানিক সুৰক্ষা আৰু স্থিৰতা থকাৰ পিছতো বিষয়টো অতি প্ৰাসংগিক আৰু বাস্তৱ। তেওঁলোকৰ ভাষাত “নাৰীৰ প্ৰতি পিতৃতান্ত্রিক মনোভাৱ প্ৰতিদিনে স্পষ্ট হৈ পৰে।” তেওঁলোকৰ প্ৰশ্ন হ’ল “নাৰীৰ শৰীৰ, জীৱনশৈলী আৰু সৰ্বোপৰি ‘পছন্দ’ৰ প্ৰতি এনে পিতৃতান্ত্রিক আচৰণ কিয়?”

Apply Now

উচ্চতম ন্যায়ালয়ৰ এই পৰ্যবেক্ষণৰ উদ্ভৱ হৈছে পত্নীক হত্যা কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা এজন লোকৰ গোচৰৰ পৰা। ২০১১ চনত পত্নীক জ্বলাই হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা লোকজনৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰখাৰ সময়তে উচ্চতম ন্যায়ালয়ে কয় যে এই ঘটনাৰ আঁৰত ঘৰুৱা হিংসাৰ নৃশংসতা আছে। যৌতুকৰ বাবে অহৰহ অত্যাচাৰৰ বলি হৈছিল লোকজনৰ পত্নী। তেওঁক অত্যাচাৰ, প্ৰহাৰ আৰু গালি-গালাজ কৰা হৈছিল। তাৰ পিছত এদিন তেওঁক জ্বলাই মাৰিলে।

এই ঘটনাৰ উদ্ধৃতি দি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়, “দেশখনে স্বাধীনতা লাভ কৰাৰ সাত দশকৰো অধিক সময় পাৰ হৈ গ’ল। কিন্তু তথাপিও, নাৰীৰ প্ৰতি পিতৃতান্ত্রিক মনোভাৱৰ উদাহৰণ বাঢ়িয়ে আছে। ইয়াৰ অন্ত নাই। বিষয়টো এতিয়াও প্ৰাসংগিক। সাংবিধানিক মতাদৰ্শ আৰু জ্বলন্ত বাস্তৱৰ মাজৰ ব্যৱধান ৰৈ গৈছে।” উচ্চতম ন্যায়ালয়ে আৰু কয় যে সমাজত মহিলাৰ ওপৰত হোৱা হিংসাৰ ঘটনা বৃদ্ধি পাইছে। ২০২৩ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৪ লাখ ৪৮ হাজাৰৰো অধিক গোচৰ লিপিবদ্ধ হৈছিল। আৰু এতিয়াও প্ৰতি বছৰে যৌতুক সম্পৰ্কীয় হিংসাৰ গোচৰ চলি আছে। উচ্চতম ন্যায়ালয়ৰ মতে, এই পৰিসংখ্যাই প্ৰমাণ কৰে যে দীৰ্ঘদিন ধৰি নাৰীৰ প্ৰতি থকা পিতৃতান্ত্রিক মনোভাৱৰ সেই অৰ্থত কোনো পৰিৱৰ্তন হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd