দেশৰ একাংশ সংবাদমাধ্যমে যিধৰণে বাতৰি পৰিৱেশন কৰিছে তাত সাম্প্ৰদায়িকতাৰ ৰং লাগিছে। যোৱা বছৰ মাৰ্চত দেশত কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত তবলিগী জামাত সংগঠনৰ সমাৱেশক দায়ী কৰাক লৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল।
বৃহস্পতিবাৰে এটা গোচৰত এইদৰে মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে।
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই কয়,’’সমস্যাটো হ’ল একাংশ সংবাদমাধ্যমে দেশখনৰ সকলো বিষয়ে সাম্প্ৰদায়িকতাৰ দৃষ্টিভংগীৰে চায়। ইয়াৰ ফলত দেশৰ সুনাম বিনষ্ট হ’ব।‘’
যোৱা বছৰৰ মাৰ্চত দিল্লীৰ মাৰ্কাজ নিজামুদ্দিনত তবলিগী জামাতৰ সমাৱেশ হৈছইল। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত দাবী কৰা হৈছে যে বহু সংবাদমাধ্যমে কোভিডক সাম্প্ৰদায়িক ৰং দিছে।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে ৱেব প’ৰ্টেলসমূহকো ভৎসৰ্ণা কৰে। তেওঁ কয়,’’ৱেব প’ৰ্টেলসমূহ কেবল প্ৰভাৱশালী পক্ষৰ কথাই শুনে। দায়িত্বজ্ঞানহীনৰ দৰে প্ৰতিষ্ঠান তথা ন্যায়াধীশৰ বিৰুদ্ধে যি মন যায় তাকে লিখে। তেওঁলোকে প্ৰভাৱশালীসকলৰ বাবেহে উদ্বেগ দেখুৱায়। ন্যায়াধীশ, প্ৰতিষ্ঠান তথা সাধাৰণ মানুহক লৈ কোনো চিন্তা নাই। আমাৰ অভিজ্ঞতাই সেয়াই কয়।‘’
উল্লেখ্য যে যোৱা বছৰৰ মাৰ্চত দিল্লীৰ মাৰ্কাজ মছজিদত এক বিৰাট ধৰ্মীয় সমাৱেশৰ আয়োজন কৰিছিল তবলিগী জামাতে। সমাৱেশত দেশৰ লগতে বিদেশৰ পৰাও ইছলাম ধৰ্মাৱলম্বী লোক গোট খাইছিল।
হঠাতে দেশৰ কৰ’না পৰিস্থিতিৰ অৱনতি ঘটাত দেশজুৰি লকডাউন ঘোষণা কৰা হয়। তেতিয়া দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজ মছজিদেই কৰ’না সংক্ৰমণৰ কেন্দ্ৰ বুলি অভিযোগ উঠে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা সকলো ৰাজ্যকে সতৰ্ক কৰি দিয়াৰ লগতে তবলিগী জামাতৰ সদস্য কোনো বিদেশী লোকৰ সন্ধান পালে শীঘ্ৰে তেওঁলোকৰ শাৰীৰিক পৰীক্ষা কৰি কৰ’না আক্ৰান্ত হৈছে নেকি চাবলৈ কোৱা হৈছিল।