• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে আৰাৱলীৰ ৰায়; কেন্দ্ৰক কি নিৰ্দেশ দিলে শীৰ্ষ আদালতে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2025 3:35 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰাৱলী পৰ্বতৰ সংজ্ঞা সলনিৰ সৈতে জড়িত গোচৰটোৰ পূৰ্বৰ ৰায়দান স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। ২০ নৱেম্বৰৰ নিৰ্দেশ এতিয়াৰ বাবে কাৰ্যকৰী নহ’ব বুলি কোৱা হৈছে। উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২১ জানুৱাৰীত হ’ব।

মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে য’ত য’ত যি যি জটিলতা আছে সেইবোৰ মীমাংসা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছে। বিচাৰপীঠৰ আন দুজন সদস্য হৈছে ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ এ জি মছিহ।

Apply Now

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ লগতে ৰাজস্থান, গুজৰাট, দিল্লী আৰু হাৰিয়ানা (এই চাৰিখন ৰাজ্যত আৰাৱলী পৰে) চৰকাৰলৈও জাননী প্ৰেৰণ কৰিছে। আদালতে তেওঁলোকক এই  নিজাববীয়া (suo moto) গোচৰত তেওঁলোকৰ স্থিতি জনাবলৈ কৈছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে প্ৰতিবেদন বা যি ৰায়দান দিয়া হৈছে, সেইটোক লৈ কাম আৰম্ভ কৰাৰ পূৰ্বে স্বচ্ছ আৰু নিৰপেক্ষ প্ৰক্ৰিয়াৰ প্ৰয়োজন। যাৰ জৰিয়তে কেইবাটাও বিষয়ত স্পষ্ট নিৰ্দেশনা দিয়া হ’ব। উচ্চতম ন্যায়ালয়ে কয় যে পূৰ্বৰ পেনেলে আৰাৱলী সন্দৰ্ভত দিয়া প্ৰতিবেদন যদি কাৰ্যকৰী কৰা হয় তেন্তে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ মূল্যায়নৰ বাবে বিশেষজ্ঞৰ এখন সমিতি গঠন কৰিব লাগিব। পূৰ্বৰ কমিটীৰ অধিকাংশ সদস্যই আছিল আমোলা।

আৰাৱলী অঞ্চল খনিজ পদাৰ্থৰে চহকী। সেই অঞ্চলত খনন কৰিব পাৰি। কিন্তু উচ্চতম ন্যায়ালয়ে এই পৰিকল্পনা বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰিব লাগিব বুলি কৈছে আৰু আদালতে অনুমোদন নকৰালৈকে সেই পৰিকল্পনাৰ কাম আৰম্ভ কৰিব নোৱাৰিব। কেৱল সেয়াই নহয়, চূড়ান্ত সিদ্ধান্তলৈ অহাৰ আগতে অংশীদাৰসকলৰ দৃষ্টিভংগী আৰু মতামত (যিসকল সেই অঞ্চলৰ যিকোনো কামৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’ব পাৰে)ও ল’ব লাগিব বুলি আদালতে কয়।

যদিহে পাহাৰটো মাটিৰ পৰা ১০০ মিটাৰতকৈ বেছি ওখ নহয়, তেন্তে সেই পাহাৰটোক আৰু আৰৱলী পৰ্বতমালাৰ অংশ বুলি ধৰিব নোৱাৰি। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে দিয়া আৰাৱলীৰ এই সংজ্ঞাৰ ওপৰত উচ্চতম ন্যায়ালয়ে ছীলমোহৰ মাৰিছিল। ইয়াৰ পিছত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই সংজ্ঞা কাৰ্যকৰী হ’লে সেই অঞ্চলৰ সামগ্ৰিক পৰিবেশৰ ওপৰত বিপুল প্ৰভাৱ পৰিব, আৰু সমগ্ৰ উত্তৰ ভাৰতৰ পৰিবেশৰো পৰিৱৰ্তন হ’ব বুলি দাবী কৰা হৈছিল। এই প্রতিবেদন কার্যকৰী হ’লে আৰাৱলীৰ অধিকাংশ অঞ্চল আৰু পাহাৰ বুলি গণ্য কৰা নহ’ব বুলি প্রতিবাদকাৰীসকলে দাবী জনাইছে৷ অনিয়ন্ত্ৰিত খননৰ কাম বৃদ্ধি হোৱাৰ লগতে অঞ্চলটোৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰ ক্ষতিগ্ৰস্ত হ’ব।

কেৱল সেয়াই নহয়, বাধাহীন খনন কাৰ্য্যই দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ প্ৰদূষণ আৰু অধিক বৃদ্ধি কৰিব বুলি দাবী কৰা হৈছিল। যদিও চৰকাৰে সেই দাবী মানি ল’ব বিচৰা নাই, বাধাহীন খনন নহ’ব বুলি খোদ বনমন্ত্ৰীয়ে দাবী কৰিছিল। নতুন সংজ্ঞা অনুসৰি আৰৱালীৰ কোনো ক্ষতি নহ’ব।

এই উত্তেজনাৰ মাজতে উচ্চতম ন্যায়ালয়ে বিষয়টোত নিজাববীয়াকৈ (suo motu) হস্তক্ষেপ কৰে। সোমবাৰে দেশৰ শীর্ষ আদালতত শুনানি অনুষ্ঠিত হয়৷ উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায়দান স্থগিত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd