• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰ্বোচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খালে ৰাজনৈতিক দলসমূহে : মধ্যপ্ৰদেশ উপ নিৰ্বাচনৰ প্ৰচাৰত নিষেধাজ্ঞা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2020 4:39 pm
Story-4-1140x570
380
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমশ বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ উৎকণ্ঠা।

অহা ৩ নৱেম্বৰত ২৮ খন বিধানসভাৰ আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশত।

ক’ৰ’ণাকালীন অৱস্থাত সভা সমিতি অনু্ষ্ঠিত কৰি উপ নিৰ্বাচনৰ প্ৰচাৰৰ চলালে ৰাজ্যখনত ক’ৰ’ণাৰ প্ৰকোপ বৃদ্ধি পাব বুলি প্ৰকাশ কৰি নিৰ্বাচনী প্ৰচাৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ বেঞ্চ-এ এক নিষেধাজ্ঞা জাৰি কৰিছিল।

সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও এই নিষেধাজ্ঞাক বাহাল ৰাখি নিৰ্বাচন আয়োগক কঠোৰভাৱে ক’ৰ’ণা বিধি মানি চলিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে যোৱা ২০ অক্টোবৰত উপ নিৰ্বাচনৰ প্ৰচাৰৰ সংক্ৰান্তীয় এটা গোচৰৰ শুনানিৰ পিছত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ বেঞ্চ-এ ভাৰ্চুৱেলি নিৰ্বাচনী প্ৰচাৰৰ কৰিবলৈ প্ৰাৰ্থীসকলক নিৰ্দেশ দিছিল।

ন্যায়ালয়ে স্পষ্টভাৱে নিৰ্দেশ প্ৰদান কৰি কৈছিল যে কোনো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে ক’ৰ’ণা বিধি উলংঘা কৰি জনসভা আৰু জনসমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব।

ইফালে যিবোৰ অঞ্চলত ভাৰ্চুৱেলি প্ৰচাৰ কৰা সম্ভৱ নহয় সেইবোৰ ঠাইত সীমিত সংখ্যক লোকৰ উপস্থিতিত সভাৰ আয়োজন কৰিলেও জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ লগতে নিৰ্বাচন আয়োগৰো অনুমতি ল’ব লাগিব দল তথা প্ৰাৰ্থীয়ে।

সভাত কিমানজন লোক উপস্থিত থাকিব তাৰ হিচাপ জিলা প্ৰশাসনক আগতীয়াকৈ দিব লাগিব আৰু তাতকৈ এজনো অধিক লোক উপস্থিত থাকিব নোৱাৰিব। আৰু উপস্থিত থাকবিলগীয়া লোকৰ দ্বিগুণ মাস্ক আৰু চেনিটাইজাৰৰ প্ৰশাসনৰ হাতত আগতীয়াকৈ জমা দিব লাগিব প্ৰাৰ্থীয়ে।

গোৱালিয়ৰ বেঞ্চৰ এই ৰায়ৰ পিছতে আৰম্ভ হয় বিতৰ্কৰ। ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহে এই ৰায়ৰ বিৰোধিতা কৰি সৰ্বোচ্চ ন্যায়ালয় আৰু নিৰ্বাচন আয়োগৰ দাৰস্থ হয়। আনকি বিজেপিৰ দুজন প্ৰাৰ্থীয়ে পৃথকে পৃথকে উচ্চতম ন্যায়ালয়ত এই ৰায়ৰ বিৰুদ্ধে আবেদনো কৰে।

আৰু আজি সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ বেঞ্চৰ পূৰ্বৰ ৰায়কে বাহাল ৰাখে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd