• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্ট্ৰেলিয়া শৃংখলা জয় কৰি হাতত ট্ৰফী লৈ সূৰ্যকুমাৰ; ‘স্পৰ্শটো কৰিব পাৰিলোঁ’, এছিয়া কাপ বিতৰ্কক কটাক্ষ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2025 8:22 am
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে পুনৰবাৰ অষ্ট্ৰেলিয়াৰ মাটিত ইতিহাসৰ সৃষ্টি কৰিলে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে পাঁচখন খেলৰ টি-২০ শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰি ১৩ বছৰৰ অপৰাজিত অভিলেখ বজাই ৰাখিছে। শনিবাৰে ব্রিজবেনত অনুষ্ঠিত হোৱা অন্তিমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হ’লেও যদিও টিম ইণ্ডিয়াই শৃংখলাত জয়লাভ কৰে৷ কিন্তু ট্ৰফী লাভ কৰাৰ মুহূৰ্তত সূৰ্য্যকুমাৰে দিয়া এটা মন্তব্যই এছিয়া কাপৰ বিতৰ্কক পুনৰ আলোচনাৰ মাজলৈ আনিলে।

সাংবাদিকে সোধাত সূৰ্যকুমাৰ যাদৱে হাঁহি হাঁহি কয়, “ট্ৰফী হাতত লৈ সঁচাকৈয়ে ভাল লাগে। আচলতে জয়ৰ পিছত ট্ৰফীটো হাতত ধৰি ৰখাৰ অনুভৱটো বেলেগ। কিছুদিন আগতে আমাৰ মহিলা দলো বিশ্বকাপ জিকিছিল, সেই ট্ৰফীও দেশলৈ আহিছে। এইবাৰ এই ট্ৰফীটো চুই ভাল লাগিছে, অন্ততঃ এইবাৰ ট্ৰফীটো চুবলৈ সক্ষম হৈছো।”, বহুতেই ভাবিছে যে অধিনায়কৰ মন্তব্যত এটা কৌতুক লুকাই আছে, যিয়ে এছিয়া কাপৰ ট্ৰফী বিতৰ্কৰ ইংগিত দিয়ে।

Apply Now

উল্লেখ্য যে ২০২৫ চনৰ এছিয়া কাপ জয় কৰাৰ পিছতো ভাৰতীয় দলটোৱে ট্ৰফী লাভ কৰা নাছিল। সেই ট্ৰফী এতিয়াও ডুবাইৰ এছিয়ান ক্ৰিকেট কাউন্সিলৰ (এচিচি) কাৰ্যালয়ত আছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে তেওঁৰ অনুমতি অবিহনে ট্ৰফী আঁতৰাব নোৱাৰিব বুলি নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। আনকি তেওঁ ভাৰতীয় দলে তেওঁৰ হাতৰ পৰা ট্ৰফী ল’বলৈ দাবী জনায়, যিটো অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু টিম ইণ্ডিয়াই স্পষ্টভাৱে নাকচ কৰে।

পেহেলগামত পাকিস্তানী উগ্ৰপন্থীৰ আক্ৰমণত ২৬ জন ভাৰতীয়ৰ মৃত্যুৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ সম্পৰ্কত ফাট মেলিছে। কেইমাহমানৰ ভিতৰতে পাকিস্তানৰ সৈতে ভাৰতৰ ক্ৰিকেট খেলক লৈ যথেষ্ট সমালোচনাৰ সৃষ্টি হয়। লগতে পাকিস্তান ক্ৰিকেট দল বৰ্জনৰ আহ্বান। অৱশ্যে শেষত খেলপথাৰত মুখামুখি হ’ল ভাৰত আৰু পাকিস্তান। প্ৰতিবাৰেই জয়ী হৈছিল টিম ইণ্ডিয়াই।

এছিয়া কাপৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰে সূৰ্য্য বাহিনীয়ে। ক্ৰীড়া মহলে দাবী কৰিছে যে ভাৰতীয় দলটোৱে খেলৰ পিছত পেহেলগামত নিহতসকলক শ্ৰদ্ধা জনাই পাক ক্ৰিকেটাৰসকলৰ সৈতে হাত নিমিলালে আৰু পিচিবিৰ অধ্যক্ষৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই কৈছে যে ট্ৰফী বিবাদ নিষ্পত্তিৰ বাবে দুয়োখন ব’ৰ্ডৰ মাজত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। শেহতীয়াকৈ আই চি চিৰ বৈঠকৰ সময়ত ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়, যিটো এতিয়ালৈকে ইতিবাচক বুলি বিবেচিত হৈছে।

তেওঁৰ ভাষাত, “দুয়ো পক্ষই গঠনমূলক আলোচনাত অংশ লৈছে। আইচিচিৰ উপস্থিতিত আলোচনা আৰম্ভ হৈছে আৰু অনাগত দিনত যদি বিষয়টো ইতিবাচক দিশত আগবাঢ়ে তেন্তে সমস্যাটো অতি সোনকালে সমাধান হ’ব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd