NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত হাস্পতালৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা এজন ৰোগীৰ

March 19, 2020 9:57 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত এজন ৰোগীয়ে চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে চিকিৎসালয়ৰ ওপৰৰ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে।

এই কথা প্ৰকাশ কৰিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই।

৩৫ বছৰীয়া এজন ব্যক্তিক অষ্ট্ৰেলিয়াৰ ছিডনীৰ পৰা উভতি অহাৰ পিছত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত দিল্লীৰ চফ্ডাৰাজং হাস্পতালত ভৰ্তি কৱোৰা হৈছিল।

ব্যক্তিজনে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহত বুধবাৰে নিশা চিকিৎসালয়খনৰ সাত মহলাৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰে বুলি দিল্লী আৰক্ষীয়েও প্ৰকাশ কৰিছে।

ব্যক্তিজনে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ কৰিলেও সেয়া নিশ্চিত হোৱা নাছিল। তেওঁৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল যদিও নমুনা পৰীক্ষা ফলাফল অহা নাছিল, চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ ভাষ্য।

দক্ষিণ-পূৱ দিল্লীৰ আৰক্ষীৰ উপ আয়ুক্ত ডীফেন্দৰ আৰ্যই কয় যে শ্বহীদ ভগত সিং নগৰৰ ব্যক্তিজন যোৱা বছৰলৈকে অষ্ট্ৰেলিয়াৰ নিৱাসী আছিল।

ব্যক্তিজনে ইয়াৰ ইণ্ডিয়াৰ বিমান যোগে দিল্লীৰ ইন্দিয়া গান্ধীৰ বিমান বন্দৰত পোৱাৰ পিছত মূৰৰ বিষত ভুগিছিল আৰু তেওঁক উক্ত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

Related News