• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওত অগপ নেতাক বিচাৰি হাতত এ কে ৪৭ লৈ সন্দেহযুক্ত উগ্ৰপন্থী !

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
August 23, 2018 4:31 pm
হাফলঙৰ অগপ কাৰ্যালয়ত এক সংবাদমেল

বৃহস্পতিবাৰে হাফলঙৰ অগপ কাৰ্যালয়ত অগপ ট্ৰাইবেল পৰিষদৰ সভাপতি ফিৰ'জ লাংথাচাই এক সংবাদমেলত বক্তৱ্য ৰাখিছে। ফটো : পংকজ কুমাৰ দেব

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাও জিলাত আকৌ আৰম্ভ হৈছে সন্দেহযুক্ত উগ্ৰপন্থীৰ দপদপনি। পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ হাজাদিচা পৰিষদীয় সমষ্টিত নিশাৰ আন্ধাৰত হাতত এ কে ৪৭ হাতত লৈ অগপ নেতাৰ সন্ধানত বিচৰণ কৰিছে উগ্ৰপন্থী দল। অগপৰ ডিমা হাচাও জিলা ট্ৰাইবেল পৰিষদৰ সভাপতি ফিৰ’জ লাংথাচাক বিচাৰি চলিছে উগ্ৰপন্থীৰ এই অভিযান।

আজি হাফলঙৰ অগপ কাৰ্যালয়ত এক সংবাদমেল পাতি উগ্ৰপন্থীয়ে ভাবুকি দিয়া তথা উগ্ৰপন্থীৰ দলে মাৰণাস্ত্ৰলৈ তেওঁৰ সন্ধান কৰি থকাৰ কথা নিজ মুখে সদৰী কৰে অগপ ট্ৰাইবেল পৰিষদৰ সভাপতি ফিৰ’জ লাংথাচায়।

Apply Now

তেওঁ কয় যে যোৱা দেওবাৰে হাজাদিচা পৰিষদীয় সমষ্টিৰ দৈৰাঙ্গি গাওঁত অগপ যুৱ পৰিষদৰ সভা সামৰি হাজাদিচাৰ নাবলাইদিচা গাওঁৰ নিজ  ঘৰত শুৱলৈ যোৱাৰ সময়ত ৰাতি দুটা মান বজাত পাঁচ জনীয়া উগ্ৰপন্থীৰ এটা দলে হাতত এ কে ৪৭ লৈ ঘৰৰ দুৱাৰত টুকুৰিয়ায়। উগ্ৰপন্থীকেইজনৰ এজনে টি-ছাৰ্ট পৰিধান কৰাৰ বাহিৰে বাকি চাৰি জনে সেনাৰ পোছাক পৰিধান কৰি আহিছিল।

আনহাতে, হাজাদিচাৰ দিদাম্ব্ৰা গাঁওত লাংথাচাৰ এখন বেচৰকাৰী আবাসিক বিদ্যালয়তো একেই দিনাই নিশা উগ্ৰপন্থীৰ দলটো মাৰণাস্ত্ৰলৈ উপস্থিত হৈ  বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীক ফিৰ’জ লাংথাচাৰ বিষয়ে সোধাপোছ কৰে।

ডিমা হাচাও জিলাত আজিৰ দিনত আপাতত: কোনো উগ্ৰপন্থী নাই। যিবোৰ উগ্ৰপন্থী আছিল চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰি এতিয়া মূলসুঁতিলৈ ঘুৰি অহাৰ উপৰি অবৈধ মাৰণাস্ত্ৰসমূহ চৰকাৰৰ ঘৰত জমা দিছে। তেনেক্ষেত্ৰত এতিয়া এ কে ৪৭ ৰাইফেল হাতত লৈ সেনাৰ পোছাক পৰিধান কৰি ৰাতিৰ আন্ধাৰত ভয় ভাবুকি দিয়া সকলক কোনে সহযোগ কৰি আছে ? লাংথাচাই এনে ঘটনাৰ চৰকাৰক তদন্ত কৰাৰ লগতে ঘটনাত জড়িত অপৰাধীক গ্ৰেপ্তাৰৰ দাবী জনায়। ইয়াৰ অন্যথা বৃহত্তৰ প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।

ইতিমধ্যে এই সন্দৰ্ভত লাংথাচাই মাইবাঙ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। লাংথাচাই এই ঘটনাক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। আনহাতে জিলা অগপ সভাপতি বকুল বড়োয়েও এনে ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অহা চেপ্টেম্বৰ বা নৱেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ কথা আৰু ফিৰ’জ লাংথাচা হৈছে অগপ দলৰ হাজাদিচা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd