• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭০সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দলত নাথাকে স্বৰাজ অসমৰ ভবেন সন্দিকৈ; কিন্তু কিয়?

এক দল এখন পতকা, এখন সংবিধান নীতিত দ্বি-মত, AJPৰে লগ লগাৰ বিৰোধিতা স্বৰাজ অসমৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 22, 2020 1:12 pm
WhatsApp Image 2020-09-22 at 11.25.25 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কা বিৰোধী ৭০সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দলত নথকাৰ সিদ্ধান্ত লৈছে স্বৰাজ অসমৰ মুখ্য আহ্বায়ক ভবেন সন্দিকৈয়ে।

৭০’ সংগঠনৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা ইতিমধ্যে জনাই দিছে সন্দিকৈয়ে।

Apply Now

পত্ৰখনত সন্দিকৈয়ে প্ৰস্তাৱিত ৰাজনৈতিক দলত নথকাৰ সিদ্ধান্ত লোৱাৰ কাৰণো বাখ্যা কৰে।

প্ৰথমে তেওঁ চিঠিত লিখি কয় “দুদিনমান আগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পেডত’ ৭০সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দল গঠন’ সৰ্ন্দভত আলোচনাৰ নিমন্ত্ৰণী পত্ৰখন পালোঁ। ইয়াৰ আগতেও বিগত ৮ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা সভাখনৰ বাবে নিমন্ত্ৰণ পাইছিলো যদিও স্বাস্থ্যজনিত কাৰণত উপস্থিত থাকিব নোৱাৰাৰ কথা কৃষক মুক্তি সংগ্ৰাম সমিতি সন্মানীয় যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ ডাঙৰীয়া আৰু সংগঠনটোৰ সন্মানীয় সভাপতি ভাস্ক’ডি শইকীয়া ডাঙৰীয়াই ফ’ন কৰোতে জনাইছিলো। আৰু এই সভাখনতে এটা ঐক্যবদ্ধ,আপোচবিহীন আঞ্চলিক দল গঠনৰ স্বাৰ্থত সদৌ অসম ছাত্ৰসন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে শিৱসাগৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।”

সভাখনৰ দ্বিতীয় প্ৰস্তাৱটি নিশ্চিতভাৱে অত্যন্ত জৰুৰী আৰু সময়োপযোগী আছিল বুলি উল্লেখ কৰে যদিও প্ৰথম প্ৰস্তাৱত দ্বি-মত পোষণ কৰে সন্দিকৈয়ে।

তেওঁ কয় “প্ৰথম সিদ্ধান্তটো সংগঠন সমূহৰ সামূহিক সিদ্ধান্ত হিচাপে মানিবলৈ বাধ্য হ’লেও ই সঠিক যেন আমাৰ লগা নাছিল। পৰবৰ্তী সময়ত ৭০ সংগঠনৰ নেতৃত্বৰ লগত আলোচনা নকৰাকৈ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক একত্ৰিত দল সৰ্ন্দভত ডেডলাইন দিয়া কাৰ্য  আৱেগিক  সিদ্ধান্ত বুলি আমি ভাবো।”

কৃষক মুক্তিৰ দৃষ্টিত ৰণ-কৌশলগতভাবে ই শুদ্ধ সিদ্ধান্ত হ’লেও এনে ধৰণৰ কাম-কাজ জাতীয় স্বাৰ্থৰ পৰিপন্থী বুলি উল্লেখ কৰে সন্দিকৈয়ে।

তেওঁ আৰু লিখি কয়, “আমাৰ এনে কাম-কাজে  আঞ্চলিক-জাতীয়তাবাদী শক্তিৰ সমৰ্থকসকলক কিমান হতাশ কৰিছে,খবৰ ৰখা মহলে জানে। এই কথাবোৰ আপোনালোকৰ প্ৰস্তাৱিত দলটো গঠিত হোৱা পিছত আপোনালোকেও অনুধাৱন কৰিব পাৰিব।”

উক্ত চিঠিতে সন্দিকৈয়ে স্পষ্ট কৰি কয়, “জাতিৰ মূল শত্ৰু বিজেপি চৰকাৰখনক ওফৰোৱাৰ স্বাৰ্থত সমূহ আঞ্চলিকতাবাদী শক্তিক একত্ৰিত কৰি এক দল, এক প্ৰতীক আৰু পতাকাৰ তললৈ অনাস প্ৰয়াস নিশ্চিতভাৱে আদৰণীয় হ’লেও ই বাস্তৱসন্মত বুলি আমি নেভাবো।”

“এনে এক প্ৰয়াসৰ লগত জড়িত হোৱাৰ অভিজ্ঞতা আমাৰ ইতিমধ্যে হৈছে আৰু সেই বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত কথাখিনি কৈছো। সেয়ে এনে প্ৰয়াসে যদি জাতিটোৰ স্বাৰ্থ সুৰক্ষাৰ বিপৰীতে আত্মঘাতী ৰূপ লয়, নিশ্চিতভাৱে ইয়াৰ বিৰোধিতা কৰিম,”-সন্দিকৈয়ে চিঠিত উল্লেখ কৰিছে।

তেওঁ লগতে কয়, “আৰু এনে এক প্ৰয়াস আমি কিমান আন্তৰিকতাৰে কৰিছিলো, তাক অন্ততঃ কৃষক মুক্তিৰ শীৰ্ষ দুই-এজন নেতাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সম্পাদক পলাশ চাংমাই ডাঙৰীয়া সহ কিছু  লোকে জানে। এই সময়ত সকলোবোৰ কথা ৰাজহুৱা কৰাটো মোৰ বিবেক, নীতি-বিৰুদ্ধ হ’ব। সময়ত কথাবোৰ নিশ্চিতভাৱে কম, ক’ব লাগিব।”

এনে বহু ঘটনা-পৰিঘটনাৰ প্ৰেক্ষাপটত ৭০সংগঠনৰ নেতৃত্বত জন্ম হ’বলগীয়া  প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ প্ৰতি শুভেচ্ছা জনাইও এই প্ৰক্ৰিয়াৰ অংশীদাৰ নোহোৱাৰ সিদ্ধান্ত লৈছে স্বৰাজ অসমে।

অৱশ্যে ভবিষ্যতলৈ কা বিৰোধী ৭০ সংগঠনৰ নেতৃত্বত হোৱা জাতি ৰক্ষাৰ সকলো যুঁজত সহযোগ কৰিব বুলি তেওঁ উল্লেখ কৰে।

“ইয়াৰ বিপৰীতে জাতিটোৰ স্বাৰ্থত মাত মাতি অহা সকলো সৰু-বৰ জাতীয়-আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ নিজস্ব স্বকীয়তা, চৰিত্ৰ দৃষ্টিভংগী ৰক্ষা কৰি এক লক্ষ্য লৈ ন্যূনতম কাৰ্যসুচীৰে নিৰ্বাচনী যুঁজৰ পথাৰত নামিব পাৰো, তাৰ বাবে কাম কৰি যাম। এইক্ষেত্ৰত আমি একলগ হৈ জাতিটোৰ মূল শত্ৰু বিজেপি নেতৃত্বাধীন ফেচিবাদী-সাম্প্ৰদায়িক, স্বৈৰাচাৰী চৰকাৰখনক প্ৰতিহত কৰাৰ স্বাৰ্থত ব্যক্তিগত অহমিকা, স্বাৰ্থ আৰু জেদ এৰিবলৈ সাঁজু হ’ব লাগিব।” তেওঁ এইদৰে কয়।

ইপিনে, সন্দিকৈৰ বিশ্বস্ত এক সূত্ৰই সদৰী কৰা মতে তেওঁ যদি হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে তেন্তে সন্দিকৈয়ে নিৰ্দলীয়ভাৱে তাত প্ৰতিদ্বন্দিতা কৰিব।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি সাৰদা আৰু লুইছ বাৰ্জাৰ কেলেংকাৰিৰ বিৰুদ্ধে সৰৱ হৈ হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি গুৰুতৰ অভিযোগ তোলাৰ লগতে CBI ত গোচৰ দিছিল ভবেন সন্দিকৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd