টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে টাইৱানৰ বায়ু সীমা উলংঘা কৰা বাবে চীনৰ চু-৩৫ ফাইটাৰ জেট ভষ্মীভূত কৰা বাতৰিক অস্বীকাৰ কৰিছে।
টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ নিকোলা স্মিথে দেইলি টেলিগ্ৰাফত চীনৰ চু-৩৫ ফাইটাৰ জেট ভষ্মীভূত কৰা বাতৰিক খণ্ডন কৰে।
টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে চীনৰ দ্বাৰা উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰাৰ এনেধৰণৰ মিছা বাতৰিক গৰিহণা দিয়াৰ লগতে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা কৰা কাৰ্য্যক সমালোচনা কৰে।
উল্লেখযোগ্য যে, বিগত সময়ছোৱাতো চীনৰ ফাইটাৰ জেটে বহুবাৰ টাইৱানৰ বায়ু সীমা উলংঘা কৰাৰ বাবে চেষ্টা কৰিছিল যদিও টাইৱানৰ বায়ু সেনা বাহিনীয়ে চীনা ফাইটাৰ জেটৰ এনে প্ৰচেষ্টাক ব্যৰ্থ কৰিছিল।
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা চীনে ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ যেনে ভাৰত, টাইৱান, জাপান আদিৰ সৈতে সংঘাত আৰম্ভ কৰিছে।
চীনে পূৱ লাডাখত ভাৰতৰ সীমা উলংঘা কৰিবলৈ চেষ্টা চলোৱাক লৈ ভাৰত আৰু চীনৰ সেনা বাহিনীৰ মাজত সংঘাত অব্যাহত আছে।