• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাংবাদিকতাৰ পৰা জাপানৰ শাসনলৈ ঐতিহাসিক যাত্ৰা: জাপানে লাভ কৰিলে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2026 8:11 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি দেওবাৰে অনুষ্ঠিত আকস্মিক নিৰ্বাচনত (Snap Election) প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে এক বিশাল বিজয় সাব্যস্ত কৰিছে। তেওঁৰ নেতৃত্বাধীন লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (LDP) আৰু মিত্ৰজোটে ৪৬৫ জনীয়া নিম্ন সদনত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ষমতা পুনৰ দখল কৰিছে। দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে ছানায়ে তাকাইচিৰ এই জনাদেশে কেৱল তেওঁৰ স্থিতিকেই সুদৃঢ় কৰা নাই, বৰঞ্চ তেওঁৰ ‘ছানাএনোমিক্স’ আৰু সংবিধান সংশোধনৰ যি উচ্চাভিলাষী পৰিকল্পনা, তাকো এক নতুন গতি প্ৰদান কৰিছে। ২০২৫ চনৰ ২১ অক্টোবৰত পুৰুষ প্ৰধান ৰাজনৈতিক পৰিৱেশ থকা দেশৰ প্ৰথমগৰাকী মহিলা নেত্ৰী হিচাপে পৰিগণিত হৈছিল তাকাইচি। পুৰুষতান্ত্ৰিক ৰাজনীতিৰ বাবে পৰিচিত জাপানত তেওঁৰ এই উত্থান বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছিল।

১৯৯৩ চনত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা ছানাই তাকাইচিয়ে পৰৱৰ্তী সময়ত LDP-ত যোগদান কৰে। তেওঁ প্ৰয়াত প্ৰধানমন্ত্ৰী চিনজো আৱেৰ এজন ঘনিষ্ঠ সহযোগী আছিল। ইয়াৰ পূৰ্বে তেওঁ দেশৰ আভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, য’ত তেওঁ কঠোৰ সংবাদ মাধ্যম নিয়ন্ত্ৰণ আৰু দূৰসংযোগ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে পৰিচিত হৈছিল।

Apply Now

প্ৰধানমন্ত্ৰী তাকাইচি অৰ্থনৈতিক নীতি ‘ছানাএনোমিক্স’ (Sanaenomics) নামেৰে জনাজাত। এই নীতিয়ে মূলত সামৰিক ব্যয় বৃদ্ধি আৰু আক্ৰমণাত্মক বিত্তীয় নীতিৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ জাপানৰ শান্তিবাদী সংবিধান সংশোধনৰ এগৰাকী প্ৰবল সমৰ্থক। চীন আৰু উত্তৰ কোৰিয়াৰ পৰা অহা ভাবুকিৰ বিৰুদ্ধে দেশৰ ‘আত্মৰক্ষা বাহিনী’ক অধিক শক্তিশালী কৰিবলৈ তেওঁ সংবিধানত সালসলনি কৰিব বিচাৰে।

চলিত বৰ্ষৰ ১৯ জানুৱাৰীত ছানায়ে তাকাইচিয়ে হঠাতে নিৰ্বাচনৰ আহ্বান জনাইছিল। যিহেতু তেওঁক দলৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল আৰু জনসাধাৰণৰ দ্বাৰা নহয়, সেয়েহে তেওঁ পোনপটীয়াকৈ জনসাধাৰণৰ পৰা এক শক্তিশালী জনাদেশ (Public Mandate) বিচাৰিছিল। বিশ্লেষকসকলৰ মতে, তেওঁৰ জনপ্ৰিয়তা প্ৰায় ৭০ শতাংশলৈ বৃদ্ধি পোৱা সময়তে এই সুযোগ গ্ৰহণ কৰি তেওঁ নিজৰ ক্ষমতা সুদৃঢ় কৰি লয়।

জাপানৰ প্ৰাচীন ৰাজধানী নাৰাত জন্মগ্ৰহণ কৰা ছানায়েৰ পিতৃ এগৰাকী মেচিনেৰী নিৰ্মাতা আছিল আৰু মাতৃ আছিল এগৰাকী আৰক্ষী বিষয়া। কোবে বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰা তাকাইচিয়ে ৰাজনীতিলৈ অহাৰ পূৰ্বে আমেৰিকাত এগৰাকী ‘ইন্টাৰ্ন’ হিচাপে কাম কৰাৰ উপৰিও এগৰাকী টেলিভিছন ব্যক্তিত্ব আৰু লেখিকা হিচাপেও পৰিচিত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd