তামিলনাডুৰ কৃষ্ণগিৰি জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা। শাসকীয় দ্ৰাবিড়া মুন্নেত্ৰা কাজাগাম অৰ্থাৎ ডিএমকে দলৰ এজন যুৱ শাখাৰ নেতাক এজনী মাত্ৰ আঢ়ৈ বছৰীয়া শিশুক যৌন নিৰ্যাতন আৰু হত্যা কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয় গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে শিশুটিৰ মাতৃৰ সৈতে অভিযুক্ত পেৰিয়ানায়গাম লিভ-ইন সম্পৰ্কত আছিল। যোৱা ডিচেম্বৰ মাহত শিশুটিৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাত হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।
প্ৰথম অৱস্থাত এই মৃত্যুক স্বাভাৱিক বুলি গণ্য কৰা হৈছিল যদিও শিশুটিৰ জন্মদাতা পিতৃয়ে এই ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ ওপৰত এক বিতং তদন্ত চলায় আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰাৰম্ভিক ৰিপোৰ্টত শিশুটিৰ শৰীৰত গুৰুতৰ আভ্যন্তৰীণ আঘাত থকাৰ কথা ধৰা পৰে।
আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে অভিযুক্তই শিশুটিক যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ ভিত্তিত আৰক্ষীয়ে পকচো আইনৰ লগতে হত্যাৰ গোচৰ ৰুজু কৰি অভিযুক্তক জেৰা কৰিছে আৰু অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
এই ঘটনাই বৰ্তমান তামিলনাডুৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। বিৰোধী দলসমূহে শাসকীয় ডিএমকে চৰকাৰক লক্ষ্য কৰি লৈছে আৰু ৰাজ্যখনত মহিলা তথা শিশুৰ নিৰাপত্তা সুনিশ্চিত কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ তুলিছে।
তামিলগা ভেট্ৰি কাজাগামৰ সাধাৰণ সম্পাদক আধৱ অৰ্জুনে চৰকাৰৰ সমালোচনা কৰি কৈছে যে চৰকাৰৰ উদাসীনতাৰ বাবেই অপৰাধীৰ মনোবল বৃদ্ধি পাইছে। আনহাতে ডিএমকে চৰকাৰে এই অভিযোগৰ প্ৰত্যুত্তৰ দি জনাইছে যে তেওঁলোকে এনে ধৰণৰ অপৰাধৰ বিৰুদ্ধে সদায় শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আগন্তুক কেইমাহমানৰ পিছতে তামিলনাডুত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে এক সন্ধিক্ষণত সংঘটিত হোৱা এই লোমহৰ্ষক ঘটনাই এতিয়া ৰাজনৈতিক ৰূপ ধাৰণ কৰিছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধৰ ইছ্যুটো নিৰ্বাচনৰ পূৰ্বে শাসক আৰু বিৰোধীৰ মাজত এক ডাঙৰ সংঘাতৰ কাৰণ হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে। বৰ্তমান আৰক্ষীয়ে ফৰেনচিক ৰিপোৰ্টৰ বাবে অপেক্ষা কৰি আছে যাতে আদালতত অভিযুক্তৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ দাখিল কৰিব পৰা যায়।





